• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত মুকলি! ৬ মাহৰ পিছত ডিটেনচন প্ৰত্যাহাৰ সোণম ৱাংচুকৰ, কি কৈছে কেন্দ্ৰই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2026 2:34 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ লাডাখত গণ প্ৰতিবাদৰ নেতৃত্ব দিছিল। আৰু তাৰ বাবেই পৰিবেশ কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকক যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আটক কৰা হৈছিল। অৱশেষত ৬ মাহৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে জাৰি কৰা ডিটেনচন প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সোনম ৱাংচুকক শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।

বিগত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত লাডাখত অশান্তিৰ ঘটনাত সোণম ৱাংচুকক আটক কৰা হৈছিল। তেতিয়াৰ পৰাই লাডাখৰ পৰিৱেশ কৰ্মীগৰাকী কাৰাগাৰত আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বা এন এছ এৰ অধীনত ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছিল তেওঁ। ইয়াক চৰকাৰে প্ৰতিৰোধমূলক পদক্ষেপ বুলি দাবী কৰিছিল।

Apply Now

শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে লাডাখত শান্তি, স্থিতিশীলতা আৰু পাৰস্পৰিক বিশ্বাসৰ পৰিৱেশ বজাই ৰাখিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ দ্বাৰা সকলো পক্ষৰ সৈতে গঠনমূলক আৰু অৰ্থপূৰ্ণ আলোচনা তৰান্বিত হ’ব। সেই উদ্দেশ্য আগত ৰাখি যথাযথ বিবেচনাৰ অন্তত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত নিজৰ ক্ষমতা প্ৰয়োগ কৰি সোণম ৱাংচুকৰ ডিটেনচন অৰ্ডাৰ তৎকালীনভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে।’

অমিত শ্বাহৰ মন্ত্ৰালয়ে লগতে লাডাখৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ বাবে তাত থকা সকলো দল আৰু জনগোষ্ঠীৰ সৈতে যোগাযোগত আছে বুলিও কয়। বিবৃতিটোত কোৱা হৈছে, ‘বন্ধ, প্ৰতিবাদ শান্তিপূৰ্ণ সমাজৰ বাবে ক্ষতিকাৰক। লাডাখৰ পৰ্যটন, শিক্ষা, চাকৰিৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে।’

ইয়াৰ পূৰ্বে সোণমৰ পত্নী তথা ‘হিমালয়ান ইনষ্টিটিউট অৱ অলটাৰনেটিভছ’ৰ মুখ্য কাৰ্যবাহী বিষয়া গীতাঞ্জলি জে আংমোৱে সোণমক আটক কৰি ৰখা কাৰ্যক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ স্বামীক অবৈধভাৱে আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ পত্নীয়েও দাবী কৰে যে কেন্দ্ৰই সোণমৰ ভাষণৰ ভুল ব্যাখ্যা কৰিছে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে তেওঁলোকৰ হৈ এই গোচৰটো যুঁজিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ ন্যায়ালয়ত কয় যে নেপাল আৰু বাংলাদেশৰ দৰে ভাৰততো নৱপ্ৰজন্ম বা জেন জিৰ সৰ্বাত্মক প্ৰতিবাদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে সোণমে। তেওঁ ইয়াত ইন্ধন যোগাইছিল।

উল্লেখ্য যে যোৱা বছৰৰ ২৬ ছেপ্টেম্বৰত সোণমক গ্ৰেপ্তাৰ কৰাৰ দুদিন পূৰ্বে লাডাখত প্ৰতিবাদৰ সময়ত চাৰিজন লোকৰ মৃত্যু হৈছিল। আহত হৈছিল ৯০জন লোক। ইয়াৰ ভিতৰত আছিল নিৰাপত্তাৰক্ষীও। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত লেহৰ জিলা দণ্ডাধীশৰ নিৰ্দেশত গ্ৰেপ্তাৰ হয় সোণমক। কোৱা হৈছিল যে এই সিদ্ধান্ত অঞ্চলটোত আইন-শৃংখলা বজাই ৰখাৰ বাবেই লোৱা হৈছিল। পিছত তেওঁক যোধপুৰ জেললৈ প্ৰেৰণ কৰা হয়। তেতিয়াৰ পৰাই সোণমক তাতেই আটক কৰি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd