শনিবাৰে পুৱা হায়দৰাবাদৰ আই টি হাব গচিবৌলি অঞ্চলত মদ্যপান কৰি বেপৰোৱাভাৱে গাড়ী চলোৱাৰ এটা গোচৰ পোহৰলৈ আহে, যাৰ ফলত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াত এখন দ্ৰুতবেগী মাৰ্চিডিজ বেঞ্জ গাড়ীয়ে এখন বাহনত খুন্দা মাৰি পলায়নৰ চেষ্টাত এজন ট্ৰেফিক কনিষ্টবলক গাড়ীৰ বনেটত কিছু দূৰলৈ টানি লৈ যায়।
হায়দৰাবাদ চহৰৰ আৰক্ষী বিষয়াৰ মতে, IIITজংচনৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু অভিযুক্তৰ নাম গুৰৰ্মপতি তৰুণ (২৪) বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তদন্তত যুৱকজনে মদ্যপান কৰি বিলাসী গাড়ীখন চলাইছিল বুলি জানিব পৰা গৈছে। প্ৰথমে তেওঁ আন এখন বাহনত খুন্দা মাৰে। কৰ্তব্যৰত ট্ৰেফিক কনিষ্টবল এজনে তেওঁক ৰখাবলৈ ইংগিত দিয়াৰ লগে লগে অভিযুক্তই গাড়ীখনৰ গতিবেগ বৃদ্ধি কৰাৰ ফলত কনিষ্টবলজন গাড়ীৰ বনেটৰ ওপৰত পৰি যায়। কনিষ্টবলজনক প্ৰায় এক কিলোমিটাৰ টানি লৈ যোৱাৰ পিছত আন মটৰচাইকেল আৰোহী আৰু আৰক্ষীয়ে গাড়ীখন ৰখাই দিয়ে।
ব্ৰেথালাইজাৰ পৰীক্ষাত তেজত এলক’হলৰ মাত্ৰা নিৰ্ধাৰিত সীমাৰ বহু ওপৰত হোৱা দেখা গৈছে বুলি আৰক্ষীয়ে জনায়। অভিযোগ আৰু চিচিটিভি ফুটেজৰ ভিত্তিত অসাৱধানতাৰে গাড়ী চলোৱা, জীৱন বিপন্ন কৰা, কৰ্তব্যৰত এজন ৰাজহুৱা সেৱকৰ কামত বাধা দিয়াকে ধৰি কেইবাটাও অভিযোগৰ অধীনত দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। এই গোচৰসমূহত আই পি চি আৰু মটৰ গাড়ী আইনৰ প্ৰাসংগিক ধাৰাসমূহৰ কথাও উল্লেখ কৰা হৈছে।
অভিযুক্তক গ্ৰেপ্তাৰ কৰি দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেওঁক সাংগাৰেড্ডী জিলাৰ কেণ্ডি কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।
বিষয়াসকলে জনোৱা মতে, তদন্তৰ অংশ হিচাপে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আৰু ওচৰৰ অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।





