• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেৰগাঁও সমষ্টিৰ পৰা প্ৰভাত দাস পানিকাসহ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ২১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2026 7:08 pm
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ অসমত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই। আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ২১ গৰাকী প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে দলটোৱে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত মনোনয়ন দাখিল কৰে।

জেএমএমৰ কেন্দ্ৰীয় সমিতিৰ হৈ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ বিনোদ কুমাৰ পাণ্ডেই স্বাক্ষৰ কৰা এই তালিকাখনত উজনি অসম আৰু অন্যান্য কেইবাটাও অঞ্চলৰ প্ৰাৰ্থীসকলক স্থান দিয়া হৈছে। ইয়াৰ ভিতৰত ভেৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰভাত দাস পানিকাৰ নাম উল্লেখযোগ্য। প্ৰভাত দাস পানিকা অসমৰ এগৰাকী পৰিচিত আদিবাসী নেতা তথা সমাজকৰ্মী, তেখেতে দীৰ্ঘদিন ধৰি শ্ৰমিক আৰু ছাত্ৰ সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে। তেওঁ বৰ্তমান শ্ৰমিকৰ অধিকাৰ আৰু কল্যাণৰ হকে কাম কৰা সংগঠন ‘অসম মজুৰি শ্ৰমিক ইউনিয়ন‘ৰ (এএমএছইউ) সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ (আছা) ওদালগুৰি জিলা সমিতিৰ প্ৰাক্তন সভাপতি আছিল।

Apply Now

প্ৰকাশিত তালিকাখনত ভেৰগাঁও সমষ্টিৰ লগতে আন কেইবাখনো আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত মাজবাটৰ পৰা প্ৰীতি ৰেখা বাৰ্লা, বিশ্বনাথৰ পৰা তেহাৰু গৌড়, খুমটাইৰ পৰা অমিত নাগ, চাবুৱাৰ পৰা ভূৱেন মুৰাৰী, গোসাঁইগাঁৱত ফেডিক্ৰচন হাছদা, সোণাৰিত বলদেৱ তেলী, দুলীয়াজানত পিটাৰ মিনজ, ৰঙানদীত পৱন চাওতাল, ডিগবৈত ভৰত নায়ক আৰু টিংখাঙত মহাবীৰ বাস্কেৰ নাম উল্লেখযোগ্য

সমান্তৰালভাৱে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বোকাজান সমষ্টিৰ পৰা প্ৰতাপচন্দ্ৰ ৰংফাৰ আৰু খোৱাঙৰ পৰা প্ৰভাকৰ দাসে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে, বৰচলাৰ পৰা আব্দুল মাজন, ৰঙাপৰাৰ পৰা মেথিউ তপ্ন, মাৰ্ঘেৰিটাৰ পৰা জৰ্নেল মিনজ, নাহৰকটীয়াৰ পৰা সঞ্জয় বাঘ আৰু মাকুমৰ পৰা মুনা কৰ্মকাৰকো দলে টিকট প্ৰদান কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ২১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ জেএমএমৰ এই সিদ্ধান্তই অসমৰ জনজাতীয় আৰু চাহ বাগিচাৰ সম্প্ৰদায়সমূহৰ ভোটাৰসকলক লক্ষ্য হিচাপে লোৱা বুলি ধাৰণা কৰা হৈছে। আগন্তুক নিৰ্বাচনত জেএমএম-এ ৰাজ্যখনৰ প্ৰতিষ্ঠিত দল যেনে ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd