• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰাগাৰত বন্দী পাক ক্ৰিকেটাৰ ইমৰাণ খানৰ দৃষ্টিশক্তি প্ৰায় হেৰাই যোৱাৰ উপক্ৰমঃ চাঞ্চল্যকৰ দাবী পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 7:46 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ স্বাস্থ্যক লৈ বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পাকিস্তানৰ আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা ইমৰাণ খানৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটা বুলি তেওঁৰ পুত্ৰ কাছিম খানে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে। কাছিমৰ মতে, দীৰ্ঘদিন ধৰি একাকী কাৰাবন্দী কৰি ৰখা আৰু সঠিক চিকিৎসাৰ অভাৱৰ বাবে তেওঁৰ পিতৃৰ এটা চকুৰ দৃষ্টিশক্তি প্ৰায় নাইকিয়া হৈ পৰিছে। ইমৰাণ খানে বৰ্তমান নিজৰ সোঁ চকুৰে মাত্ৰ ১৫ শতাংশহে দেখা পাইছে বুলি তেওঁৰ পুত্ৰই সামাজিক মাধ্যমত উল্লেখ কৰিছে।

ইমৰাণ খানৰ এই শাৰীৰিক অৱস্থাৰ বাবে তেওঁৰ পুত্ৰই দেশৰ বৰ্তমানৰ চৰকাৰ আৰু সামৰিক নেতৃত্বক প্ৰত্যক্ষভাৱে দায়ী কৰিছে। কাছিম খানে অভিযোগ কৰিছে যে এয়া কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ৯২২ দিন ধৰি কৰা মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ এক পৰিণতি। তেওঁ সেনা প্ৰধান অসীম মুনিৰ আৰু প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে এই সকলোবোৰ কাৰাগাৰ কৰ্তৃপক্ষৰ অবহেলা আৰু শাসনত থকা লোকসকলৰ নিৰ্দেশতে ঘটিছে। তেওঁৰ মতে, ইমৰাণ খানক উচিত চিকিৎসা আৰু তেজৰ পৰীক্ষাৰ পৰাও বঞ্চিত কৰা হৈছে।

Apply Now

আনহাতে ইমৰাণ খানৰ দুই পুত্ৰ বৰ্তমান ব্ৰিটেইনত থাকে আৰু তেওঁলোকে জনোৱা মতে তেওঁলোকক পিতৃক দেখা কৰিবলৈ পাকিস্তান চৰকাৰে ভিছা প্ৰদান কৰা নাই। কাছিমে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাসমূহক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ইমৰাণ খানৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হৈছে সেয়া গণতন্ত্ৰৰ পৰিপন্থী আৰু ইয়াৰ বাবে দায়ীসকলে এদিন পৰিণতি ভোগ কৰিব লাগিব। ইয়াৰ মাজতে খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী সোহেইল আফ্ৰিদীয়েও এই ঘটনাক চৰকাৰৰ ঘোৰ গাফিলতি বুলি গৰিহণা দিছে।

প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদগৰাকী ২০২৩ চনৰ পৰাই দুৰ্নীতিৰ বিভিন্ন গোচৰত কাৰাগাৰত বন্দী হৈ আছে। যদিও চৰকাৰে সকলো আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা বুলি দাবী কৰিছে, পিটিআই সমৰ্থকসকলে ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। শেহতীয়াকৈ ইছলামবাগ উচ্চ ন্যায়ালয়ে ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত ইমৰাণ খানৰ এক বিশদ চিকিৎসা পৰীক্ষাৰ নিৰ্দেশ দিছে। বৰ্তমান সমগ্ৰ পাকিস্তানতে ইমৰাণ খানৰ স্বাস্থ্যক লৈ এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd