উত্তৰ প্ৰদেশৰ কাণপুৰত আৰক্ষীৰ এক বৃহৎ অভিযানত নেপালৰ সৈতে সম্পৰ্ক থকা এটা আন্তঃৰাজ্যিক কিডনী (বৃক্ক) সৰবৰাহ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। এই চাঞ্চল্যকৰ ঘটনাত আৰক্ষীয়ে চক্ৰটোৰ লগত জড়িত চিকিৎসকসহ মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰিছে। মানৱ অংগৰ অবৈধ ব্যৱসায় চলাই অহা এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি দৰিদ্ৰ আৰু অসহায় লোকসকলক প্ৰলোভন দি তেওঁলোকৰ কিডনী উলিয়াই বৃহৎ অংকৰ ধনৰ বিনিময়ত বিক্ৰী কৰি আহিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
গোপন সূত্ৰৰ পম খেদি কাণপুৰ আৰক্ষীয়ে চলোৱা এই অভিযানত চক্ৰটোৰ কেইবাখনো চহৰৰ সৈতে থকা যোগাযোগৰ তথ্য ফাদিল হৈছে। জানিব পৰা মতে, চক্ৰটোৱে মূলতঃ আৰ্থিকভাৱে পিছপৰা লোকসকলক লক্ষ্য কৰি লৈছিল আৰু তেওঁলোকক মোটা অংকৰ ধনৰ প্ৰলোভন দি কিডনী দান কৰিবলৈ সৈমান কৰিছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেইগৰাকীমান চিকিৎসকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ধৃত চিকিৎসককেইজনে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি চিকিৎসালয়ত অতি সংগোপনে এই অবৈধ অস্ত্ৰোপচাৰসমূহ সম্পন্ন কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই অবৈধ চক্ৰটোৰ জাল কেৱল ভাৰতৰ বিভিন্ন চহৰতে আৱদ্ধ নাছিল, বৰঞ্চ চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈকো শিপাইছিল। নেপালৰ পৰাও লোকক প্ৰলোভন দি ভাৰতলৈ আনি এই অবৈধ অস্ত্ৰোপচাৰ কৰা হৈছিল নে নেপালৰ চিকিৎসালয় বা নেটৱৰ্ক ব্যৱহাৰ কৰা হৈছিল, সেই সমগ্ৰ বিষয়টো আৰক্ষীৰ জেৰাতহে স্পষ্ট হ’ব। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছয় অভিযুক্তক কঠোৰ জেৰা অব্যাহত ৰাখিছে আৰু এই চক্ৰটোৰ লগত জড়িত আন আন সদস্যসকলক কৰায়ত্ত কৰাৰ বাবে অধিক অনুসন্ধান চলাই আছে।
এই ভয়ংকৰ মানৱ অংগ সৰবৰাহ চক্ৰটো উৎখাত হোৱাৰ লগে লগে সমগ্ৰ কাণপুৰকে ধৰি উত্তৰ প্ৰদেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসালয়ৰ দৰে স্থানত চিকিৎসকৰূপী একাংশ লোকৰ দ্বাৰাই এনে জঘন্য অপৰাধ সংঘটিত হোৱা কাৰ্যই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে আৰু অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে।





