• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সিন্ধুৰ পানী বণ্টনক লৈ ভাৰত-পাকৰ মাজত নতুন সংঘাত: আৰু কাৰ্যকৰী নহয় ১৯৬০ চনৰ চুক্তিৰ চৰ্তাৱলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 10:32 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক সিন্ধু জলচুক্তিক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰবাৰ তীব্ৰ সংঘাতৰ সূচনা হৈছে। পাকিস্তানৰ ধাৰাবাহিক সতৰ্কবাণীক আওকাণ কৰি ভাৰতে সিন্ধুৰ পশ্চিমমুখী উপনৈ বিতস্তা (ঝিলম) আৰু চন্দ্ৰভাগা (চেনাব) নদীৰ পানী ব্যৱহাৰৰ বাবে বৃহৎ প্ৰকল্পৰ কাম হাতত লোৱাত ক্ষোভ প্ৰকাশ কৰিছে ইছলামাবাদে। পাকিস্তানৰ জলসম্পদ আৰু বিদ্যুৎ উন্নয়ন কৰ্তৃপক্ষৰ (ৱাপদা) অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) মহম্মদ ছাইদৰ অভিযোগ কৰিছে যে ভাৰতৰ এই পদক্ষেপে অদূৰ ভৱিষ্যতে পাকিস্তানত ভয়াবহ খৰাং আৰু কৃত্ৰিম বানপানীৰ দৰে দুৰ্যোগ নমাই আনিব পাৰে।

সোমবাৰে ৱাপদাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিতস্তা আৰু চন্দ্ৰভাগা নদীৰ পানী অধিক পৰিমাণে ধৰি ৰখাৰ উদ্দেশ্যে ভাৰতে প্ৰায় ৬০ বিলিয়ন ডলাৰ (প্ৰায় ৫ লাখ ৪৮ হাজাৰ কোটি টকা) ব্যয়সাপেক্ষ এক বৃহৎ প্ৰকল্প আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে এই প্ৰকল্প পাকিস্তানৰ বিৰুদ্ধে এক প্ৰাণঘাতী অস্ত্ৰত পৰিণত হ’ব পাৰে বুলি তেওঁ শংকা প্ৰকাশ কৰে। তেওঁৰ মতে, বৰ্তমান সিন্ধু আৰু ইয়াৰ উপনৈসমূহত ভাৰতৰ পানী ধৰি ৰখাৰ ক্ষমতা মাত্ৰ ১৫ দিনৰ, কিন্তু এই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ উঠিলে এই ক্ষমতা ৫৫ৰ পৰা ৬০ দিনলৈ বৃদ্ধি পাব, যিটো পাকিস্তানৰ বাবে চৰম উদ্বেগৰ বিষয়।

Apply Now

তেওঁৰ মতে, ভাৰতে যদি প্ৰায় দুমাহৰ বাবে নদীৰ স্বাভাৱিক প্ৰবাহ বন্ধ কৰি ৰাখে, তেন্তে বিশেষকৈ খেতিৰ বতৰত পাকিস্তানত ভয়াবহ খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। আনহাতে, বাৰিষা বা প্ৰবল বৃষ্টিপাতৰ সময়ত ভাৰতে সংৰক্ষিত পানী একেলগে এৰি দি নিজৰ ইচ্ছামতে পাকিস্তানত বানপানীৰ সৃষ্টি কৰিব পাৰে বুলিও তেওঁ অভিযোগ কৰে। বৰ্তমানৰ ১৫ দিনৰ পানী সংৰক্ষণ ক্ষমতাৰেও ভাৰতে শেহতীয়া সময়ত এনে কাৰ্য কৰি অহা বুলি তেওঁ দাবী কৰে, যাৰ ফলত নিম্ন প্ৰবাহ অঞ্চলৰ বাসিন্দাসকল খোৱাপানী আৰু জলসিঞ্চনৰ তীব্ৰ সংকটত ভুগিছে।

বিগত এপ্ৰিল মাহত কাশ্মীৰৰ পহেলগামত পৰ্যটকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰে পৰা ইছলামাবাদে ধাৰাবাহিকভাৱে নতুন দিল্লীক সকীয়াই আহিছে। কিন্তু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনাৰ সৰ্বাধিনায়ক আছিম মুনিৰৰ ভাবুকিক আওকাণ কৰি যোৱা ডিচেম্বৰ মাহত জম্মু-কাশ্মীৰৰ কিস্তৱাৰত চন্দ্ৰভাগা নদীৰ ওপৰত এক নতুন জলবিদ্যুৎ প্ৰকল্পৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিশেষজ্ঞ কমিটীয়ে অনুমোদন জনায়। বিশ্ব বেংকৰ আৰ্থিক সাহায্যত নিৰ্মাণ হ‘বলগীয়া এই গ্ৰীণফিল্ড ষ্ট’ৰেজ প্ৰকল্পটোৰ জৰিয়তে ৫৪০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰা হ’ব বুলি ভাৰত চৰকাৰে প্ৰকাশ কৰিছে।

প্ৰসংগক্ৰমে উল্লেখ্য যে, ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু সেই সময়ৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানৰ মাজত সিন্ধু নদীৰ পানী বণ্টন সম্পৰ্কীয় এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তি অনুসৰি, সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ মুঠ পানীৰ ২০ শতাংশ ভাৰতে আৰু ৮০ শতাংশ পাকিস্তানে লাভ কৰাৰ কথা নিৰ্ধাৰণ কৰা হৈছিল। পূব দিশৰ তিনিখন নদী ক্ৰমে বিপাশা (বিয়াছ), ইৰাৱতী (ৰবি) আৰু শতদ্ৰু (চতলজ) নদীৰ পানীৰ ওপৰত ভাৰতৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থকাৰ বিপৰীতে পশ্চিমমুখী সিন্ধু, চন্দ্ৰভাগা আৰু বিতস্তা নদীৰ পানী পাকিস্তানে ব্যৱহাৰ কৰাৰ অধিকাৰ লাভ কৰিছিল। অৱশ্যে পশ্চিমৰ নদীকেইখনৰ পানীৰ ওপৰত ভাৰতৰ অধিকাৰ নাথাকিলেও চুক্তি অনুসৰি এই নদীসমূহৰ পৰা জলবিদ্যুৎ উৎপাদন কৰাত ভাৰতৰ কোনো বাধা নাই। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সিন্ধু জলচুক্তিৰ পুৰণি চৰ্তসমূহ আগন্তুক সময়ত আৰু কেতিয়াও কাৰ্যকৰী কৰা নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd