• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ! কৰ্মস্থলীত নিৰ্যাতনৰ বলি জ্যেষ্ঠ চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2026 12:01 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকে উত্থাপন কৰা এক গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰিৱেশ। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ বিৰুদ্ধে কৰ্মস্থলীত নিৰ্যাতনআৰু মানসিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্লিনিকেল চাইক’লজী বিভাগৰ এগৰাকী সহযোগী অধ্যাপিকাই। এগৰাকী মহিলাৰ মৰ্যাদাহানি আৰু প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ দৰে স্পৰ্শকাতৰ বিষয় সন্নিৱিষ্ট এই অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত এখন এজাহাৰ পঞ্জীয়ন কৰাৰ লগতে চৰকাৰী পৰ্যায়ত এক উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে।

ক্লিনিকেল চাইক’লজী বিভাগৰ সহযোগী অধ্যাপিকা তথা প্ৰাক্তন মুৰব্বীগৰাকীয়ে যোৱা ৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এক লিখিত অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগ অনুসৰি, অধ্যক্ষগৰাকীয়ে তেওঁৰ কাৰ্যকালত অনুচিত মন্তব্য, ভাবুকি আৰু ধাৰাবাহিকভাৱে পেছাদাৰী নিৰ্যাতন চলাই আহিছে।

Apply Now

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত চিকিৎসক গৰাকীয়ে উল্লেখ কৰিছে যে স্বতন্ত্ৰ ক্লিনিকেল চাইক’লজী বিভাগটো প্ৰতিষ্ঠা হোৱাৰ পিছত আৰম্ভণিতে তেওঁ প্ৰশাসনৰ পৰা প্ৰশংসা লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত অধ্যক্ষগৰাকীয়ে মহিলা চিকিৎসক গৰাকীক তেওঁৰ কাৰ্যালয়ত অকলশৰে লগ কৰিবলৈ বাধ্য কৰাইছিল। তেওঁ এই কাৰ্যত অস্বস্তি অনুভৱ কৰি সাক্ষাৎ কৰাৰ পৰা বিৰত আছিল। চিকিৎসাগৰাকীৰ মতে, এই সকলোবোৰ কথা হোৱাটছএপ বাৰ্তাৰ জৰিয়তে নথিভুক্ত হৈ আছে।

তেওঁ অধিক অভিযোগ কৰিছে যে অধ্যক্ষগৰাকীয়ে তেওঁক “একেবাৰে আজৰি আৰু অকলশৰে থকা সময়ত” ফোন কৰিবলৈ কৈছিল আৰু তেওঁৰ বাবে “দুৱাৰ সদায় খোলা আছে” বুলি আপত্তিজনক মন্তব্য কৰিছিল। এগৰাকী বিধৱা মহিলা আৰু অধীনস্থ বিষয়া হিচাপে এনে আচৰণে তেওঁক চৰম মানসিক যন্ত্ৰণা দিছিল বুলি তেওঁ জানিবলৈ দিয়ে।

মন্তব্যৰ উপৰিও চিকিৎসাগৰাকীয়ে অধ্যক্ষৰ বিৰুদ্ধে প্ৰশাসনিক বলিষ্ঠকৰণৰো (Administrative Victimisation) অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে বিভাগটো গঠন হোৱাৰ পিছতো তেওঁক বিভাগীয় মুৰব্বীৰ দায়িত্ব দিয়া হোৱা নাছিল, যাৰ বাবে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ হস্তক্ষেপৰ প্ৰয়োজন হৈছিল। তদুপৰি, বিভাগটোৰ শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰা, শিক্ষক নিযুক্তি আৰু বিভাগটো সম্প্ৰসাৰণৰ প্ৰস্তাৱসমূহ বাৰে বাৰে বাধা দি থকা হৈছিল।

আনকি গৱেষণাৰ বিষয়ত আলোচনা কৰোঁতে অধ্যক্ষগৰাকীয়ে তেওঁৰ পত্নীক বিভাগীয় গৱেষণা প্ৰকল্পত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল, যিটো চিকিৎসাগৰাকীয়ে অনুচিত বুলি গণ্য কৰিছিল। এই বিবাদ তীব্ৰতৰ হৈ পৰে যেতিয়া হঠাতে ক্লিনিকেল চাইক’লজী বিভাগটো বাতিল কৰি আন এটা বিভাগৰ সৈতে চামিল কৰাৰ অধিসূচনা জাৰি কৰা হয়।

এই অভিযোগৰ পাছতে গুৱাহাটীৰ পানবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰাৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, ডাঃ অচ্যুত বৈশ্যই সংবাদ মাধ্যমক জনাই যে কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে তেওঁ এই মুহূৰ্তত কোনো মন্তব্য নকৰে, কিন্তু তদন্ত সমিতিৰ সন্মুখত উপস্থাপন কৰিবলৈ তেওঁৰ ওচৰত সকলো প্ৰয়োজনীয় নথিপত্ৰ সাজু আছে।

ইতিমধ্যে এগৰাকী জ্যেষ্ঠ মহিলা অধিবক্তা আৰু এগৰাকী মহিলা চৰকাৰী বিষয়াক লৈ গঠিত দুজনীয়া তদন্ত সমিতিক এই বিষয়টোৰ সঠিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ  চৰকাৰে নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd