অহা ৯ এপ্ৰিল, ২০২৬ত অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনত্ববিহীন, পুৰণি অভ্যাস অনুশীলন কৰি এইবাৰো ধৰ্মীয় মেৰুকৰণৰ কৌশলৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছে৷ ইয়াৰ বিপৰীতে, আগন্তুক পাঁচ বছৰৰ জীৱন-জীৱিকা, সংস্থাপন, শিক্ষা, স্বাস্থ্য ইত্যাদি বিষয়ৰ কথা চিন্তা কৰিহে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ সাধাৰণ ভোটাৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব৷ এক প্ৰেছ বিবৃতিযোগে অসমৰ জনসাধাৰণৰ প্ৰতি এই আহ্বান অসম চিভিলি ছচাইটিৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু সাধাৰণ সম্পাদক মছদ্দৰ হুছেইনৰ।
বিবৃতিটোত কোৱা হৈছে যে বিগত দহ বছৰৰ বিজেপি মিত্ৰজোটৰ চৰকাৰৰ কাৰ্যকালত উপৰোক্ত বিষয়বোৰ ভীষণভাৱে আক্ৰান্ত হৈছিল৷ বিজেপি মিত্ৰজোটৰ শেহৰ পাঁচ বছৰৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২ লাখ ৬ হাজাৰ কোটি টকাৰ ঋণ লৈছে৷ অসম একপ্ৰকাৰ ঋণফাণ্ডত ভৰি দিছে৷ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত এতিয়া ৬০ হাজাৰতকৈয়ো অধিক টকাৰ ঋণৰ বোজা জাপি দিয়া হৈছে৷ ভাৰতৰ পাঁচখন উন্নত শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমক উন্নীত কৰাৰ সপোন মিছা প্ৰতিপন্ন হৈছে৷
নেচনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া অৰ্থাৎ নিটি আয়োগৰ তথ্য অনুসৰি দেশৰ ২৮ খন পূৰ্ণাঙ্গ ৰাজ্যৰ ভিতৰত অসমৰ স্থান একেবাৰে শেষৰ ফালেহে আছে৷ অসমৰ জনজাতীয় আৰু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ ধাৰাবাহিক উচ্ছেদৰ লক্ষ্য হৈ পৰিছে বিজেপি মিত্ৰজোটৰ চৰকাৰৰ দিনত৷ জনসাধাৰণৰ মাজত বিভ্ৰান্তি বিয়পাবলৈহে বাংলাদেশী মুছলমান ভীতি সৃষ্টিৰ সেই আওপৰণি ফৰ্মূলা আওৰোৱা হৈছে৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ ঘণিষ্ঠ কৰ্প’ৰেট মহলৰ স্বাৰ্থত উচ্ছেদৰ জৰিয়তে প্ৰায় ৬০ হেজাৰ বিঘা কৃষি আৰু বনভূমি মোকলাবলৈ পৰিকল্পনা কৰিছে৷
কাৰ্বি আংলঙৰ বিশাল পৰিমাণৰ ভূমি কৰ্প’ৰেটক দিবলৈ গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মূখীন হ’বলগীয়া হৈছে ৰাজ্য চৰকাৰ৷ বৃহৎ কৰ্পৰেটক নাম মাত্ৰ এটকা মূল্যত প্ৰতি বিঘা মাটি আবণ্টন দিয়া হৈছে৷ কৃষক ভিত্তিক কৃষি ব্যৱস্থাক উৎখাত কৰি কৃষি খণ্ডটোক মিত্ৰ কৰ্প’ৰেটৰ হাতত তুলি দিবলৈ উঠি পৰি লাগিছে৷ অসমতো তৈল পাম, নেপিয়াৰ আদি নগদ-শস্যৰ কৃষিৰ বাবে বৃহৎ কৰ্প’ৰেট গোষ্ঠীবোৰক লাখ লাখ হেক্টৰ ভূমি গতোৱা হৈছে৷ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ উচ্ছেদে মানৱতাৰ সকলো সীমা চেৰাই গৈছে৷
ধলপুৰ, কাজিৰঙাৰ সংলগ্নকৃত অঞ্চল, কচুতলি আদিৰ উচ্ছেদৰ নৃশংসতাই অসমক বিশ্বৰ সন্মূখত লজ্জানত কৰিছে৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ২০২৪লৈকে অনুপ্ৰৱেশ কৰা বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা হৈছে৷ বিপৰীতে সকলো বিধি উলঙ্ঘা কৰি ধৰ্মীয় সংখ্যালঘু ভাৰতীয় নাগৰিকক বাংলাদেশলৈ ‘পুশ্ববেক’ কৰা হৈছে৷ পাছত ন্যায়ালয়ৰ হস্তক্ষেপত পুনৰ তেওঁলোকক উভতাই ল’বলগীয়া হৈছে৷ সঘনে সংঘটিত গোষ্ঠীগত অশান্তিৰ বাবে আদিবাসী আৰু ধৰ্মীয় সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভূগিব লগীয়া হৈছে৷
মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতাসকলৰ ঘৃণামূলক বক্তব্য আৰু আচৰণসমূহে চৰ অঞ্চলৰ গৰিৱ শ্ৰমজীৱী জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা নোহোৱা কৰিছে৷ খিলঞ্জীয়া-অখিলঞ্জীয়াৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবলৈ খিলঞ্জীয়াক বন্দুকৰ লাইচেন্স দিব বুলি মুখ্যমন্ত্ৰীৰ কৰ্তৃত্বৰ বাহিৰলৈ গৈ ঘোষণা কৰিছে৷ বঙ্গমূলীয় অসমীয়া মুছলমানক হাৰাশাস্তি কৰিবলৈ, ৰিক্সাৱালাক কমকৈ ভাড়া দিয়াৰ দৰে নিৰ্লজ আহবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা নিৰ্গত হৈছে৷ অশালীন ভাষা আৰু আচৰণেৰে অসমৰ সমাজ আৰু ৰাজনীতিক কলুষিত কৰিছে বিজেপিৰ অশিষ্টাচাৰী সংস্কৃতিয়ে৷
ঢোলে-ডগৰে প্ৰচাৰ কৰা অসমৰ খিলঞ্জীয়া মুছলমানৰ সমীক্ষা সম্পন্ন কৰিবলৈ বিগত দহ বছৰে বিজেপি মিত্ৰজোট চৰকাৰৰ সময় নোলাল৷ বিপৰীতে, মুখ্যমন্ত্ৰীৰ মুছলমান বিদ্বেষে খিলঞ্জীয়া অসমীয়া মুছলমানৰ ঐতিহাসিক পুৰুষ আজান ফকিৰ, বাঘ হাজৰিকা, ফখৰুদ্দিন আলী আহমেদকো ৰেহাই নিদিলে৷ ভাষা ভিত্তিক অসমীয়া জাতিৰ ধাৰণাক নস্যাৎ কৰি ধৰ্মৰ ভিত্তিত জাতীয় পৰিচয় সত্বা গঢ়িবলৈ ব্যৰ্থ প্ৰচেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে৷
নাগৰিকত্ব সংশোধনী আইন ‘কা’ জাপি দিয়াৰ উদ্দেশ্য আছিল আৰএছএছ-বিজেপিৰ উক্ত কাৰ্যসূচী ৰূপায়ন কৰা৷ ৰাজ্যত প্ৰতিজন নাগৰিকৰ বাবে ভয়, শঙ্কাবিহীন পৰিৱেশ গঢ়ি তুলিব পৰাটোহে আচলতে মুখ্যমন্ত্ৰী এজনৰ কৃতিত্ব, ৰাজনৈতিক সফলতাৰ স্বাক্ষৰ৷ বিপৰীতে, ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে ভীতিগ্ৰস্ত পৰিৱেশ সৃষ্টি কৰি নিজকে এজন হতাশাগ্ৰস্ত, ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে পৰিচয় দিছে৷
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ শোকৰপৰা অসমৰ জনসাধাৰণ আজিও মুক্ত হ’ব পৰা নাই৷ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনসাধাৰণে অহৰহ উত্থাপন কৰি আছে৷ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমৰ জনসাধাৰণ ক্ষান্ত নহয়৷
গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শাসন ব্যৱস্থাত বিশ্বাসী সংখ্যাগুৰু জনসাধাৰণৰ সহযোগ অবিহনে ধৰ্মীয় সংখ্যালঘু সকলে নিজৰ সমস্যা অকলে সমাধান কৰিব নোৱাৰে৷ সেয়ে সংখ্যালঘুক সংখ্যাগুৰুৰ পৰা বিচ্ছিন্ন কৰিব বিচৰা বা মুছলমানৰ নামত ভোট বিচৰা দলসমূহৰ প্ৰতিও সাৱধান থাকিব লাগিব৷ ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় ধাৰণাক বিশ্বাস কৰা দল বা জোটৰ প্ৰাৰ্থীক জয়ী কৰি বিধানসভালৈ পঠিওয়াৰ গুৰুদায়িত্ব সংখ্যালঘু সকলেও পালন কৰিব লাগিব৷
অসম চিভিল ছ’চাইটিয়ে বৰ্তমানৰ এই শ্বাসৰুদ্ধ অৱস্থাৰ অৱসান বিচাৰিছে৷ অসম চিভিল ছ’চাইটিয়ে বিচাৰে- প্ৰতিজন ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ সুনিশ্চিত হওঁক, ঘৃণাৰ ৰাজনীতিৰ অৱসান ঘটক৷ ভূমি, খাদ্য, শিক্ষা, স্বাস্থ্য, জীৱিকা, নিবনুৱা, নাৰীৰ অধিকাৰ, প্ৰদূষণ, ঘৃণা-বিদ্বেষমূলক ভাষণ, ৰাজনৈতিক অসহিষ্ণুতা, বাক স্বাধীনতা, গণতান্ত্ৰিক অধিকাৰ, আইনৰ শাসন, সংবিধান ৰক্ষা ইত্যাদি জ্বলন্ত ইছ্যুসমূহ এইবাৰৰ নিৰ্বাচনৰ মুখ্য বিষয় হওঁক৷ প্ৰতিজন ভোটাৰ ভোটদানৰ বাবে দলে-বলে ওলাই আহক৷ ভোটদানক পৱিত্ৰ কৰ্ম হিচাপে গণ্য কৰি সাংবিধানিক অধিকাৰ সাব্যস্ত কৰক৷





