• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্ধনৰ সংকটৰ বাবে চাপত চৰকাৰ! সংসদত বিৰোধীৰ সহায় বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2026 3:37 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আশ্বাসতেই শেষ! কেন্দ্ৰীয় চৰকাৰৰ একাধিক পদক্ষেপে দেখুৱাইছে যে ইন্ধনৰ সংকটৰ ফলত চৰকাৰখন ক্ৰমান্বয়ে চাপত পৰিছে। সোমবাৰে সংসদত এই কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লোকসভাত প্ৰথমবাৰৰ বাবে পশ্চিম এছিয়াৰ যুদ্ধ সন্দৰ্ভত বক্তব্য ৰাখি তেওঁ নিজেই সাম্প্ৰতিক পৰিস্থিতিক কোভিড কালৰ সৈতে তুলনা কৰে। তেওঁ লগতে বিৰোধীক একত্ৰিত হৈ সমস্যাৰ সন্মুখীন হ’বলৈ আহ্বান জনায়।

কিন্তু কিছুদিন পূৰ্বে কেৰালাৰ পৰা আহি অসমত প্ৰচাৰ চলাওঁতে তেওঁ বাৰে বাৰে কৈছিল- ‘বৈদেশিক নীতিৰ ক্ষেত্ৰত এজন প্ৰকৃত দেশপ্ৰেমিক কেতিয়াও ৰাষ্ট্ৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ নকৰে। কিন্তু বিৰোধীয়ে সেইটো কামে কৰি আছে।’ এইবাৰ যুদ্ধৰ কথা মনত ৰাখি সেই মোদীয়ে লোকসভাত আহ্বান জনালে যে এনে সংকটৰ সময়ত চৰকাৰ আৰু বিৰোধীৰ সুৰ একে হ’ব লাগে। সংসদৰ পৰা হ’লেও সহমতৰ বাৰ্তা ওলাব লাগে। আনকি তেওঁ দেশবাসীৰ বাবে সংযম আৰু সহনশীলতাৰ পৰামৰ্শ দিয়াও শুনা গৈছে।

Apply Now

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ পথত। মুদ্ৰাৰ পতনে প্ৰতিদিনে নতুন অভিলেখ গঢ়ি তুলিছে। শ্বেয়াৰ বজাৰৰ পতন অব্যাহত আছে। দেশী-বিদেশী বিত্তীয় প্ৰতিষ্ঠানসমূহে বিনিয়োগ কৰা ধন উলিয়াই নিছে। আৰ্থিক লোকচান ৰোধ কৰিবলৈ সাধাৰণ মানুহেও মিউচুৱেল ফাণ্ডৰ পৰা ধন উলিয়াইছে। এছ আই পি বন্ধ কৰি দিছে। ৰপ্তানি যি জোকাৰণিৰ দিশে আগবাঢ়িছে, সেইটোৱেও ক’ৰ’না কালৰ কথা মনত পেলাই দিয়ে।

এই পৰিস্থিতিত সোমবাৰে প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে, ‘পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতি অতি চিন্তনীয় পৰ্যায়ত উপনীত হৈছে। আমাৰ প্ৰত্যেকেই দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱৰ বাবে সাজু থাকিব লাগিব।’

ইয়াৰ পাছতে তেওঁ বিৰোধী আৰু দেশবাসীক আহ্বান জনায় – ‘আহক, ক’ৰ’ণা কালত আমি যেনেকৈ ধৈৰ্য্য, সহ্য, সংযম আৰু সহনশীলতাৰে সেই সংকটৰ সন্মুখীন হৈছিলো, এইবাৰো আমি একেলগে একেধৰণৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিওঁ! যেতিয়া চৰকাৰ আৰু জনসাধাৰণে একেলগে বাট বুলিব, তেতিয়া সকলো প্ৰত্যাহ্বান অতিক্ৰমি জয় আহিবই।’

মোডীৰ আহ্বানৰ পিছতো বিৰোধী দল কংগ্ৰেছে চৰকাৰলৈ আঙুলি টোৱাবলৈ বন্ধ কৰা নাই। ৰাহুল গান্ধীৰ দলৰ প্ৰশ্ন হ’ল, আপুনি আমাক এতিয়ালৈকে কিবা কৈছেনে? বৈদেশিক নীতিত কি কি সিদ্ধান্ত লোৱা হৈছে, আজিৰ সমস্যাৰ বাবে কোনবোৰ নীতি দায়ী, বিৰোধীৰ লগত আলোচনা কৰাৰ প্ৰয়োজনীয়তা চৰকাৰে অনুভৱ কৰা নাছিল! কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে পোনপটীয়াকৈ কয়- ‘আমাক ইমান দিনে আন্ধাৰত ৰাখি এতিয়া ঐক্যৰ বাবে আবেদন কৰাটোৱেই যথেষ্ট নহয়!’

সংসদত মোডীৰ ভাষণত চৰকাৰে আশংকা কৰা সংকটৰ আভাস দিয়ে। তেওঁ কয় যে ভাৰতত ৫৩ লাখ মেট্ৰিক টন পেট্ৰ’ল সংৰক্ষিত হৈ আছে। ইয়াক ৬৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ উপৰিও গ্ৰীষ্মকাল পূৰ্ণগতিত চলি আছে। বিদ্যুতৰ চাহিদা বাঢ়িছে। বিদ্যুতৰ সংকট যাতে নহয় তাৰ বাবে প্ৰচেষ্টা চলাব লাগিব। কৃষকৰ হাতত যথেষ্ট খাদ্যৰ মজুত আছে। কয়লা উৎপাদন আৰু আমদানি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

অৰ্থাৎ চৰকাৰে খাদ্য, বিদ্যুৎ, কয়লা, শক্তিৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ৰোডমেপ প্ৰস্তুত কৰি আছে। কাৰণ, যুদ্ধৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে নিজেই আশংকা কৰিছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd