বৰ্তমান সময়ত অনিয়মিত খাদ্যাভ্যাস, অত্যধিক তেল-মছলাযুক্ত আহাৰ গ্ৰহণ আৰু প্ৰচণ্ড গৰমৰ ফলত বদহজম বা পেট ফুলা সমস্যাত ভোগা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই সাধাৰণ অথচ অস্বস্তিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে দৈনন্দিন খাদ্য তালিকাত বিশেষ কিছুমান ফল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছে। চিকিৎসাবিজ্ঞানৰ মতে, পেটৰ সমস্যা গুৰুতৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে যদিও প্ৰাথমিক অৱস্থাত নিয়মীয়া খাদ্যাভ্যাসৰ পৰিৱৰ্তন, সিজোৱা আহাৰ গ্ৰহণ আৰু আঁহযুক্ত ফলমূল খাই পাকস্থলী সুস্থ কৰি ৰাখিব পৰা যায়।
পাকস্থলীৰ স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে বিশেষকৈ তিনিবিধ ফলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, সেইকেইবিধ হৈছে— আনাৰস, কিউই আৰু অমিতা। এই ফলসমূহত প্ৰচুৰ পৰিমাণে আঁহ আৰু হজমকাৰক উৎসেচক থাকে, যিয়ে পাচন ক্ৰিয়া খৰতকীয়া কৰাত সহায় কৰে। নিয়মীয়াকৈ মাটিকঁঠাল গ্ৰহণ কৰিলে ই পেটৰ সমস্যা দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াত ‘ব্ৰমেলেইন’ নামৰ এবিধ বিশেষ উৎসেচক পোৱা যায়, যিয়ে প্ৰটিনজাতীয় টান আহাৰসমূহ সহজে হজম হোৱাত সহায় কৰে। ইয়াৰোপৰি এই উৎসেচকবিধত প্ৰদাহনাশক গুণ থাকে, যিয়ে অন্ত্রৰ প্ৰদাহ হ্ৰাস কৰি শৰীৰত এক স্বস্তিদায়ক অনুভূতিৰ সৃষ্টি কৰে। গধুৰ আহাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছত কেইটুকুৰামান মাটিকঁঠাল খালে খাদ্য সোনকালে হজম হয় বুলি জানিব পৰা গৈছে।
পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত কিৱি ফলৰ অৱদানো অনস্বীকাৰ্য। কিৱিত ‘একটিনিডিন’ নামৰ এবিধ উৎসেচক থাকে যিয়ে প্ৰটিন হজম কৰাত বিশেষভাৱে সহায় কৰে। তদুপৰি, এই ফলত থকা আঁহে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰি পেট পৰিষ্কাৰ ৰখাত অৰিহণা যোগায়। কিৱি ফলত থকা প্ৰিবায়’টিক উপাদানে অন্ত্রত থকা উপকাৰী বেক্টেৰিয়াবোৰক পুষ্টি প্ৰদান কৰে, যাৰ ফলত এই বেক্টেৰিয়াসমূহ অধিক সক্ৰিয় হৈ পৰে আৰু পাচন প্ৰক্ৰিয়া সুশৃংখলভাৱে পৰিচালিত হয়।
আনহাতে, আমাৰ চাৰিওকাষে সহজে পোৱা ফল অমিতা পেটৰ স্বাস্থ্যৰ বাবে এক মহৌষধ হিচাপে পৰিচিত। অমিতাত প্ৰচুৰ পৰিমাণে আঁহ আৰু ‘পাপাইন’ নামৰ এবিধ উৎসেচক থাকে। এই পাপাইন উৎসেচকে খাদ্য পৰিপাক ক্ৰিয়াত অত্যন্ত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰে। ইয়াৰোপৰি অমিতাত একাধিক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ উপলব্ধ। আঁহযুক্ত হোৱাৰ বাবে অমিতাই পেট পৰিষ্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে, প্ৰতিদিনে নিয়মীয়াকৈ কেইটুকুৰামান অমিতা গ্ৰহণ কৰিলে পেট ফুলা, বদহজম আৰু পেটৰ ভাৰ অনুভৱ হোৱা আদি সমস্যাসমূহ সহজে নিয়ন্ত্ৰণলৈ আহে।





