অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে ৩১ মাৰ্চ, মঙলবাৰে গুৱাহাটীত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’ আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই সংকল্প পত্ৰখন প্ৰকাশ কৰা হয়।
‘সুৰক্ষিত অসম, বিকশিত অসম’ শ্লোগানেৰে প্ৰকাশিত এই ইস্তাহাৰখনত বৃহৎ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। অৱশ্যে, এই প্ৰতিশ্ৰুতিসমূহৰ বাস্তৱায়নকে ধৰি ইস্তাহাৰখনৰ কেইবাটাও দিশক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।
ইস্তাহাৰখনত ‘লাভ জেহাদ’ আৰু ‘ভূমি জেহাদ’ৰ দৰে বিষয়ৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে, ১৯৫০ চনৰ অবৈধ অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কৰণ) আইনখন কাৰ্যকৰী কৰি অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বেদখলীকৃত ভূমি মুক্ত কৰাৰ কথা কোৱা হৈছে। লক্ষণীয়ভাৱে, এনে আৱেগিক শব্দৰ ব্যৱহাৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সম্প্ৰদায়ক একাষৰীয়া কৰাৰ এক সুপৰিকল্পিত ৰাজনৈতিক কৌশল হিচাপে পৰিগণিত হৈছে। লগতে এনে প্ৰতিশ্ৰুতিয়ে নিৰ্বাচনৰ পূৰ্বে সমাজত মেৰুকৰণৰ সৃষ্টি কৰিব পাৰে আৰু উচ্ছেদৰ ফলত প্ৰকৃত দৰিদ্ৰ লোকসকল প্ৰভাৱিত হোৱাৰো আশংকা আছে।
ৰাজ্যখনত সম নাগৰিক সংহিতা (ইউ চি চি) প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতিয়েও চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। চৰকাৰে ইউ চি চি ৰূপায়ণৰ কথা ক‘লেও, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু জনজাতীয় লোকসকলক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব বুলি উল্লেখ কৰিছে। একাংশ আইন বিশেষজ্ঞ আৰু বিৰোধী নেতাই আঙুলিয়াই দিছে যে ৰাজ্যখনৰ এক বৃহৎ অংশক বাদ দি প্ৰণয়ন কৰিব বিচৰা এই আইনখনে প্ৰকৃত সমতা স্থাপনত বাধাৰ সৃষ্টি কৰিব পাৰে।
অৰ্থনৈতিক দিশত, বিজেপিয়ে ২০৩১ চনৰ ভিতৰত ৰাজ্যৰ অৰ্থনীতি ১৫০ বিলিয়ন ডলাৰলৈ আৰু ২০৩৬ চনৰ ভিতৰত ৩০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লগতে ৫ লাখ কোটি টকাৰ আন্তঃগাঁথনিমূলক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বৃহৎ লক্ষ্যৰ বিপৰীতে বিত্তীয় বিশ্লেষকসকলে ৰাজ্যৰ বৰ্তমানৰ অৰ্থনৈতিক স্থিতিৰ কথা উল্লেখ কৰিছে। ২০২৫-২৬ বৰ্ষৰ বাজেট অনুসৰি ৰাজ্যখনৰ মুঠ ঋণ প্ৰায় ১,২১,৫৫৪ কোটি টকালৈ (GSDP-ৰ ২৫.২৪%) আৰু বিত্তীয় ঘাটি ২৭,৩৯৮ কোটি টকালৈ বৃদ্ধি পাইছে। ২০১৬-১৭ বৰ্ষৰ তুলনাত ঋণ গ্ৰহণৰ পৰিমাণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, এই বৃহৎ মূলধনৰ উৎস সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।
ইস্তাহাৰখনত ২ লাখ চৰকাৰী চাকৰি, ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ অধীনত ১০ লাখ যুৱক-যুৱতীলৈ ৫ লাখ টকাকৈ সাহায্য, অৰুণোদয় আঁচনিৰ ধন মাহিলি ৩,০০০ টকালৈ বৃদ্ধি আৰু ১৫ লাখ নতুন আৱাস নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। অৰ্থনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে এই বৃহৎ কল্যাণমূলক আঁচনিসমূহে ৰাজকোষৰ ওপৰত অতিৰিক্ত হেঁচা পেলাব পাৰে।
সামগ্ৰিকভাৱে, বিজেপিয়ে এই ইস্তাহাৰখনক ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ এক ব্লুপ্ৰিণ্ট হিচাপে উপস্থাপন কৰিছে যদিও সাম্প্ৰতিক বিত্তীয় স্থিতিয়ে ইয়াক নিৰ্বাচনী চমক হিচাপে ভাবিবলৈ বাধ্য কৰিছে। আগন্তুক নিৰ্বাচনত ভোটাৰ ৰাইজে এই প্ৰতিশ্ৰুতিসমূহক কেনেদৰে গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।





