অসমত চলি থকা বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত অনিয়মৰ অভিযোগৰ ভিত্তিত ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। শুকুৰবাৰে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, ১২৩ নম্বৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩৯ নম্বৰ বেবিলন হাই ইংলিছ স্কুল ভোটগ্ৰহণ কেন্দ্ৰত এই পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ প্ৰতিবেদন আৰু সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছতে আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰে।
জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ৫৮ নম্বৰ ধাৰা প্ৰয়োগ কৰি নিৰ্বাচন আয়োগে উক্ত কেন্দ্ৰটোত পূৰ্বে হোৱা ভোটগ্ৰহণ বাতিল ঘোষণা কৰিছে। নিৰ্দেশনা অনুসৰি, অহা ১১ এপ্ৰিল (শনিবাৰ) ৰাতিপুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে যে নিকা আৰু নিৰপেক্ষ ভোটগ্ৰহণ নিশ্চিত কৰিবলৈ ইতিমধ্যে সকলো প্ৰয়োজনীয় ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ লগতে তেওঁ সংশ্লিষ্ট কেন্দ্ৰটোৰ ভোটাৰসকলক বৃহৎ সংখ্যাত ওলাই আহি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা আৰু নিকা ভাৱমূৰ্তি বজাই ৰখাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।





