এটা সময়ত এনে লাগিছিল যে পঞ্জাৱে মেচখন সম্পূৰ্ণ একপক্ষীয়ভাৱে জয়ী হ’ব। তেনেদৰে এটা সময়ত লাগিছিল যেন প্ৰসিদ্ধ কৃষ্ণৰ যাদুকৰী স্পেলত পৰা মেচ জিকি যাব পাৰে গুজৰাটে। কিন্তু দুয়োটাৰে কোনোটোৱেই নহ’ল। অৱশেষত মঙলবাৰে আই পি এলত টিম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক আৰু উপ-অধিনায়কৰ মাজত হোৱা যুঁজত জয়লাভ কৰে পঞ্জাৱ কিংছে।
মঙলবাৰে মুলনপুৰত টছত জয়লাভ কৰি পঞ্জাৱে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আই পি এলৰ আন পাঁচখন পিটচৰ দৰে মুলনপুৰৰ পিটচখনো বেটিংৰ বাবে একেবাৰে অনুকূল নাছিল। প্ৰথমে বেটিং কৰি গিলৰ গুজৰাটে ৬টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে।
গুজৰাটৰ হৈ গিলে নিজেই ২৭টা বলত ৩৯ ৰান সংগ্ৰহ কৰে। বাটলাৰে ৩৩টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। আচলতে আৰম্ভণিতে বলটো ভালদৰে বেটলৈ আহিছিল যদিও পিটচৰ গতি ক্ৰমান্বয়ে কমি আহিছিল। যিটো বেটছমেনসকলৰ বাবে সমস্যা হৈ পৰে।
প্ৰত্যুত্তৰত পঞ্জাবে ভাল আৰম্ভণি কৰিছিল। প্ৰথম উইকেটটো আগতীয়াকৈ হেৰুৱালেও দ্বিতীয় উইকেটৰ পাৰ্টনাৰশ্বিপত ৭৬ ৰান সংযোজন কৰে। ১২ অভাৰ ১ টা বলত ১১০ ৰানত তৃতীয় উইকেট হেৰুৱাই পঞ্জাবে। তাৰ পিছত প্ৰসিদ্ধ কৃষ্ণৰ এক যাদুকৰী স্পেল। ২ অভাৰত মাত্ৰ ৪ ৰানত ৩ টা উইকেট দখল কৰে। ফলত পঞ্জাবে ১১৮ ৰানৰ ভিতৰত ৬টা উইকেট হেৰুৱায়।
মেচত পুনৰ ঘুৰি আহিছিল গুজৰাট। কিন্তু যেতিয়া ইটোৰ পিছত সিটো ফালৰ পৰা উইকেট কমি আহিছিল, তেতিয়া পঞ্জাৱৰ জাৰ্চি পিন্ধি অভিষেক ঘটোৱা অষ্ট্ৰেলিয়ান বেটছমেন কুপাৰ কনলিয়ে ধৈৰ্য্যৰে এটা দিশত থিয় দিছিল। শেষত তেওঁৱেই মেচখন বাহিৰ কৰি নিলে। ৰিকি পণ্টিঙৰ ছাত্ৰগৰাকীয়ে ৭২ ৰানৰ এটা দুৰ্দান্ত ইনিংছ খেলিছিল। মাত্ৰ ৫টা বল বাকী থকা অৱস্থাত পঞ্জাৱে ৩ উইকেটত জয়লাভ কৰে।
প্ৰতিযোগিতাখনৰ আৰম্ভণিতে জয়ে প্ৰীতিৰ পঞ্জাৱক সকাহ দিব। কাৰণ এই জয়ৰ মাষ্টাৰমাইণ্ড কনলিয়ে প্ৰথমখন মেচতে নিজৰ ক্লাছ দেখুৱাইছে। অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰগৰাকীয়ে খেলখনত স্পষ্ট কৰি দিলে যে তেওঁ জোছ ইংলিছৰ অনুপস্থিতি অনুভৱ কৰিবলৈ নিদিয়ে।
সংক্ষিপ্ত স্কোৰঃ
গুজৰাটঃ ১৬২-৬ (গিল ৩৯, বাটলাৰ ৩৮)
পঞ্জাৱ কিংছঃ ১৬৫-৭ (কনলি ৭২, প্ৰভসিমৰণ ৩৭)
৩ উইকেটত জয়লাভ কৰে পঞ্জাব কিংছে।





