এয়াৰ ইণ্ডিয়াৰ এয়াৰবাছ ৩৫০ বিমানখন লণ্ডনলৈ যোৱাৰ সময়ত হোৱা কাৰিকৰী বিজুতিৰ বাবে ৭ ঘণ্টা আকাশত উৰি দিল্লীলৈ উভতি আহে। বৃহস্পতিবাৰে বিয়লি ঘটে এই ঘটনা। এই বিমানখনেই ১৫ মাৰ্চত নিউয়ৰ্কৰ পৰা দিল্লীলৈ উভতি অহাৰ পথত মাজ আকাশত ফলত বিমানখন আয়াৰলেণ্ডৰ শ্বেনন বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া হয়।
বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখী বিমানখন ঘূৰি অহাৰ পিছত কোম্পানীটোৱে কয় যে বিমানখনৰ যান্ত্ৰিক বিজুতিৰ তদন্ত চলি আছে। আৱদ্ধ যাত্ৰীসকলৰ বাবে ক্ষিপ্ৰতাৰে লণ্ডন পোৱাৰ ব্যৱস্থা কৰা হৈছে।
সূত্ৰ অনুসৰি, পুৱা ৬ বজাত উৰণৰ প্ৰায় চাৰি ঘণ্টাৰ পিছতে আকাশৰ মাজত বিমানখনৰ ইঞ্জিনৰ পৰা কিছু অস্বাভাৱিক শব্দ আহিবলৈ আৰম্ভ কৰে। তেতিয়া বিমানখন চৌদি আৰৱৰ আকাশত আছিল। ইয়াৰ পিছতে পাইলটজনে নিশা ১২:৩০ বজাত বিমানখন লৈ দিল্লীলৈ উভতি আহে।
উল্লেখ্য যে যোৱা বছৰৰ জুন মাহত এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বয়িং ৭৮৭ বিমানখন উৰণৰ কিছু সময়ৰ পিছতে আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত ২৬০ জন লোকৰ মৃত্যু হয়। তেতিয়াৰ পৰাই প্ৰতিখন বিমানৰ সঁজুলিৰ নিখুঁত পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিমানখনত সামান্য যান্ত্ৰিক ত্ৰুটি থাকিলেও পাইলটসকলে ৰিস্ক লোৱা নাই।
প্ৰশ্ন উত্থাপন হয়, বৃহস্পতিবাৰে যেতিয়া পাইলটজনে চাৰি ঘন্টা বিমানখন চলাই দিল্লীলৈ উভতি আহিবলৈ সক্ষম হৈছিল, তেতিয়া তেওঁ বিমানখন লৈ লণ্ডনলৈ গৈ অৱতৰণ কৰিব নোৱাৰিলেহেঁতেননে? সূত্ৰই দাবী কৰিছে যে সেই ক্ষেত্ৰত বিমানখনৰ সঁজুলি মেৰামতিৰ ক্ষেত্ৰত সমস্যা হ’ব পাৰিলেহেঁতেন। কাৰণ, লণ্ডনত এয়াৰ ইণ্ডিয়াৰ কোনো অভিযান্ত্ৰিক সহায় নাই।
কিছুদিন পূৰ্বে তিনিদিন শ্বেনন বিমানবন্দৰত আছিল বিমানখন। তাৰ পিছত খালীকৈ ঘূৰাই আনিব লগা হ’ল। এই ক্ষেত্ৰতো লণ্ডনৰ পৰা খালীকৈ ঘূৰাই আনিবলগীয়া হ’লহেঁতেন। তেতিয়া বিমান সংস্থাটোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’লহেঁতেন।





