• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেৰালাৰ পৰা কেৰালাম ! ৰাজ্যৰ নাম সলনিৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2026 3:38 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালা ৰাজ্যৰ নাম সলনিৰ যি দীৰ্ঘদিনীয়া দাবী আছিল সেয়া এতিয়া পূৰণ হোৱাৰ পথত আগবাঢ়িছে। ৰাজধানী দিল্লীৰ চৰকাৰী মহলত এই বিষয়ে বিশেষ চৰ্চা আৰম্ভ হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নতুন কাৰ্যালয় সেৱা তীৰ্থত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব পাৰে।

সূত্ৰৰ খবৰ অনুসৰি কেৰালা বিধানসভাই প্ৰেৰণ কৰা কেৰালাম নামকৰণৰ প্ৰস্তাৱটো এই বৈঠকত আলোচনাৰ বাবে উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দক্ষিণ ব্লকত যোৱা ১৩ ফেব্ৰুৱাৰীত হোৱা বৈঠকৰ পাছত এয়া হ’ব সেৱা তীৰ্থত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন উচ্চ পৰ্যায়ৰ বৈঠক য’ত এই বিষয়টোৱে অগ্ৰাধিকাৰ পাব পাৰে।

Apply Now

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে বহু দিনৰ পৰাই এই নাম সলনিৰ পক্ষত যুক্তি দি আহিছে। তেওঁৰ মতে মালায়ালম ভাষাত ৰাজ্যখনক কেৰালাম বুলি কোৱা হয় যদিও ভাৰতীয় সংবিধানৰ প্ৰথম অনুসূচীত ইয়াৰ নাম কেৰালা বুলিহে লিপিবদ্ধ হৈ আছে। বিজয়নে উল্লেখ কৰিছে যে স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা মালায়ালম ভাষী লোকসকলৰ সপোন আছিল এখন অখণ্ড কেৰালাম গঠন কৰা। সেই ঐতিহাসিক পটভূমি আৰু স্থানীয় মানুহৰ আৱেগক সন্মান জনাই ৰাজ্যখনৰ নাম সলনি কৰাটো প্ৰয়োজনীয় বুলি তেওঁ গণ্য কৰে। সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি এই সংশোধনী আনিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জোৰদাৰ দাবী জনাইছে।

নাম সলনিৰ এই প্ৰচেষ্টা কেৰালা চৰকাৰে পূৰ্বেও কৰিছিল। পিনাৰাই বিজয়ন চৰকাৰে ইয়াৰ আগতেও এবাৰ এই প্ৰস্তাৱ দিল্লীলৈ পঠিয়াইছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কিছু কাৰিকৰী সালসলনিৰ পৰামৰ্শ দিছিল। সেই নিৰ্দেশনা অনুসৰিয়েই যাৱতীয় সংশোধন কৰি যোৱা ২৪ জুনত ৰাজ্যিক বিধানসভাত দ্বিতীয়বাৰৰ বাবে এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হ’ল সংবিধানৰ অষ্টম অনুসূচীত থকা সকলো ভাষাতে যাতে ৰাজ্যখনৰ নাম কেৰালাম হিচাপে চৰকাৰী স্বীকৃতি লাভ কৰে।

কেৰালাৰ আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত এই বিষয়টোৱে বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। নিৰ্বাচনৰ ঠিক আগে আগে এই আৱেগিক বিষয়ত কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰদান কৰিলে ইয়াৰ প্ৰভাৱ ভোটযুদ্ধতো পৰিব পাৰে। যদি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱত মোহৰ মাৰে তেন্তে ইয়াক স্থানীয় সংস্কৃতি আৰু ভাষাৰ প্ৰতি দিল্লীৰ সন্মান হিচাপে দেখা যাব। এতিয়া সকলোৰে চকু আজিৰ বৈঠকৰ ওপৰত কাৰণ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সেউজ সংকেট পালেই সংবিধান সংশোধনৰ কাম আৰম্ভ হ’ব আৰু ভাৰতৰ মানচিত্ৰৰ পৰা কেৰালা নামটো চিৰদিনৰ বাবে আঁতৰি গৈ কেৰালাম হিচাপে পৰিচিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd