বিহাৰত এতিয়া বিজেপিৰ শাসন আৰম্ভ হৈছে। স্বাধীনতাৰ পাছত এইবাৰেই প্ৰথম বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছে বিজেপিৰ কোনো নেতা। বুধবাৰে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সম্ৰাট চৌধুৰীয়ে। নীতিশ কুমাৰে ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছৰে পৰা সম্ৰাট চৌধুৰীয়েই মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আটাইতকৈ আগত আছিল। তেওঁৰ ৰাজনৈতিক জীৱন অতি আকৰ্ষণীয়। ১৯৯০ চনত আৰ জে ডি দলৰ যোগেদি তেওঁ ৰাজনীতি আৰম্ভ কৰিছিল আৰু ৰাবড়ী দেৱীৰ চৰকাৰত মন্ত্ৰীও হৈছিল। তাৰ পাছত ২০১৪ চনত তেওঁ নীতিশ কুমাৰৰ দল জে ডি ইউত যোগদান কৰে। অৱশেষত ২০১৭ চনত তেওঁ বিজেপিত যোগ দিয়ে আৰু অতি কম সময়ৰ ভিতৰতে ৰাজ্যিক সভাপতি, উপ-মুখ্যমন্ত্ৰী আৰু এতিয়া মুখ্যমন্ত্ৰীৰ পদ লাভ কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰী হোৱাৰ লগতে তেওঁৰ সম্পত্তিৰ পৰিমাণো দ্ৰুতগতিত বৃদ্ধি পাইছে। নিৰ্বাচনী শপতনামা অনুসৰি, বিহাৰৰ এই নতুন মুখ্যমন্ত্ৰীগৰাকীৰ হাতত বহু কোটি টকাৰ সম্পত্তি আছে। তেওঁৰ হাতত নগদ এক লাখ পঁয়ত্ৰিশ হাজাৰ টকা আৰু পত্নীৰ হাতত পঁয়ত্ৰিশ হাজাৰ টকা আছে বুলি উল্লেখ কৰিছে। কিন্তু তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় এঘাৰ কোটি টকা। ইয়াৰ ভিতৰত আঠ কোটি টকাৰ কেৱল মাটিয়েই আছে। মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ নামত কোনো ঘৰ নাই যদিও পত্নীৰ নামত ব্যৱসায়িক ভৱন আছে। দুয়োৰে হাতত প্ৰায় দুশ গ্ৰামকৈ সোণ আছে। ইয়াৰ উপৰিও তেওঁৰ হাতত এটা ৰাইফল আৰু এটা ৰিভলভাৰো আছে।
সম্পত্তিৰ লগতে তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়টোৱেও এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে। নিৰ্বাচনী শপতনামা অনুসৰি তেওঁ কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা বুলি দাবী কৰিছে। কিন্তু এই ডিগ্ৰীক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। জন সুৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰে কৈছে যে সম্ৰাট চৌধুৰীয়ে দশম শ্ৰেণীও পাছ কৰিব পৰা নাছিল। ২০১০ চনৰ নিৰ্বাচনত তেওঁ নিজকে সপ্তম শ্ৰেণী পাছ বুলি উল্লেখ কৰিছিল। এটা পুৰণি গোচৰৰ সময়ত বিহাৰ বোৰ্ডে জনাইছিল যে তেওঁ মেট্ৰিক পৰীক্ষাত মাত্ৰ ২৩৪ নম্বৰ পাইছিল আৰু পাছ কৰিব পৰা নাছিল। যিজন মানুহে দশম শ্ৰেণী পাছ কৰা নাই, তেওঁ কেনেকৈ ডক্টৰেট ডিগ্ৰী পালে তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন কৰিছে। লগতে অতীতত তেওঁ কেইবাবাৰো নিজৰ নাম সলনি কৰা বুলিও অভিযোগ উত্থাপন হৈছে।





