বৰ্তমানৰ যান্ত্ৰিক যুগত স্মাৰ্টফোন আমাৰ দেহৰ এক অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে। ৰাতিপুৱা চকু মেলাৰ পৰা নিশা শোৱালৈকে আমাৰ দৃষ্টি আবদ্ধ থাকে মোবাইলৰ পৰ্দাত। কিন্তু এই অতিমাত্ৰা ডিজিটেল নিৰ্ভৰশীলতাই আমাৰ অজ্ঞাতসাৰেই মগজু আৰু মানসিক স্বাস্থ্যৰ ওপৰত এক নীৰৱ ঘাতকৰ দৰে প্ৰভাৱ পেলাইছে। এই বিষয়ত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে মনোৰোগ বিশেষজ্ঞ ডাঃ পবিত্ৰ শংকৰে। তেওঁৰ মতে, বৰ্তমানৰ প্ৰেক্ষাপটত ‘ডিজিটেল ডিটক্স’ কোনো বিলাসিতা নহয়, বৰঞ্চ সুস্থ জীৱনশৈলীৰ বাবে এক অপৰিহাৰ্য প্ৰয়োজনীয়তা।
ডিজিটেল ডিটক্স আচলতে কি?
সহজ ভাষাত ক’বলৈ গ’লে, ডিজিটেল ডিটক্স মানে হ’ল এক নিৰ্দিষ্ট সময়ৰ বাবে স্মাৰ্টফোন, কম্পিউটাৰ আৰু ছ’চিয়েল মিডিয়াৰ পৰা সচেতনভাৱে বিৰতি লোৱা। ইয়াৰ উদ্দেশ্য হ’ল কৃত্ৰিম জগতৰ পৰা আঁতৰি আহি বাস্তৱ পৃথিৱী, পৰিয়াল আৰু নিজৰ বাবে সময় উলিওৱা। ডাঃ শংকৰৰ মতে, ইয়াৰ দ্বাৰা আমি মগজুক অবিৰত তথ্যৰ বোজাৰ পৰা জিৰণি দি পুনৰ সজীৱ কৰি তুলিব পাৰোঁ।
ছ’চিয়েল মিডিয়াৰ অদৃশ্য আঘাত
ডাঃ পবিত্ৰ শংকৰে উল্লেখ কৰা মতে, ছ’চিয়েল মিডিয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে কিশোৰ আৰু যুৱ প্ৰজন্মৰ মাজত কেইবাটাও গুৰুতৰ মানসিক সমস্যাৰ সৃষ্টি কৰিছে:
তুলনামূলক মানসিকতা: আনৰ উজ্জ্বল ফটো বা প’ষ্ট দেখি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰা আৰু ইয়াৰ ফলত আত্মবিশ্বাস হেৰুৱাই পেলোৱা।
মানসিক চাপ আৰু দুশ্চিন্তা: লাইক আৰু ভিউজৰ দৌৰত নামি অহৰহ এক মানসিক চাপত ভোগা।
নিদ্ৰাহীনতা: শোৱাৰ আগত মোবাইলৰ ‘ব্লু লাইট’ৰ সংস্পৰ্শত থকাৰ বাবে মগজু সজাগ হৈ থাকে, যাৰ ফলত গভীৰ টোপনিৰ পৰা বঞ্চিত হ’বলগীয়া হয়।
মনোযোগৰ বিকেন্দ্ৰীকৰণ: বাৰে বাৰে ফোন চেক কৰাৰ অভ্যাসে কোনো এটা গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰাত বাধা দিয়ে।
আপোনাক ডিজিটেল ডিটক্সৰ প্ৰয়োজন নেকি?
যদিহে আপুনি মিনিটে মিনিটে ফোনটো চেক নকৰিলে অশান্তি অনুভৱ কৰা, ছ’চিয়েল মিডিয়া চাই থকাৰ পিছত মনত এক অজান শূন্যতা বা বিষণ্ণতা জাগি উঠা, অস্থিৰতা আৰু খিংখিঙীয়া স্বভাৱৰ বৃদ্ধি পোৱা, টোপনি কম হোৱা বা সামাজিক সম্পৰ্কত দূৰত্ব সৃষ্টি হোৱাৰ দৰে লক্ষণসমূহ অনুভৱ কৰিছে, তেন্তে আপুনি অতি সোনকালে ডিজিটেল ডিটক্স কৰা উচিত।
সুস্থ হোৱাৰ কেইটামান সহজ পদক্ষেপ
ডাঃ পবিত্ৰই ডিজিটেল নিৰ্ভৰশীলতা কমাবলৈ তলত দিয়া আগবঢ়োৱা কাৰ্যকৰী পৰামৰ্শসমূহ –
নো ফোন জন‘ নিৰ্ধাৰণ: ঘৰৰ ডাইনিং টেবুলত আহাৰ গ্ৰহণৰ সময়ত বা শোৱনি কোঠাত মোবাইলৰ ব্যৱহাৰ বন্ধ কৰক।
এক ঘণ্টাৰ নিয়ম: নিশা শোৱাৰ অন্তত এক ঘণ্টা পূৰ্বে আৰু ৰাতিপুৱা সাৰ পোৱাৰ এক ঘণ্টা পাছলৈকে ফোন ব্যৱহাৰৰ পৰা বিৰত থাকক।
নটিফিকেচন নিয়ন্ত্ৰণ: অপ্রয়োজনীয় এপসমূহৰ নটিফিকেচন অফ কৰি ৰাখক যাতে বাৰে বাৰে ফোনটো চাবলৈ বাধ্য নহয়।
বাস্তৱ জগতত মনোনিৱেশ: ফোনৰ পৰিৱৰ্তে কিতাপ পঢ়া, শাৰীৰিক ব্যায়াম কৰা বা প্ৰকৃতিৰ বুকুত সময় কটোৱাৰ অভ্যাস কৰক।প্ৰযুক্তি আমাৰ সেৱাৰ বাবেহে, ইয়াৰ গোলাম হ’বলৈ নহয়। ডাঃ পবিত্ৰ শংকৰৰ মতে, ছ’চিয়েল মিডিয়া সম্পূৰ্ণ ত্যাগ কৰাৰ প্ৰয়োজন নাই, কেৱল ইয়াৰ সুষম আৰু সচেতন ব্যৱহাৰেহে আমাক মানসিকভাৱে সুস্থ কৰি ৰাখিব পাৰিব।





