শেহতীয়াকৈ অসমৰ হাইলাকান্দি জিলাৰ পৰা আৰক্ষীয়ে চাৰিটা বিলুপ্তপ্ৰায় ৰঙা পাণ্ডা উদ্ধাৰ কৰাৰ পিছত বৰ্তমান ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ১০ ফেব্ৰুৱাৰীত পঞ্চগ্ৰাম অঞ্চলত এখন বাহনৰ পৰা এই বিৰল জীৱকেইটা জব্দ কৰা হৈছিল যদিও আৰক্ষীৰ চকুৰ আগৰ পৰাই কেনেকৈ অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হ’ল, তাক লৈ এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে। আৰক্ষীয়ে এই অভিযানৰ বিষয়ে বিশেষ তথ্য ৰাজহুৱা কৰা নাই যদিও বন বিভাগে নিশ্চিত কৰিছে যে উদ্ধাৰ হোৱা পাণ্ডাকেইটা গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল।
দুৰ্ভাগ্যজনকভাৱে চিৰিয়াখানালৈ নিয়াৰ মাত্ৰ দুদিনৰ ভিতৰতে চাৰিটা পাণ্ডাৰ ভিতৰত এটাৰ মৃত্যু ঘটে। চিৰিয়াখানা কৰ্তৃপক্ষৰ মতে অত্যাধিক মানসিক চাপৰ বাবে জন্তুটোৰ মৃত্যু হৈছে। বাকী থকা তিনিটা পাণ্ডা বৰ্তমান সুস্থ বুলি জনোৱা হৈছে যদিও এই সমগ্ৰ প্ৰক্ৰিয়াটোত স্বচ্ছতাৰ অভাৱ থকা বুলি বিভিন্ন পক্ষই অভিযোগ তুলিছে। বিশেষকৈ ম্যানমাৰ সীমান্তৰ পৰা মিজোৰাম হৈ অসমলৈ এই জীৱবোৰ কেনেকৈ সৰবৰাহ হ’বলৈ পালে, সেয়া এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।

ইফালে এই উদ্ধাৰ হোৱা পাণ্ডাকেইটা গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ব্যক্তিগত বন্যপ্ৰাণী কেন্দ্ৰ ‘ভন্তৰা‘লৈ লৈ যোৱাৰ যো-জা চলি থকা বুলি এক খবৰ ওলাইছে। যদিও চিৰিয়াখানাৰ ডিএফঅ’ই এতিয়ালৈকে তেনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি কৈছে, তথাপিও জামনগৰৰ পৰা অহা একাংশ বিষয়া গুৱাহাটীত বাহৰ পাতি থকা কথাই সন্দেহ আৰু ঘনীভূত কৰিছে। সংৰক্ষণবিদসকলে মত প্ৰকাশ কৰিছে যে যদি পাণ্ডাকেইটা স্থানান্তৰ কৰিবই লাগে, তেন্তে সেইবোৰক দাৰ্জিলিঙৰ পদ্মজা নাইডু হিমালয়ান প্ৰাণীবিজ্ঞান উদ্যানলৈহে পঠাব লাগে, কিয়নো তাত পাণ্ডাৰ বাবে উপযুক্ত পৰিৱেশ আৰু সংৰক্ষণৰ উন্নত ব্যৱস্থা আছে।
অসম বৰ্তমান বন্যপ্ৰাণী সৰবৰাহৰ এক প্ৰধান পথ হৈ পৰিছে বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে। পূৰ্বেও ৰাজ্যিক চিৰিয়াখানাৰ পৰা গঁড়সহ বহুতো জীৱ-জন্তু গুজৰাটৰ সেই ব্যক্তিগত কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হৈছিল। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ দৰে সংগঠনে এই সমগ্ৰ প্ৰক্ৰিয়াটোত আইনী নিয়ম উলংঘা হোৱা বুলি দাবী কৰিছে। এটা ৰঙা পাণ্ডাৰ মৃত্যু আৰু বাকীকেইটাৰ বদলিক লৈ সৃষ্টি হোৱা এই বিতৰ্কই এতিয়া চৰকাৰী বিভাগৰ জবাবদিহিতা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধক চিন আঁকি দিছে।





