• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিত টিকট বঞ্চিত প্ৰাক্তন আছু নেতা: কংগ্ৰেছ ত্যাগীক প্ৰাধান্য দি সৰ্বানন্দৰ পাখি কাটিলে নেকি হিমন্তই?

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
June 14, 2026 9:10 pm
214
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী বতাহ! আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজনীতিত এক তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা শংকৰজ্যোতি বৰুৱাকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাক ২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে, কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা শিবিৰত যোগদান কৰা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা আৰম্ভ হৈছে। লক্ষণীয়ভাৱে, প্ৰাক্তন আছু নেতা তথা বিজেপিৰ সাংসদ তপন গগৈৰ লগতে আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা যেনে শংকৰ প্ৰসাদ ৰায়, ঋতুপৰ্ণ বৰুৱা আৰু দিব্যজ্যোতি মেধিয়েও টিকট লাভৰ পৰা বঞ্চিত হ’ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিত আছুৰ প্ৰাক্তন ছাত্ৰ নেতাসকলক আওকাণ কৰি সদ্যযোগদানকাৰী কংগ্ৰেছ নেতাক প্ৰাধান্য দিয়া কাৰ্যই দলৰ ভিতৰচ’ৰাত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ আঁৰৰ ৰাজনৈতিক সমীকৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

যোৱা কেইবাটাও বছৰ ধৰি আছুৰ পৰা বিজেপিলৈ নেতাসকলৰ এক সোঁত বৈ অহা পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ ২৪ জানুৱাৰীত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই গুৱাহাটীস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ তেওঁ এই সিদ্ধান্ত লোৱা বুলি দাবী কৰাৰ লগতে নিৰ্বাচনী টিকটৰ পৰিৱৰ্তে সাংগঠনিক কামত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ আৰম্ভণিতে আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু উপদেষ্টা প্ৰকাশ দাসে বিজেপিত যোগদান কৰিছিল। আনহাতে, ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰাক্তন সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিৰ নেতৃত্বত তিনি শতাধিক আছু কৰ্মীয়ে গেৰুৱা দলটোত যোগদান কৰিছিল। ইয়াৰ উপৰি প্ৰাক্তন উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী, তিনিচুকীয়া জিলাৰ প্ৰাক্তন সভাপতি সত্য বৰগোহাঁই, মাজুলী জিলাৰ প্ৰাক্তন সভাপতি প্ৰাণজিৎ হাজৰিকাৰ লগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কনক গগৈ, ৰাজীৱ গগৈ, ৰক্তিম বৰা, অৰ্জুন চেত্ৰী, ৰমেশ গড় আৰু দীপজ্যোতি দিহিঙীয়াৰ দৰে জ্যেষ্ঠ ছাত্ৰ নেতাই ছাত্ৰ সন্থাক ত্যাগ কৰি আহি বিজেপিত যোগদান কৰিছিল।

Apply Now

এই প্ৰাক্তন ছাত্ৰ নেতাসকলক দললৈ আদৰণি জনোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল যে নতুনকৈ যোগদান কৰাসকলে নিৰ্বাচনী টিকটৰ আশা কৰাৰ পৰিৱৰ্তে দলৰ সাংগঠনিক দিশটোতহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব। সেই অনুসৰিয়েই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত টিকট বিতৰণৰ ক্ষেত্ৰত শংকৰজ্যোতি বৰুৱাকে ধৰি এই বৃহৎসংখ্যক প্ৰাক্তন আছু নেতাক আওকাণ কৰা দেখা গ’ল। কিন্তু লক্ষণীয়ভাৱে, একে সময়তে কংগ্ৰেছৰ পৰা অহা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক বিজেপিয়ে টিকট প্ৰদান কৰিলে। এই কাৰ্যই ৰাজনৈতিক বিশ্লেষকসকলক আচৰিত কৰি তুলিছে, কিয়নো একাংশ নেতাক কেৱল সাংগঠনিক কামৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু আন একাংশক পোনে পোনে নিৰ্বাচনী যুঁজলৈ ঠেলি দিয়া হৈছে।

টিকট বিতৰণৰ এই কৌশলগত সমীকৰণৰ আঁৰত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰভাৱ হ্ৰাস কৰাৰ কোনো ৰাজনৈতিক অংক লুকাই আছে নেকি, তাক লৈয়ো এতিয়া ৰাজনৈতিক মহলত গুঞ্জন শুনা গৈছে। সৰ্বানন্দ সোণোৱাল নিজেই এসময়ত আছুৰ শীৰ্ষ নেতা আছিল। একাংশ বিশ্লেষকৰ মতে, সোণোৱালে আছুৰ প্ৰতি থকা অনুকম্পা আৰু নিজৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিলৈ আছুৰ নেতাসকলক আনিছিল। গতিকে দলৰ ভিতৰত প্ৰাক্তন আছু নেতাসকলৰ ক্ৰমবৰ্ধমান আধিপত্য বা ‘আছু লবী’ৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৌশলগতভাৱে তেওঁলোকক টিকটৰ পৰা বঞ্চিত কৰিলে নেকি, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আনহাতে, আন একাংশৰ মতে ৰাজ্যিক বিজেপিত নিৰ্বাচনত জয় নিশ্চিত কৰিবলৈ আৰু কংগ্ৰেছৰ দুৰ্গসমূহ খহাবলৈকে প্ৰভাৱশালী কংগ্ৰেছ ত্যাগী নেতাসকলক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰকৃত কাৰণ যিয়েই নহওক কিয়, আছু ত্যাগ কৰি গেৰুৱা বসন পিন্ধা এই বৃহৎসংখ্যক ছাত্ৰ নেতা বৰ্তমান নিজৰ ৰাজনৈতিক অৱস্থান আৰু ভৱিষ্যতক লৈ তীব্ৰ অনিশ্চয়তাত ভুগিছে।

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd