কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ দ্বীপেন্দৰ সিং হুদ্দাই সোমবাৰে তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰ কৃষি খণ্ড তথা অসমৰ চাহ উদ্যোগ ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
উত্তৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা দেশৰ কৃষি প্ৰধান ৰাজ্য হাৰিয়ানাৰ নেতা দ্বীপেন্দৰ সিং হুদ্দাই অসমৰ বিজেপি চৰকাৰেখনে কেৱল দুৰ্নীতি সংঘটিত কৰাৰ বাহিৰে আন একোকে কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
অসমৰ কৃষি খণ্ডৰ অচলাৱস্থাৰ প্ৰসংগ উল্লেখ কৰি হুদ্দাই কয় যে এইবাৰৰ নিৰ্বাচন অসমৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্বাচন৷ সমগ্ৰ দেশৰ দৃষ্টি অসমৰ ওপৰত নিবদ্ধ হৈ আছে৷ অসমবাসীয়ে কি সিদ্ধান্ত ল’ব তাৰ প্ৰতি দৃষ্টি ৰাখিছে সমগ্ৰ ভাৰতে। মই অসমবাসীক অভিনন্দন জনাইছো যে সকলো দিশৰ পৰা আহি থকা খবৰ অনুসৰি অসমবাসীয়ে ইতিমধ্যে এক সিদ্ধান্ত লৈ পেলাইছে। অৰ্থাৎ বিজেপি চৰকাৰক উৎখাত কৰাৰ সিদ্ধান্ত লৈছে অসমবাসীয়ে।
অসমত আজি দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ চলি আছে বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ সাংসাদগৰাকীয়ে কয় যে বিজেপি চৰকাৰক উৎখাত কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আমি আগতীয়াকৈ অসমবাসীক ধন্যবাদ জনাইছোঁ।
সমগ্ৰ দেশেই জানে যে ২৮ খন ৰাজ্য আৰু ৭ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কোনো ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰ যদি প্ৰথম স্থানত আছে সেয়া হৈছে দুৰ্নীতিত। দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি যদি কাৰোবাৰ নাম উচ্চাৰণ হয় সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ হয়৷ আমি এয়া স্বীকাৰ কৰোঁ যে দুৰ্নীতিত অসম আগবাঢ়িছে৷ উন্নয়নৰ ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰৰ কাৰ্যকালৰ মূল্যায়ন কৰা উচিত। দুৰ্নীতিগ্ৰস্ত বিজেপিক মানুহে ভোট দিব নোৱাৰে৷ ৰাইজে জনসাধাৰণৰ কল্যাণ আৰু অসমৰ উন্নয়নৰ কথা চিন্তা কৰা দলক ভোট দিয়ক৷ এইবাৰ কংগ্ৰেছক সমৰ্থন কৰক ৰাইজে৷
দ্বীপেন্দৰ সিং হুদ্দাই সংবাদমেলত কৃষি খণ্ডৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে কৃষি খণ্ডত মই নিজেও জড়িত আৰু কংগ্ৰেছ দলৰ হৈ কৃষিখণ্ডৰ বিষয়বোৰ দেশজুৰি উত্থাপন কৰি আহিছোঁ। সাধাৰণতে দেখা যায় যে কৃষি খণ্ডৰ বিষয়বোৰ সংবাদ মাধ্যমত কমকৈ প্ৰচাৰ হয়৷ যদিও গ্ৰামাঞ্চলৰ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমতে অসমৰ চাহ বাগিচাৰ প্ৰসংগ উল্লেখ কৰি কওঁ যে অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহৈছে চাহ উদ্যোগে। কিন্তু চাহ শ্ৰমিকৰ সৈতে অন্যায় কৰা হৈছে৷ শ্ৰমিকক অন্যায় কৰা কাৰ্যক নিন্দা কৰিছো। কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে যে কংগ্ৰেছৰ চৰকাৰ গঠন হ’লেই চাহ শ্ৰমিকক দৈনিক নূন্যতম মজুৰি ৪৫০ টকা আইনী নিশ্চয়তা প্ৰদান কৰা হ’ব। লগতে চাহপাতৰ মূল্য স্থিৰ তথা নিয়ন্ত্ৰণ কৰিবলৈ ক্ষুদ্ৰ উৎপাদকসকলৰ বাবে নূন্যতম সমৰ্থন মূল্য (এমএছপি) প্ৰৱৰ্তন কৰা হ’ব।
অসমৰ ধান উৎপাদনৰ ক্ষেত্ৰত অতি দুৰ্বল হৈছে। অসমৰ কৃষি খণ্ডত এতিয়াও দুবাৰকৈ খেতি কৰি ধান উৎপাদনৰ ব্যৱস্থা সম্পূৰ্ণভাৱে আৰম্ভ হোৱা নাই। পৰিকাঠামো, পানী যোগান আৰু ঋণৰ সুবিধাৰ অভাৱৰ বাবে এতিয়াও এবাৰে মাথো খেতি কৰা হয়। দেশৰ আন ঠাইত তিনিবাৰ পৰ্যন্ত ফচল উৎপাদন হয়, কিন্তু অসমত দুবাৰকৈয়ে কৰিব পৰা হোৱা নাই। ইয়াৰ পৰা স্পষ্ট হয় যে চৰকাৰৰ মনোযোগ উন্নয়নত নহয়, বৰং দুৰ্নীতিত নিমজ্জিত৷
পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ সময়ত বছৰি নূন্যতম সমৰ্থন মূল্য (এমএছপি) গড়ে ১২.৯ শতাংশ বৃদ্ধি হৈছিল৷ কিন্তু বিজেপি চৰকাৰৰ সময়ত এই বৃদ্ধি মাত্ৰ প্ৰায় ৬ শতাংশ। মুদ্ৰাস্ফীতি, ডিজেল আৰু সাৰৰ মূল্য বৃদ্ধিৰ তুলনাত কম। যাৰ বাবে ধান খেতিয়কসকলৰ অৱস্থা আগৰ তুলনাত অধিক বেয়া হৈছে আৰু ঋণ বৃদ্ধি পাইছে। মচুৰ উৎপাদকসকলৰ ক্ষেত্ৰতো একে অৱস্থা৷ কংগ্ৰেছ চৰকাৰৰ দিনত এমএছপি বছৰি ২২ শতাংশ বৃদ্ধি হৈছিল৷ এতিয়া ই মাত্ৰ ৭ শতাংশ বৃদ্ধি হৈছে। স্পষ্ট যে এইখন চৰকাৰ কৃষক বিৰোধী।
হুদ্দাই এমজি-এনৰেগা আঁচনিখনক ধ্বংস কৰাৰ অভিযোগ আনি কয় যে এমজি-এনৰেগা আঁচনিৰ ক্ষেত্ৰতো গ্ৰামাঞ্চলৰ সংকট বৃদ্ধি পাইছে। এই আঁচনিখন প্ৰায় ধ্বংস কৰি পেলোৱা হৈছে। ২০২৫ চনত ৬৬ লাখ পৰিয়াল আৰু ১.০৯ কোটি লোক পঞ্জীয়নভুক্ত আছিল যদিও মাত্ৰ ২৩,৯০০ জনে ১০০ দিনৰ কাম পাইছে৷ এয়া অসমৰ বাস্তৱ ছবি।
অসমৰ বান সমস্যা অতি ভয়াবহ। প্ৰতি বছৰে প্ৰায় ১০ লাখ লোক বানত প্ৰভাৱিত হয়৷ ২০০০ জনে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৮০০০ হেক্টৰ মাটি ক্ষতিগ্ৰস্ত হৈছে৷ যদিও বিজেপিয়ে বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। চাহ বাগিচা, কৃষি কাৰ্য হৈছে গ্ৰামাঞ্চলৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়। এইবোৰৰ ওপৰত গুৰুত্ব দিয়াটো অতিশয় প্ৰয়োজনীয়।
কংগ্ৰেছে ৫টা গেৰাণ্টিৰ ভিতৰত মহিলাসকলৰ বাবে ব্যৱসায় আৰম্ভ কৰিবলৈ ৫০ হাজাৰ টকাৰ সাহায্য, প্ৰতিগৰাকী লোকক ২৫ লক্ষ টকাৰ স্বাস্থ্য বীমা, ১০ লক্ষ লোকক ভূমিৰ অধিকাৰ, ১২৫০ টকা বৃদ্ধ পেন্সনৰ প্ৰতিশ্ৰুতি দিছে৷ কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব৷
অসমৰ দুৰ্নীতিৰ বিষয়ত আজি সমগ্ৰ দেশে দেখিছে যে এজন মুখ্যমন্ত্ৰীক সমগ্ৰ দেশেই “আটাইতকৈ দুৰ্নীতিগ্ৰস্ত” বুলি জানে৷ দুৰ্নীতি এতিয়া অসমৰ বাবে চিন্তাৰ বিষয়। ভূমি দখল, চিণ্ডিকেট আদিৰ দুৰ্নীতিৰ অভিযোগ ইতিমধ্যে সকলোৱে জানে৷ অসমত উত্থাপন হৈ অহা গুৰুতৰ অভিযোগসমূহৰ এক নিৰপেক্ষ তদন্ত হোৱা উচিত। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ব্যৱস্থা ল’ব লাগে। কিন্তু এই চৰকাৰ দুৰ্নীতিৰ সৈতে জড়িত বুলিয়েই জনসাধাৰণে বিশ্বাস কৰে। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ গঠন হোৱাতো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ সমগ্ৰ দেশত পৰিব বুলিও কয় হুদ্দাই৷





