• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল অস্থায়ী প্ৰদৰ্শনীৰ বাবে খানাপাৰাত কোটিটকীয়া প্ৰকল্প! শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃগাঁথনি ব্যৱহাৰত চৰকাৰৰ অনীহা কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 4:28 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক ‘বৃন্দাৱনী বস্ত্ৰ’ অসমলৈ ঘূৰাই অনাৰ চৰকাৰী প্ৰচেষ্টাৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাস্থিত ৰেচম পামৰ (Sericulture Farm) চৌহদত এখন সুকীয়া সাংস্কৃতিক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ জ্যেষ্ঠ চৰকাৰী বিষয়া, সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত এই সাংস্কৃতিক সংগ্ৰহালয় প্ৰকল্পৰ ভূমি পূজন আৰু আনুষ্ঠানিক শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন হয়।

জানিব পৰা মতে, চৰকাৰে এই প্ৰকল্পৰ বাবে ৰেচম পামৰ প্ৰায় ৪৫,০০০ বৰ্গফুট (প্ৰায় ২ একৰ) ভূমি আবণ্টন দিছে। এই সমগ্ৰ প্ৰকল্পটো ‘জে এছ ডব্লিউ গ্ৰুপ’ৰ (JSW Group) কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) পুঁজিৰ অধীনত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ’ব।

Apply Now

উল্লেখযোগ্য যে, ষোড়শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত নিৰ্মিত বৃন্দাৱনী বস্ত্ৰ হৈছে অসমীয়া বয়ন শিল্প আৰু ভক্তি কলাৰ এক অতুলনীয় নিদৰ্শন। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন দৃশ্য অংকিত থকা এই পবিত্ৰ বস্ত্ৰখন বৰ্তমান ৰাজ্যৰ বাহিৰত সংৰক্ষিত হৈ আছে, যিখন অসমৰ বাবে ঐতিহাসিক, ধৰ্মীয় আৰু সামগ্ৰিক কলাত্মক দিশৰ পৰা অত্যন্ত তাৎপৰ্যপূৰ্ণ।

চৰকাৰৰ এই বিশাল আয়োজনৰ মাজতে সচেতন মহলৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো উত্থাপন হৈছে। গুৱাহাটীত ইতিমধ্যে গুৰুজনাৰ নামতেই উছৰ্গিত ‘শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ’ৰ দৰে এক বৃহৎ, সু-সাজ্জিত আৰু অত্যাধুনিক সাংস্কৃতিক প্ৰকল্প মজুত আছে। যিহেতু বৃন্দাৱনী বস্ত্ৰখন স্থায়ীভাৱে নহয়, বৰঞ্চ এখন অস্থায়ী প্ৰদৰ্শনীৰ (temporary show) বাবেহে অসমলৈ অনাৰ কথা চলি আছে, তেনেস্থলত কলাক্ষেত্ৰৰ দৰে বিশাল প্ৰতিষ্ঠান থকাৰ পাছতো কেৱল এখন অস্থায়ী প্ৰদৰ্শনীৰ বাবে চৰকাৰে কিয় এক নতুন আৰু ব্যয়বহুল সংগ্ৰহালয় নিৰ্মাণৰ প্ৰয়োজন অনুভৱ কৰিলে, তাক লৈ চৰ্চা আৰম্ভ হৈছে।

বহুতো সমালোচকৰ মতে, কলাক্ষেত্ৰৰ বৰ্তমানৰ আন্তঃগাঁথনি উন্নত কৰি বা তাতেই এটা জলবায়ু-নিয়ন্ত্ৰিত কক্ষ নিৰ্মাণ কৰিয়েই এই প্ৰদৰ্শনী সুন্দৰভাৱে অনুষ্ঠিত কৰিব পৰা গ’লহেঁতেন। ইয়াৰ সলনি খানাপাৰাত সুকীয়াকৈ মাটি আৱণ্টন দি নতুন ভৱন নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত, সেয়া এতিয়া এক অবুজ সাঁথৰ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd