• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিম্বাবুৱেক হৰুৱায়ো শংকামুক্ত নহয় ভাৰত, ইডেনৰ মেচত নিৰ্ধাৰণ হ’ব ছেমি ফাইনেলৰ ভাগ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2026 7:28 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰুৱা মাটিত চলি থকা বিশ্বকাপত গৌতম গম্ভীৰৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰিছিল টীম ইণ্ডিয়াই। কিন্তু ছুপাৰ আঠৰ প্ৰথমখন মেচতে সূৰ্যকুমাৰ যাদৱৰ বাহিনীয়ে এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ভাৰতৰ বাবে ছেমি ফাইনেলৰ পথটো যথেষ্ট কঠিন হৈ পৰিছিল। অৱশ্যে জিম্বাবুৱেৰ বিৰুদ্ধে খেলা ছুপাৰ আঠৰ শেহতীয়া মেচখনত ভাৰতীয় দলৰ ভাগ্যই কিছু পৰিমাণে সহায় কৰিলে। দলটোৰ তথাকথিত দুৰ্বল প্ৰতিপক্ষ জিম্বাবুৱেৰ বিৰুদ্ধে হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ৭২ ৰানত এক বৃহৎ জয় সাব্যস্ত কৰে। এই জয়ৰ পাছতো কিন্তু ভাৰতীয় শিবিৰত সম্পূৰ্ণ সকাহ অহা নাই। কাৰণ বিশ্বকাপৰ আচল ক্লাইমেক্স এতিয়াও বাকী আছে। অহা দেওবাৰে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত নিৰ্ধাৰণ হ’ব ভাৰতৰ বিশ্বকাপৰ ভৱিষ্যত। সেইদিনাৰ ফলাফলৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰত প্ৰতিযোগিতাত টিকি থাকিব নে বিদায় ল‘ব।

কলকাতাৰ এই গুৰুত্বপূৰ্ণ যুঁজখনৰ পূৰ্বে ভাৰতীয় দলৰ বাবে আটাইতকৈ ডাঙৰ সুখবৰটো হৈছে তৰুণ বেটাৰ অভিষেক শৰ্মাৰ ফৰ্মলৈ প্ৰত্যাৱৰ্তন। অসুস্থতাৰ বাবে কিছু সময় খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছত যুৱ খেলুৱৈগৰাকীয়ে পুনৰ নিজৰ পুৰণি ছন্দ বিচাৰি পাইছে। তেওঁ জিম্বাবুৱেৰ বিৰুদ্ধে ৫৫ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলি প্ৰমাণ কৰিলে যে তেওঁৰ বেটিং শৈলী অনন্য। সমালোচকসকলে হয়তো বিপক্ষৰ দুৰ্বলতাৰ কথা ক‘ব পাৰে, কিন্তু একেৰাহে তিনিখন মেচত শূন্য ৰানত আউট হোৱাৰ পিছত এইদৰে বাউণ্ডেৰীৰ বাহিৰলৈ বল পঠিয়াই খেলাটোৱে অভিষেকৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিছে। ইফালে আজিৰ মেচত ৰিংকু সিঙৰ স্থানত সঞ্জু চেমছনক সুযোগ দিয়া হৈছিল আৰু তেওঁক অপেনাৰ হিচাপে নমাই দল পৰিচালনাই অফ স্পিনাৰৰ বিৰুদ্ধে থকা ভীতি দূৰ কৰাৰ চেষ্টা কৰিছিল।

Apply Now

তিলক ভাৰ্মাক লৈয়ো গম্ভীৰৰ চিন্তা এতিয়া বহুখিনি লাঘৱ হৈছে। তিলকে মাত্ৰ ১৬টা বলতে ৪৪ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। একে সময়তে হাৰ্ডিক পাণ্ডিয়ায়ো এক দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰি নিজৰ যোগ্যতাৰ প্ৰমাণ দাঙি ধৰে। আনহাতে ভাৰতৰ হাতত পৰাস্ত হোৱাৰ লগে লগে জিম্বাবুৱেৰ বিশ্বকাপ অভিযান সমাপ্ত হ‘ল। কিন্তু এইবাৰৰ বিশ্বকাপ জিম্বাবুৱেৰ বাবে সদায় স্মৰণীয় হৈ ৰ‘ব। গ্ৰুপ পৰ্যায়ত শক্তিশালী অষ্ট্ৰেলিয়াক হৰুৱাই তেওঁলোকে বিশ্ব ক্ৰিকেটক চমকিত কৰিছিল। আনকি পৰৱৰ্তী বিশ্বকাপৰ বাবেও তেওঁলোকে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। এই মেচখনত জিম্বাবুৱেৰ ব্ৰায়ান বেনেটে ৯৭ ৰানৰ এক অসাধাৰণ ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ ইনিংছৰ সহায়তে জিম্বাবুৱেই ১৮৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতীয় বলিং বিভাগৰ কথা ক’বলৈ গ’লে যশপ্ৰীত বুমৰাহ আৰু হাৰ্ডিক পাণ্ডিয়াই উইকেট নাপালেও অতি নিয়ন্ত্ৰিত বলিং কৰে। অৰ্শদীপ সিঙে বিপক্ষৰ বেটিং লাইন আপক তচনচ কৰি ২৪ ৰানত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। ইয়াৰ উপৰি বৰুণ চক্ৰৱৰ্তী, শিৱম ডুবে আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে। অৱশ্যে বেটিং ্লাইনআপে নিৰ্ভৰযোগ্যতা প্ৰদৰ্শন কৰিলেও বলিঙক লৈ দল পৰিচালনা এতিয়াও চিন্তিত। বিশেষকৈ জয় নিশ্চিত হোৱাৰ পাছতো শেষৰ ফালে শিৱম ডুবেই যিদৰে অতিৰিক্ত ৱাইড বল দিছিল, তাক লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এতিয়া সকলোৰে চকু দেওবাৰৰ কলকাতাৰ মেচখনলৈ। যিহেতু দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিছে, সেয়েহে এতিয়া সমীকৰণ অতি কঠিন হৈ পৰিছে। এক মাৰ্চৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মেচখন একপ্ৰকাৰ কোৱাৰ্টাৰ ফাইনেলত পৰিণত হৈছে। এই মেচত যি জয়ী হ’ব তেওঁৱেই ছেমি ফাইনেললৈ যাব। গতিকে জিম্বাবুৱেক বৃহৎ ব্যৱধানত হৰুৱাৰ পাছতো এতিয়াই শান্তিৰে নিশ্বাস পেলাব পৰা নাই মেন ইন ব্লু বাহিনীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd