• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খোমেনিৰ মৃত্যুত প্ৰতিবাদী মিছিল লৈ কাশ্মীৰৰ ৰাজপথত সহস্ৰাধিক ছিয়া মুছলমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 11:34 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত সমগ্ৰ কাশ্মীৰ উপত্যকাত শোকৰ ছাঁ পৰিছে। আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত খামেনেইৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল নিহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে শ্ৰীনগৰৰ ঐতিহাসিক ঘণ্টা ঘৰৰ সন্মুখত হাজাৰ হাজাৰ ছিয়া মুছলমান লোকে সমবেত হৈ এই হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতত খামেনেইৰ ছবি, ইৰাণৰ পতাকা আৰু ক’লা-ৰঙা বেনাৰ লৈ ইজৰাইল তথা আমেৰিকা বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শ্ৰীনগৰৰ উপৰি বুডগাম আৰু উপত্যকাৰ অন্যান্য ছিয়া সংখ্যাগৰিষ্ঠ অঞ্চলসমূহতো অনুৰূপ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে আশীৰ দশকত শ্ৰীনগৰ ভ্ৰমণ কৰা খামেনেইক কাশ্মীৰৰ ছিয়া সম্প্ৰদায়ৰ লোকে গভীৰ শ্ৰদ্ধা কৰিছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই আক্ৰমণত খামেনেইৰ লগতে তেওঁৰ কন্যা, জোঁৱাই আৰু নাতি-নাতিনীৰো মৃত্যু হৈছে। এই মৰ্মান্তিক ঘটনাই কাশ্মীৰৰ জনসাধাৰণক মৰ্মাহত কৰি তুলিছে আৰু ইয়াৰ প্ৰতিফলন ৰাজপথৰ প্ৰতিবাদত স্পষ্টকৈ দেখা গৈছে।

Apply Now

কাশ্মীৰৰ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। তেওঁ সকলো সম্প্ৰদায়ৰ লোককে শান্তি বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰিয় পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে। চৰকাৰে আৰক্ষী আৰু প্ৰশাসনক সংযম অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে যাতে শোকসন্তপ্ত লোকসকলে শান্তিপূৰ্ণভাৱে নিজৰ দুখ প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি ইৰাণত থকা কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু বাসিন্দাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে অল জে এণ্ড কে ছিয়া এছ’চিয়েশ্যনে এক বিবৃত্তিৰ জৰিয়তে খামেনেইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে এই ক্ষতি অপূৰণীয় বুলি অভিহিত কৰি ইৰাণৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়েও এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁ ইয়াক ইতিহাসৰ এক কলংকিত অধ্যায় বুলি আখ্যা দিছে। বৰ্তমানৰ এই সংকটকালত ইৰাণৰ জনসাধাৰণক ধৈৰ্য্য ধৰিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd