• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনত হাৰি ভোটাৰৰ দুৱাৰে দুৱাৰে পৰাজিত প্ৰাৰ্থী: বিতৰণ কৰা নগদ ধন আৰু উপহাৰ ঘূৰাই বিচাৰি হাহাকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 11:51 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এসপ্তাহৰ পাছত এতিয়া ৰাজ্যখনৰ কেইবাখনো চহৰত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰ্বাচনত পৰাজিত হোৱা কেইবাজনো প্ৰাৰ্থীয়ে এতিয়া ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিতৰণ কৰা নগদ ধন আৰু উপহাৰসমূহ ঘূৰাই বিচাৰিছে। প্ৰথম অৱস্থাত এই কাৰ্য অতি গোপনীয়ভাবে অনুৰোধ হিচাপে আৰম্ভ হৈছিল যদিও বৰ্তমান বহু ঠাইত ইয়াৰ বাবে উত্তপ্ত সংঘাতৰ সৃষ্টি হোৱা দেখা গৈছে। পৰাজিত প্ৰাৰ্থী বা তেওঁলোকৰ আত্মীয়ই ভোটাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ধন ওভতাই বিচৰাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ মেদচাল মালকজগিৰি, খাম্মাম, সূৰ্যপেট, পেড্ডাপল্লী আদিকে ধৰি কেইবাখনো জিলাৰ পৰা প্ৰাৰ্থী আৰু বাসিন্দাৰ মাজত এনে সংঘাত হোৱাৰ খবৰ পোৱা গৈছে। এই সন্দৰ্ভত স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে তেওঁলোকে কেতিয়াও প্ৰাৰ্থীৰ পৰা স্বেচ্ছাই ধন বা উপহাৰ দাবী কৰা নাছিল। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলে নিজে আহি এইবোৰ দি গৈছিল আৰু এতিয়া পৰাজয়ৰ পাছত সেইবোৰ ঘূৰাই বিচৰাটো কোনোমতেই গ্ৰহণযোগ্য নহয় বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰীৰ ভোটগ্ৰহণৰ পূৰ্বে একাংশ প্ৰাৰ্থীয়ে প্ৰতিটো ভোটৰ বিনিময়ত ২৫০০ৰ পৰা ৩০০০ টকা পৰ্যন্ত নগদ ধন বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ উপৰিও মহিলা ভোটাৰক প্ৰলোভিত কৰিবলৈ প্ৰেচাৰ কুকাৰ আৰু শাৰী আদিও বিতৰণ কৰা হৈছিল।

Apply Now

নিৰ্বাচনৰ ফলাফলত পৰাজিত হোৱাৰ পাছত এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও সন্দেহ কৰিবলৈ লৈছে যে কিছুমান বিশেষ অঞ্চলৰ ভোটাৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিও ভোট নিদিলে। ইণ্টাৰনেটত বিয়পি পৰা এটা ভিডিঅ’ত দেখা গৈছে যে এটা প্ৰভাৱশালী দলৰ এজন পুৰুষ আৰু এগৰাকী মহিলাই ভোটাৰৰ পৰা শাৰী কাঢ়ি লৈ গৈছে। সেই ভিডিঅ’টোত মহিলাগৰাকীয়ে আক্ষেপ কৰি কৈছে যে তেওঁলোকে এটা ভোট পালে বিৰোধীয়ে চাৰিটা ভোট লাভ কৰিছে। আন এটা ভিডিঅ’ত এগৰাকী প্ৰাৰ্থীয়ে ভোটাৰক ভোট দিয়াৰ প্ৰতিশ্ৰুতি দিবলৈ জোৰ কৰি থকা দেখা গৈছে আৰু প্ৰতিশ্ৰুতি পোৱাৰ পিছতহে তেওঁ এখন তালিকাত ভোটাৰজনৰ নামটো চিহ্নিত কৰিছে।

মেডচাল মালকাজগিৰি জিলাত ভোট গণনাৰ পিছদিনাই প্ৰাৰ্থীয়ে মানুহৰ ঘৰত সোমাই ধন বিচাৰি হুলস্থূল লগোৱাৰ খবৰ আহিছে। একেদৰে হায়দৰাবাদৰ ওচৰৰ য়েলাম্পেট পৌৰসভাৰ এগৰাকী পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ স্বামীয়ে ভোটাৰক এক আচৰিত চৰ্ত দিছে। তেওঁ ভোটাৰসকলক কৈছে যে হয় তেওঁলোকে লৈ যোৱা ধন ঘূৰাই দিব লাগে, নহলে ভগৱানৰ নামত শপত খাব লাগে যে তেওঁলোকে সঁচাকৈয়ে তেওঁৰ পত্নীক ভোট দিছিল। এই সমগ্ৰ ঘটনাই এতিয়া সমগ্ৰ তেলেংগানাতে এক অস্বস্তিকৰ আৰু চৰ্চিত পৰিৱেশৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd