• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদিবাসীসকলৰ অনুসূচিত জনজাতিৰ মৰ্য্যাদাৰ ক্ষেত্ৰত ভৌগোলিক সীমা আঁতৰাই দিয়াৰ দাবী

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 15, 2017 6:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমত থকা ৬০ লাখ আদিবাসী লোকৰ জনজাতিকৰণৰ বাট মুকলিৰ এক পথ হিচাপে আদিবাসীসকলৰ জনজাতিৰ স্বীকৃতিৰ ক্ষেত্ৰত থকা ভৌগোলিক সীমা (area restriction) নোহোৱা কৰাৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিহাৰ, ছট্টিশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ত্ৰিপুৰা আৰু পশ্চিম বংগত বাস কৰা আদিবাসীসকলে অনুসূচিত জনজাতিৰ মৰ্য্যাদা লাভ কৰাৰ বিপৰীতে অসমত থকা আদিবাসীসকলে অন্যান্য পিছপৰা জাতিৰ মৰ্যাদাহে লাভ কৰি আছে। সম্প্ৰদায়টোৱে বহুদিনৰ পৰা অনুসূচিত জনজাতিৰ মৰ্য্যাদা বিচাৰি চৰকাৰৰ ওচৰত দাবী তুলি আহিছে। কিন্তু তেওঁলোকৰ এই দীৰ্ঘদিনীয়া দাবীয়ে বিশেষ ফল লাভ কৰা নাই। আজিও ছাত্ৰ সংগঠনটোৱে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক চাৰি ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী পালন কৰে। কাৰ্য্যসূচীৰ শেষত তেওঁলোকে জিলাৰ উপায়ুক্ত অইনাম চৰণ কুমাৰ সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিজৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সৰল সমাধান সূত্ৰৰ কথা উল্লেখ কৰি সংগঠনটোৰ নেতাসকলে কয় যে অসমত থকা আদিবাসীসকলে স্বাভাৱিকভাৱেই অনুসূচিত জনজাতিৰ মৰ্য্যাদা পাব লাগে। অসমত আদিবাসীসকলক চাহ-জনজাতি বা প্ৰাক্তন চাহ জনজাতি হিচাপে অভিহিত কৰা হয়, যিটোৱে তেওঁলোকক জনজাতীয় মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি আহিছে। ”প্ৰকৃত ছবিখন হ’ল অসমত থকা আদিবাসীসকলৰ আধাতকৈ কম সংখ্যকেহে চাহ বাগিচাৰ কৰ্মী হিচাপে কাম কৰে। বেছিভাগেই খেতিবাতি আৰু অন্যান্য জীৱিকাত লিপ্ত হৈ আছে। আমাৰ পূৰ্বপুৰুষ হ’ল জনজাতি আৰু আনবোৰ ৰাজ্যত আমাৰ ককাই-ভাইবোৰ হ’ল জনজাতি। জনজাতিৰ সকলো প্ৰয়োজনীয় বৈশিষ্ট্য থকাৰ পিছতো আৰু ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ বৰঙনি আগ বঢ়োৱাৰ পিছতো তথা ৰাজ্যখনৰ ৰাজনৈতিক সুস্থিৰতাত অৱদান দিয়াৰ পিছতো তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য জনজাতীয় মৰ্য্যাদাৰ পৰা বঞ্চিত কৰি আহিছে। আমি আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা অতি শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনাইছো।” এইদৰে কয় তিনিচুকীয়া জিলা আছাৰ সম্পাদক ৰামানুছ লাক্ৰাই কয়। লাক্ৰাৰ মতে অসমত আদিবাসীসকলৰ ৩৫ টা উপ-গোট আছে।
উল্লেখযোগ্য যে মোদীয়ে বিগত অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী সভাত ভাষণত অসমৰ ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যাৰ ভিতৰত এই আদিবাসীসকলো আছিল। আন পাঁচটা জনগোষ্ঠী আছিল তাই আহোম, মৰান, মটক, চুতীয়া আৰু কোচ ৰাজবংশী। আনহাতে আছাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা কুজুৰে কয় যে কেন্দ্ৰত ইতিপূৰ্বে আদিবাসীসকলক অনুসূচিত জনজাতি বুলি স্বীকৃতি দিয়া হৈছে। কিন্তু অসমত দিয়া নাই। এই ক্ষেত্ৰত থকা ভৌগোলিক সীমা আঁতৰাই দিব লাগে। তেতিয়া আপোনা-আপুনি আদিবাসীসকলে স্বীকৃতি পাব।
Apply Now
অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd