ইডেনত পুনৰ ভাগ্য সলনি নহ’ল দক্ষিণ আফ্ৰিকাৰ। চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেললৈ অপৰাজেয় যাত্ৰা অব্যাহত ৰখা আইডেন মাৰ্কৰামৰ দলটোৱে নকআউট পৰ্যায়ত আহি পুনৰ পুৰণি কলংক মচিব নোৱাৰিলে। বুধবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত একপক্ষীয় খেলখনত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক শোচনীয়ভাৱে পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰে। সম্পূৰ্ণ ষ্টেডিয়াম ভৰ্তি দৰ্শকৰ উপস্থিতিত এখন তীব্ৰ যুঁজ হ’ব বুলি আশা কৰা হৈছিল যদিও প্ৰটিয়াছ বাহিনীৰ অসহায় আত্মসমৰ্পণে সকলোকে আচৰিত কৰি তুলিলে।
খেলৰ আৰম্ভণিতে কিৱি অধিনায়ক মিচেল ছাণ্টনাৰে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয়। অধিনায়কৰ এই সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি দ্বিতীয় অভাৰতে ক’ল মেককাঞ্চিয়ে দুটাকৈ উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাক বিপদত পেলায়। ইয়াৰ পাছতে অধিনায়ক মাৰ্কৰামৰ বিতৰ্কিত আউট আৰু নিৰ্ভৰযোগ্য বেটাৰ ডেভিদ মিলাৰৰ ব্যৰ্থতাই দলটোৰ মেৰুদণ্ড ভাঙি দিয়ে। এটা সময়ত দিশহাৰা হৈ পৰা দলটোক ষষ্ঠ স্থানত বেটিং কৰিবলৈ অহা মাৰ্কো জান্সেনে কিছু সকাহ দিয়ে। জান্সেনে মাত্ৰ ৩০টা বলত ৫৫ ৰানৰ এক দায়িত্বশীল ইনিংছ খেলাৰ ফলত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত ২০ অভাৰত ১৬৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ইডেনৰ উইকেটত ১৭০ ৰানৰ লক্ষ্য নিউজিলেণ্ডৰ বাবে তেনেই সহজ আছিল। কিৱি দলৰ দুই অপেনাৰ টিম ছেইফাৰ্ট আৰু ফিন এলেনে আৰম্ভণিৰ পৰাই দক্ষিণ আফ্ৰিকাৰ বলাৰসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়। কাগিছ’ ৰাবাডা আৰু লুংগি ইংগিডিৰ দৰে শক্তিশালী বলাৰক প্ৰতিহত কৰি তেওঁলোকে প্ৰথম ৬ অভাৰতে খেলখন নিজৰ হাতলৈ লৈ যায়। ছেইফাৰ্টে মাত্ৰ ৩৩টা বলত ৫৮ ৰান কৰি আউট হয় যদিও আনটো মূৰত ফিন এলেনে নিজৰ বিধ্বংসী বেটিং অব্যাহত ৰাখে।
ফিন এলেনে মাত্ৰ কেইটামান বলৰ ব্যৱধানত শতক অৰ্জন কৰি নিউজিলেণ্ডে জয়ৰ দুৱাৰদলিত উপনীত কৰায়। ৪৩টা বল বাকী থকা অৱস্থাত দক্ষিণ আফ্ৰিকাক ধূলিস্যাৎ কৰি নিউজিলেণ্ডে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। দক্ষিণ আফ্ৰিকাৰ বাবে এই পৰাজয় আছিল অত্যন্ত মৰ্মান্তিক কাৰণ সমগ্ৰ টুৰ্ণামেণ্টত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ফাইনেলৰ পূৰ্বে তেওঁলোকে পুনৰবাৰ থমকি ৰ’বলগীয়া হ’ল।





