• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বিপিএফৰ টিকটৰ বাবে হাগ্ৰামা পত্নী সেউলী মহিলাৰী আৰু প্ৰমীলা ৰাণী ব্ৰহ্মাৰ মাজত তীব্ৰ যুঁজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 4:07 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কোকৰাঝাৰ বিধানসভা সমষ্টিত বিপিএফ দলৰ টিকট লাভৰ বাবে বৰ্তমান কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। বিশেষকৈ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পত্নী সেউলী মহিলাৰী আৰু দলৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এই আসনখনৰ বাবে প্ৰবল দাবীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। দুয়োগৰাকী নেত্ৰীয়ে ইতিমধ্যে সমষ্টিটোত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে।

সেউলী মহিলাৰীয়ে এইবাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। তেওঁ ইতিমধ্যে বিভিন্ন সামাজিক সংগঠন আৰু স্থানীয় ৰাইজৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে। ইয়াৰ অংশস্বৰূপে তেওঁ কোকৰাঝাৰ টাউন মাৰ্চেণ্ট এছ’চিয়েচনৰ কাৰ্যালয়লৈ গৈ ব্যৱসায়ীসকলৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছে।

Apply Now

ব্যৱসায়ী সন্থাই তেওঁক পূৰ্ণ সমৰ্থন জনোৱাৰ আশ্বাস দিছে আৰু তেওঁৰ নামটো দলৰ উচ্চস্তৰীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা কেইদিনমানত সেউলী মহিলাৰীয়ে সমষ্টিটোৰ চুকে-কোণে ঘুৰি ফুৰি সাধাৰণ ৰাইজৰ সৈতে পোনপটীয়া মত বিনিময় কৰা দেখা গৈছে।

আনফালে অসম চৰকাৰৰ তিনিবাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ময়ো একেখন আসনৰ বাবে নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অভিজ্ঞ ৰাজনীতিবিদগৰাকীয়ে নিজৰ দখলত থকা এই দুৰ্গটো পুনৰ উদ্ধাৰৰ বাবে পকেট মিটিং আৰু বিভিন্ন জনসংযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে।

যিহেতু দুয়োগৰাকী প্ৰভাৱশালী নেত্ৰীয়ে টিকটৰ বাবে উঠি-পৰি লাগিছে, গতিকে বিপিএফৰ ভিতৰচৰাত কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া সমগ্ৰ কোকৰাঝাৰত তীব্ৰ চৰ্চা চলিছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে এই টিকট কেন্দ্ৰিক প্ৰতিযোগিতাই নিৰ্বাচনৰ পূৰ্বে এক আমোদজনক পৰিৱেশৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd