মধ্যপ্ৰাচ্যৰ অস্থিৰতাই এতিয়া পোনপটীয়াকৈ আঘাত হানিছে দালাল ষ্ট্ৰীটত। পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে দেশত গেছৰ যোগানত নাটনি হৈছে। ইপিনে বিশ্বৰ বজাৰত খাৰুৱা তেলে প্ৰতি বেৰেলত ১১০ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ বাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত পতন নামিছে।
একেৰাহে তিনিদিন বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে ভাৰতীয় বেঞ্চমাৰ্ক সূচকাংক চেন্সেক্স আৰু নিফটিৰ মূল্য হ্ৰাস পায়। যাৰ বাবে বিনিয়োগকাৰীৰ প্ৰায় ৭.৬ লাখ কোটি টকাৰ সম্পদ মাত্ৰ এঘণ্টাতে অন্তৰ্ধান হৈ গ’ল।
আজিৰ দিনটোত বজাৰ মুকলি হোৱাৰ লগে লগে বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূল্য ৪৩০.৯৯ ট্ৰিলিয়ন টকালৈ হ্ৰাস পায়। যিটো বুধবাৰে আছিল ৪৩৮.৬৩ ট্ৰিলিয়ন টকা। দুয়োটা মূল সূচকাংক ব্যৱসায়ৰ আৰম্ভণিতে ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। বিএছই চেন্সেক্স সূচকাংক ১,৫৪৮.৮৫ পইণ্ট হ্ৰাস পাই ৭৫,১৫৫.২৮ পইণ্টত উপনীত হয়।
আনহাতে, এন এছ ই নিফটি ৫০ সূচকাংক ৪৫৮.৩৫ পইণ্ট হ্ৰাস পাই ২৩,৩১৯.৪৫ পইণ্টত উপনীত হয়। বজাৰৰ এই বৃহৎ পতনৰ আঁৰত কোনো এটা কাৰক নহয়; বৰঞ্চ বিভিন্ন বিশ্ব আৰু ঘৰুৱা হেঁচাই একেলগে কাম কৰিছে। বিশেষকৈ তেলৰ মূল্যবৃদ্ধি, মধ্যপ্ৰাচ্যত উত্তেজনা, বিদেশী বিনিয়োগকাৰীৰ বিনিয়োগ প্ৰত্যাহাৰ আৰু বিশ্ব বজাৰৰ দুৰ্বল অৱস্থা।
শ্বেয়াৰ বজাৰৰ পতনৰ কাৰণ কি?
খাৰুৱা তেলৰ বজাৰত প্ৰভাৱ:
তাৎক্ষণিকভাৱে আটাইতকৈ ডাঙৰ পতন আহিল খাৰুৱা তেলৰ বজাৰত। ইতিমধ্যে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ কাৰণ হৈছে শেহতীয়াকৈ ইৰাণ আৰু কাটাৰৰ মূল শক্তি আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ। ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল অৰ্থনীতিৰ বাবে তেলৰ দাম বৃদ্ধি হ’লে মুদ্ৰাস্ফীতি দ্ৰুতগতিত বৃদ্ধি পায়। চলিত একাউণ্টৰ ঘাটি বৃদ্ধি পায় আৰু কৰ্পৰেট লাভৰ ওপৰত হেঁচা পৰে। বিশেষজ্ঞসকলে আশংকা কৰিছে যে যদিহে তেলৰ মূল্য দীৰ্ঘদিন ধৰি ১১০ ডলাৰৰ ওপৰত থাকে, তেন্তে ২০২৭ চনৰ বিত্তীয় বৰ্ষৰ ৰাজহৰ পূৰ্বাভাসতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
মধ্যপ্ৰাচ্যত বৃদ্ধি পাইছে উত্তেজনা:
ভূ-ৰাজনৈতিক পৰিস্থিতিৰ দ্ৰুতগতিত অৱনতি ঘটিছে। ইৰাণৰ ছাউথ পাৰ্ছ গেছক্ষেত্ৰত হোৱা আক্ৰমণ আৰু কাটাৰৰ ৰাছ লাফান ঔদ্যোগিক চহৰৰ ক্ষতিসাধনৰ ফলত বিশ্বৰ শক্তি যোগানত ব্যাঘাত জন্মাব পৰাৰ আশংকা বৃদ্ধি পাইছে। যুদ্ধই এতিয়া তৃতীয় সপ্তাহত ভৰি দিছে। ফলত শক্তিৰ বজাৰত অনিশ্চয়তা বাঢ়িছে। উত্তেজনা বৃদ্ধি হ’লে তেলৰ মূল্য আৰু বৃদ্ধি হ’ব পাৰে। যিয়ে বিনিয়োগকাৰীৰ উদ্বেগ বৃদ্ধি কৰিছে।
বেংকিং শ্বেয়াৰৰ ডাঙৰ পতন:
বজাৰত বৃহৎ বিত্তীয় খণ্ডৰ শ্বেয়াৰ সৰ্বাধিক বিক্ৰী হৈছিল। কেৱল এইচ ডি এফ চি বেংকৰ শ্বেয়াৰে চেন্সেক্সক ৩৭৩ পইণ্ট তললৈ নমাই দিছে। তেওঁলোকৰ শ্বেয়াৰ ৩.৬৫ শতাংশ হ্ৰাস পাই ৮১২.৫০ টকা হয়। তদুপৰি আইচিআইচিআই বেংক আৰু এক্সিছ বেংকে মিলি সূচকাংক আৰু ২২০ পইণ্ট হ্ৰাস কৰে। আন আন ডাঙৰ হ্ৰাস পোৱা কোম্পানীসমূহৰ ভিতৰত আছে লাৰ্চেন এণ্ড টাব্ৰ’, বাজাজ ফাইনেন্স, ইটাৰ্নেল লিমিটেড। এই পতন কোনো একক খণ্ডত নহয়, বৰঞ্চ সমগ্ৰ বজাৰতে এক দুৰ্বলতা দেখা দিছে।
বিদেশী বিনিয়োগকাৰী:
এই পৰিস্থিতিত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে (এফপিআই) ভাৰতীয় বজাৰৰ পৰা ধাৰাবাহিকভাৱে ধন উলিয়াই নিছে। চলিত মাহত মাত্ৰ ১২টা ব্যৱসায়িক ছেছনত তেওঁলোকে ৭৭,২১৪ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। এয়া প্ৰতিদিনে গড়ে প্ৰায় ৬৪০০ কোটি টকা। এই অবিৰত ধনৰ প্ৰবাহে শ্বেয়াৰ বজাৰৰ লগতে মুদ্ৰাৰ ওপৰতো চাপ প্ৰয়োগ কৰি বজাৰত অস্থিৰতা বৃদ্ধি কৰিছে।
বজাৰত ঋণাত্মক ধাৰা:
এছিয়াৰ অন্যান্য বজাৰতো একেধৰণৰ ঋণাত্মক ধাৰা দেখা গৈছে। জাপানৰ নিকেই ২২৫ ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে। আনহাতে হাং চেং, কস্পিও ডাউন হৈ আছিল। ইয়াৰ পূৰ্বে ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ, এছ এণ্ড পি ৫০০ আৰু নাছডাক কম্পোজিটৰ ব্যৱসায়ো হ্ৰাস পাইছে।
ফেডে সুতৰ হাৰ কৰ্তন কৰা নাই:
আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ ৩.৫-৩.৭৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে। ফেডৰ বাৰ্তা স্পষ্ট যে অতি সোনকালে সুতৰ হাৰ কৰ্তনৰ কোনো সম্ভাৱনা নাই। ইয়াৰ ফলত বিশ্বৰ বজাৰত লিকুইডিটি হ্ৰাস পায় আৰু ভাৰতকে ধৰি উদীয়মান বজাৰসমূহ কিছু কম আকৰ্ষণীয় হৈ পৰে।
বৰ্তমানৰ বজাৰ সংশোধনৰ মূল কাৰণ হৈছে বিশ্বৰ জোকাৰণি, দেশৰ মৌলিক অৰ্থনৈতিক অৱস্থাৰ বাবে নহয়। কিন্তু এই তীব্ৰ পতনে দেখুৱাইছে যে বজাৰখন বিশ্বব্যাপী বিপদৰ প্ৰতি কিমান সংবেদনশীল। যদিহে তেলৰ দাম সুস্থিৰ হয় আৰু মধ্যপ্ৰাচ্যত উত্তেজনা কমি যায় তেন্তে বজাৰে পুনৰ সমৰ্থন বিচাৰি পাব পাৰে।
কিন্তু যদি এই হেঁচাবোৰ অব্যাহত থাকে তেন্তে অদূৰ ভৱিষ্যতে বজাৰৰ অস্থিৰতা উচ্চ পৰ্যায়ত থাকিব পাৰে। এই প্ৰসংগত ইনভেষ্টৰ এআইৰ চিইঅ’ ব্ৰুচ কিথে কয়, “গোলকীয় ভূ-ৰাজনৈতিক উত্তেজনা আৰু তেলৰ মূল্য বৃদ্ধিৰ বাবে বিপদৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে, আৰু ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো পৰিছে।”





