দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু তথ্যৰ সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰী কাৰ্যালয়ত চীনা চিচিটিভি কেমেৰাৰ ব্যৱহাৰ, নিষিদ্ধ চীনা এপসমূহৰ পুনৰাৱিৰ্ভাৱ আৰু বিদেশী আৰ্টিফিচিয়েল ইন্টেলিজেন্স (এআই) প্লেটফৰ্মৰ দ্বাৰা সংবেদনশীল তথ্যৰ প্ৰক্ৰিয়াকৰণ সন্দৰ্ভত তেওঁ লোকসভাত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ উত্থাপন কৰা প্ৰশ্নৰ চৰকাৰে কোনো স্পষ্ট উত্তৰ নিদিয়া বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰিছে।
ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এক পোষ্টযোগে প্ৰকাশ কৰে যে তেওঁ সংসদত চৰকাৰক কেইবাটাও নিৰ্দিষ্ট প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত আছিল— যোৱা পাঁচ বছৰত ক্ৰয় কৰা চিচিটিভি কেমেৰাসমূহ কোন কোন দেশৰ পৰা অনা হৈছে, তাৰে কিমান শতাংশ কেমেৰা সুৰক্ষাৰ দিশৰ পৰা প্ৰমাণিত, চৰকাৰী তথ্য প্ৰক্ৰিয়াকৰণত কোনবোৰ বিদেশী এআই প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে আৰু নাম সলনি কৰি কোনবোৰ নিষিদ্ধ এপ পুনৰ চলি আছে। কিন্তু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী জীতিন প্ৰসাদে প্ৰদান কৰা উত্তৰত এই নিৰ্দিষ্ট প্ৰশ্নসমূহৰ কোনো সঠিক উত্তৰ, পৰিসংখ্যা বা প্লেটফৰ্মৰ নাম উল্লেখ কৰা হোৱা নাই। গান্ধীয়ে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে মন্ত্ৰালয়ৰ উত্তৰত বহু কথা কোৱা হ’ল যদিও প্ৰকৃত প্ৰশ্নৰ উত্তৰ পোৱা নগ’ল।
বিৰোধী দলপতিগৰাকীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰে শেহতীয়াকৈ চীনা চিচিটিভি কেমেৰাৰ ৰাজহুৱা ব্যৱহাৰ নিষিদ্ধ কৰিছে যদিও চৰকাৰী ভৱনসমূহৰ ভিতৰত এতিয়াও এই কেমেৰাসমূহ স্থাপন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ২০২১ চনতে চৰকাৰে স্বীকাৰ কৰিছিল যে ব্যৱহাৰ হৈ থকা ১০ লাখ চীনা কেমেৰাৰ দ্বাৰা ডাটা স্থানান্তৰৰ আশংকা আছে। কিন্তু তাৰ পাছতো বৰ্তমান ব্যৱহাৰ হৈ থকা কেমেৰাসমূহ সুৰক্ষিত নে নহয়, সেই বিষয়ে চৰকাৰে আজিও কোনো স্পষ্টীকৰণ দিয়া নাই বুলি তেওঁ অভিযোগ কৰে। গান্ধীয়ে দাবী কৰিছে যে মোদী চৰকাৰে ইচ্ছাকৃতভাৱে দেশবাসীক অন্ধকাৰত ৰাখিছে আৰু বিদেশী নিৰীক্ষণৰ তথ্য লুকুৱাই প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাক বিপদাপন্ন কৰিছে।
আনহাতে, মন্ত্ৰালয়ে দিয়া উত্তৰত কোৱা হৈছে যে চৰকাৰ চাইবাৰ সুৰক্ষাৰ প্ৰতি সজাগ আৰু বিগত ১২ বছৰত ডিজিটেল পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰে দূৰসংযোগ নেটৱৰ্ক, আইনী গাঁথনি আৰু চিচিটিভি প্ৰণালীৰ সুৰক্ষা সুদৃঢ় কৰাৰ দাবী কৰিছে। উত্তৰত কোৱা হৈছে যে চৰকাৰী বিভাগসমূহক নিৰ্দিষ্ট মানদণ্ড পূৰণ নকৰা চিচিটিভি সঁজুলি ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু বৰ্তমানলৈকে ৫০৭ টা মডেল ইআৰ (ER) মানদণ্ডৰ বাবে প্ৰমাণিত হৈছে। ইয়াৰোপৰি, তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত তথ্য সুৰক্ষাৰ স্বাৰ্থত ৬৫২ টা মোবাইল এপ্লিকেচন ব্লক কৰাৰ কথাও চৰকাৰে সদৰী কৰিছে।






