অসম বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। শনিবাৰে ১৮ নং বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কংগ্ৰেছৰ শাসনকালৰ দুৰ্নীতিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ ৰাইজক মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। অৱশ্যে, লক্ষ্যণীয়ভাৱে এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী প্ৰচাৰ সভাত খোদ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰী অনুপস্থিত থাকে।
বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীয়ে বঙাইগাঁও সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীগৰাকীক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াবলৈ সাংসদ স্বামীৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰচাৰ চলাই আহিছে। শনিবাৰে অনুষ্ঠিত হোৱা এই প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক সম্বোধন কৰি অসমৰ সুৰক্ষা আৰু ভৱিষ্যতৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ আহ্বান জনায়। সভাত প্ৰাৰ্থীগৰাকী উপস্থিত নাথাকিলেও সোণোৱালৰ এই প্ৰচাৰ অভিযানে মিত্ৰজোঁটৰ কৰ্মীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।
সভাত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে দাবী কৰে যে কিছু দিনৰ পূৰ্বে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনতো বঙাইগাঁৱৰ ৰাইজে দিপ্তীময়ী চৌধুৰীক আকোঁৱালি লৈছিল আৰু বৰ্তমানৰ পৰিৱেশ দেখি তেওঁ আশাবাদী যে এইবাৰো প্ৰাৰ্থীগৰাকী জয়ী হ‘ব। অসমৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৃহত্তৰ অসমীয়া সমাজখনে সদায় অসম সুৰক্ষিত হৈ থকাটো বিচাৰে। কোনো বিদেশীয়ে যাতে অসমীয়া সমাজখনক বিপদাপন্ন কৰিব নোৱাৰে, তাৰ বাবেই ৰাইজে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক দুবাৰকৈ শাসনৰ বাঘজৰী তুলি দিছে বুলি তেওঁ উল্লেখ কৰে। লগতে, ৰাজ্যত তৃতীয়বাৰৰ বাবে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ‘ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।





