• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

মাজুলীত লগ পোৱা এদল ডেকা ডেকেৰী

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 19, 2026 1:21 pm
123
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদল ডেকা ডেকেৰী। ক’ৰ ক’ৰ পৰা আহিছে তেওঁলোক? তামিলনাডু, কৰ্ণাটক, কেৰেলা, মধ্য প্ৰদেশ, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, পশ্চিমবংগ, অসমো। তাত মোৰ দৰে, ঠিক মোৰ সমান বয়সৰ নহ’লেও অলপ বয়সীয়া লোকো আছে দুই/এজন। দিনটোৰ কামৰ অন্তত সন্ধিয়া সকলোৱে জুই একুৰা লৈ বহিছে। জুই পুৱাইছে। কোনোবাই অকমান সোমৰসো খাইছে। তেওঁলোকে মাজুলীৰ লুইত নদীৰ পাৰত বহি মুক্ত আকাশৰ তলত কথা পাতিছে। শিশু সাহিত্য, সংস্কৃতি, বিজ্ঞান, ৰাজনীতি। সকলো। মুক্ত আকাশ, মুক্ত বতাহ, মুক্ত মন। তাৰপিছত আহিল গীত। বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ সুৰ। বুজা নুবুজাৰ এক ইন্দ্ৰজাল। নুবুজিও যেন কিবা এটা বুজিছোঁ। কথা গৌণ, সুৰহে মুখ্য। ভাষা নুবুজিলেও সুৰটো যেন বুজিছোঁ। কাকো কোনেও তল-ওপৰ কৰাৰ কথা নাই। সকলো সমান, সমিলমিল, অংশগ্ৰহণ। মই মোৰ চকুৰ আগত কি দেখিছোঁ? কেৱল এদল ডেকা-ডেকেৰীয়ে আদ্দা দিছে নে তেওঁলোকে এক ধৰণৰ গণতন্ত্ৰৰে অনুশীলন কৰিছে? তেওঁলোকে সংস্কৃতি কৰিছে, শিশু সাহিত্যৰ বিষয়ে আলোচনা কৰিছে নে বৈচিত্ৰ্যৰ মাজৰ ঐক্য উদযাপন কৰিছে? এই অন্ধকাৰ সময়ত একুৰা জুইৰ চাৰিওফালে যেন মই কিবা এক আশাৰ পোহৰ দেখিছোঁ।

এই ডেকা-ডেকেৰীৰ দলটো লগ পাইছিলোঁ মাজুলীৰ আয়ঙত। আয়ঙ এক নতুন উদ্যোগ। আয়ঙ মানে কি? মৰম। মৰম নহ’লে কি সিজে? একো নিসিজে। মাজুলীৰ মাটি, পানী, পথাৰ আৰু হাবিক মৰম কৰে বুলিয়ে তেওঁলোক তাত। মাজুলী এসময়ত আচলতে পানীৰ মাজৰ এক দুর্গ আছিল। প্ৰকৃতিয়ে বাৰিষা তাণ্ডৱ দেখুৱাইছিল ঠিকেই, কিন্তু তেওঁলোক আন মানুহৰ আক্ৰমণৰ পৰা বাচি আছিল। মাজুলী নিৰাপদ আছিল বুলিয়ে গুৰুজনাই এসময়ত তাত গৈ আশ্ৰয় লৈছিল আৰু অজলা ৰাইজৰ মাজত ধৰ্মৰ পৱিত্ৰ বাণী প্ৰচাৰ কৰিছিল। আয়ঙেও আজি ছশ বছৰ পিছত সেইটোকে কৰিবলৈ চেষ্টা কৰিছে। নতুন পৰিৱেশত, নতুন ধৰণে।

Apply Now

তাত তেওঁলোকে ১১ৰ পৰা ১৫ তাৰিখলৈ শিশু সাহিত্যৰ বিষয়ে ভূপালৰ ‘একলব্য’ৰ লগ লাগি এখন চাৰিদিনীয়া কৰ্মশালা পাতিছিল। সেইদিনা পুৱা ‘একলব্য’ৰ শিৱনাৰায়ণ আৰু **’আয়ঙ’**ৰ দিগন্তই কোৱা কথা কেইষাৰ শুনি ইমান ভাল লাগিছিল। শিশু সাহিত্য শিশু শিক্ষাৰ কাৰণে কিমান প্ৰয়োজনীয়? আৰু ‘একলব্য’ই আজি তিনি দশক ধৰি কি কৰিবলৈ চেষ্টা কৰি আছে? সমাজৰ পিছপৰা আৰু অতি পিছপৰা অংশৰ শিশুসকলৰ কাৰণে একলব্যই কি কৰিছে? একলব্য নামটোৰ অৰ্থটোনো কি? তুলতুল বিশ্বাসে সুন্দৰকৈ কৈছিল সেই মহাভাৰতৰ গুৰু দ্ৰোণাচাৰ্যৰ দ্বাৰা প্ৰত্যাখ্যাত হৈ ভীল সন্তান একলব্যই কেনেকৈ নিজৰ ঐকান্তিকতাৰে ধনুৰ্বিদ্যাত বিশাৰদ হৈ পৰিছিল। সেইসকলৰ কাৰণে একলব্যই কি কৰি আছে। আৰু আয়ঙেও কাৰ মাজত কাম কৰি আছে? মাজুলীৰ মিচিংসকলৰ মাজত। নাম দুটাও চাওকচোন— এটা একলব্য আৰু আনটো হ’ল আয়ঙ, এটা মিচিং শব্দ। মৰম। আয়ঙৰ প্ৰচেষ্টা সম্পৰ্কে দিগন্তই যিখিনি কথা ক’লে আৰু যি আন্তৰিকতাৰে ক’লে আমাৰ অন্তৰ চুই গ’ল। কেনেকৈ তেওঁলোকে স্কুলত কাম কৰিছে? কি কি কিতাপ উলিয়াইছে? শিশুসকলৰ কাৰণে কেনেকৈ একলব্যৰ লগ লাগি কাম কৰিছে। একলব্যই শিশুসকলৰ কাৰণে উলিয়াইছে ‘চকমক’, শিশুসকলৰ বাবে উলিওৱা এখন বিজ্ঞান আলোচনী যদিও তাত সাহিত্য আৰু অন্যান্য বিষয়ো সাঙুৰি লোৱা হয়। আয়ঙেও উলিয়াইছে ‘হাতীপটি’। মই অসমীয়াত এতিয়ালৈকে ইমান ধুনীয়া শিশু আলোচনী এখন দেখা নাই। একলব্য আৰু আয়ঙৰ মাজৰ মিলবোৰ গুৰুত্বপূৰ্ণ। লক্ষ্য শিশুসকল আৰু বিশেষকৈ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ শিশুসকল। শিৱনাৰায়ণ আৰু দিগন্তই যি আগ্ৰহ আৰু আন্তৰিকতাৰে নিৰাভৰণ আৰু অনানুষ্ঠানিকভাৱে কথা কেইষাৰ কৈছিল সেইটোও বৰ গুৰুত্বপূৰ্ণ আছিল। তাত কোনো দাম্ভিকতা নাছিল। তাত আছিল সৌজন্য, আন্তৰিকতা, শিকাৰ আগ্ৰহ আৰু সকলোকে আকোৱালী লোৱাৰ প্ৰয়াস। তেওঁলোক দুয়োৰে কথাই পৰিৱেশটো বৰ সহজ, আন্তৰিকতাপূৰ্ণ আৰু আগ্ৰহী কৰি তুলিছিল।

মই কৰ্মশালাৰ সকলো অধিবেশনতে থাকিব পৰা নাছিলোঁ। কিন্তু কৰ্মশালাত আলোচনা হোৱা মূল বিষয়বোৰ আছিল শিশু, অনুবাদৰ সমস্যা, শিশু কিতাপৰ কথা আৰু ছবিৰ মাজৰ সম্পৰ্ক আৰু বৰ্তমানৰ প্ৰত্যাহ্বানমূলক সময়ত ভাৰতৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ শিশু সাহিত্য প্ৰকাশত নিয়োজিত প্ৰকাশকসকলে কি কৰি সহযোগিতা আৰু সমন্বয়ৰ যোগেদি শিশুৰ কাৰণে সময়োপযোগী আৰু ভাল কিতাপ উলিয়াব পাৰিব। অশোকা বিশ্ববিদ্যালয়ৰ পৰা অহা জ্যোতিৰ্ময়ে মূলতঃ অনুবাদৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল— বৰ বিস্তাৰিতকৈ। ছবিৰ কথাটো আলোচনা কৰিছিল পংকজে। পংকজৰ ছবি আৰু কথাই মোক মুগ্ধ কৰিছিল। কি সুন্দৰ ছবি আঁকে পংকজে! সাঁকোৰ ধীৰাজো ইমান উৎসাহী! ময়ো কৰ্মশালাত Children’s Literature in Assamese and the North-Eastern Languages: Contemporary Challenges নামেৰে এটা প্ৰবন্ধ পঢ়িছিলোঁ। মই তাত মূলতঃ এন বি টি, অন্বেষা, স্কলাষ্টিক আৰু এতিয়া নৰ্থ-ইষ্ট নাওৰ অভিজ্ঞতাৰ ভিত্তিত ভাৰতীয়, অসমীয়া শিশু সাহিত্যৰ মূল গতি-প্ৰকৃতি আৰু সমাজ বাস্তৱতাৰ সকলো স্তৰৰ শিশুৰ জগতখনৰ প্ৰতিফলনৰ প্ৰশ্নটোৰ ওপৰত গুৰুত্ব দিছিলোঁ। সকলোৱে মোৰ কথাখিনি মনোযোগ দি শুনা কাৰণে ভাবিছিলোঁ মোৰ প্ৰবন্ধটোও বৰ বেয়া হোৱা নাছিল নেকি?

গুৱাহাটীৰ পৰা দুদুল আৰু মই দহ তাৰিখে নিশা ৯:১৫ বজাৰ বাছেৰে গৈ ১১ তাৰিখে পুৱা ৮:৩০ বজাত মাজুলী পাইছিলোগৈ। বাছত মোৰ এক বিন্দু টোপনি অহা নাছিল। আৰু এটা কথা লক্ষ্য কৰিছোঁ— মানুহে ৰাজহুৱা ঠাইত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে। ডাঙৰ শব্দ কৰি ফোনত ভিডিও চাব, কথা পাতিব। বেলেগে সেইটো ভাল নাপাব পাৰে তাৰ প্ৰতি তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই। যাওঁতে-আহোঁতে এই কথাটো লক্ষ্য কৰিছিলোঁ। মই পিছে হস্তক্ষেপ নকৰাকৈ নোৱাৰোঁ। আমি আছিলোঁ আয়ঙ অকুমত। লুইত নদীৰ পাৰৰ অপূৰ্ব ঠাই। মোৰ কাৰণে মাজুলীৰ আকৰ্ষণ তাৰ মুকলি ঠাই, জীৱ-বৈচিত্র্য আৰু মুকলি মনৰ মানুহ। অ’ দুদুল ১৩ তাৰিখেই গুৱাহাটীলৈ উভতি গুছি আহিছিল। সেইদিনাই মোৰ ৰূমলৈ আহিছিল বিশ্বজিৎ। সপ্ৰতিভ যুৱক। ৰাজনীতি বিজ্ঞানত গৱেষণা কৰিব। আমি দুয়ো ১৪ তাৰিখে পুৱা খোজ কাঢ়িবলৈ যাওঁতে বাটতে দুই কামান ভনীটিক লগ পাইছিলোঁ। গুৱাহাটীত ১৬ তাৰিখে এখন জৰুৰী সভা থকা কাৰণে মই ১৫ তাৰিখে পুৱাই যোৰহাট হৈ গুৱাহাটীলৈ উভতি আহিলোঁ। গাড়ী চালকে ফেৰীত মোৰ বেগটো উঠাই দিলে।

ফেৰীত উঠি দেখোঁ শীৰ্ণকায় যুৱক এজনে ৰাজনীতি বিজ্ঞানৰ কিতাপ এখন পঢ়ি আছে। নাম তেওঁৰ ধ্ৰুৱজ্যোতি নাথ। তেওঁ মোক বৰ সুন্দৰকৈ মাজুলীৰ বিষয়ে ক’লে আৰু ক’লে মাজুলীৰ মৰি অহা মৃৎশিল্পৰ বিষয়ে। নিমাতিঘাট পালোঁ। “চাৰ আপোনাৰ বেগটো মই লৈছোঁ।”— বোধহয় মোৰ বয়সৰ ছাপ। মোৰ কাৰণে এখন গাড়ী ঠিক কৰাই আছিল। ঘৰৰ গাড়ী, মাজে মাজে ভাড়াও মাৰে। গাড়ীখনৰ আগৰ ফালে এটি কণমাণি। তোমাৰ নাম? যীশু। বাহ! জন্মদিন কেতিয়া? হৈ গ’ল ২৫ ডিচেম্বৰৰ দিনা। ককায়েকে ক’লে সেইকাৰণেই নামটো যীশু। যীশুৰ লগত মোৰ কত কথা! যোৰহাট বাছ আস্থানৰ ওচৰত নামিলোঁ। পইছা দিবলৈ ওলালত যীশুৱে কয়— “নাই আপুনি পইছা দিব নালাগে।” দিব লাগিব, মই দিম বুলি কৈছিলোঁ নহয়। “কিয়, আমাৰ দেউতাইচোন কেতিয়াবা কেতিয়াবা মানুহৰ পৰা পইছা নলয়।” কি নিষ্পাপ শিশু মন! মই আকৌ কেতিয়াবা যীশুক লগ পামনে?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd