• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ তিনিখন বিধেয়কক লৈ অস্বস্তি অব্যাহত বিজেপিৰ; প্ৰধানমন্ত্ৰীৰ আশ্বাসতো গলা নাই বিৰোধীৰ মন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:11 am
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাজনৈতিক সুবিধা’ৰ সতৰ্কবাণীৰ পৰা আৰম্ভ কৰি আশ্বাস, প্ৰতিশ্ৰুতি দি আহ্বান, আবেদন – বিৰোধীক কাবু কৰিবলৈ কৰা সকলো প্ৰচেষ্টা যেন অসাৰ হৈ গ’ল। মহা আত্মবিশ্বাসেৰে নৰেন্দ্ৰ মোডী চৰকাৰে এটা দিনত তিনিখন বিধেয়ক (যিটোৰ এটা আনখনৰ সৈতে জড়িত) অনাৰ পিছতো বৃহস্পতিবাৰে দিনটোৰ শেষত সম্পূৰ্ণ আশ্বস্ত হোৱা বুলি ক’ব নোৱাৰি।

ইয়াৰ প্রথম কাৰণ হ’ল প্রধানমন্ত্রী মোডী আৰু গৃহমন্ত্রী অমিত শ্বাহে বাৰে বাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধীৰ আঁকোৰগোঁজ স্থিতি৷ তেওঁলোকে কয় যে মহিলা সংৰক্ষণ বিধেয়কৰ অজুহাতত বিজেপিয়ে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰি সংখ্যাগত সুবিধা ল’বলৈ চেষ্টা কৰিছে। দ্বিতীয়তে, বৃহস্পতিবাৰে লোকসভাত উত্থাপন কৰা তিনিখন বিধেয়ক গৃহীত কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাত (ভোট শুকুৰবাৰে বিয়লি ৪ বজাত) প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা চৰকাৰৰ হাতত নাই।

Apply Now

কালি বিশেষ সংসদীয় অধিৱেশনৰ প্ৰথম দিনাই লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰে কেন্দ্ৰই। প্ৰথমখন হৈছে ২০২৩ চনত গৃহীত হোৱা ‘নাৰী শক্তি বন্ধন অধিনিয়াম’ (মহিলা সংৰক্ষণ) বিধেয়ক কাৰ্যকৰী কৰিবলৈ সাংবিধানিক সংশোধনী। দ্বিতীয়খন হ’ল মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰেক্ষাপটত সমগ্ৰ দেশৰ বাবে সমষ্টিৰ সীমা নিৰ্ধাৰণ বিধেয়ক আৰু তৃতীয়খন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসনৰ সীমা নিৰ্ধাৰণৰ বাবে সংবিধান সংশোধনী বিধেয়ক।

এই বিধেয়কসমূহ উত্থাপন হোৱাৰ পিছতে বিৰোধী শিবিৰত প্ৰতিবাদৰ সৃষ্টি হয়। তেওঁলোকৰ সংযুক্ত প্ৰতিবাদৰ সন্মুখত চৰকাৰে বিধেয়কখনৰ ওপৰত বিভাজন ভোট ল’বলৈ বাধ্য হ’ল। ইয়াত ২৫১ জন সাংসদে চৰকাৰৰ সপক্ষে ভোটদান কৰে। ১৮৫জন সাংসদে বিৰোধিতা কৰে। বিগত কিছুদিন ধৰি তিনিখন বিধেয়কক লৈ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ আহিছিল। বিৰোধীয়ে যে লোকসভাৰ মজিয়াত মাত মাতিব সেয়া স্পষ্ট হৈ পৰিছিল। দক্ষিণৰ ৰাজ্যৰ প্ৰতিবাদৰ সুৰ বিশেষভাৱে তীব্ৰতৰ হৈ পৰিছিল।

বৃহস্পতিবাৰে পুৱা সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে প্রস্তাৱিত সমষ্টি সীমা নিৰ্ধাৰণ বিধেয়কৰ প্রতিলিপি জ্বলাই কয়– ‘এয়া ক’লা আইন৷ তামিলসকলক নিজৰ মাটিতে শৰণাৰ্থী হিচাপে ৰখাৰ চেষ্টা কৰা হৈছে।’ দক্ষিণৰ বিৰোধী দলৰ মতে, যি ধৰণে আসন পুনৰ আবণ্টন কৰা হৈছে, সেয়া উত্তৰ ভাৰতৰ পৰা লোকসভাত আসনৰ সংখ্যা বৃদ্ধিৰ এক স্পষ্ট ষড়যন্ত্ৰ। ষ্টেলিনৰ দৰে দক্ষিণৰ বিৰোধী নেতাসকলৰ মতে এই পৰিকল্পনা বলপূৰ্বকভাৱে হিন্দী জাপি দিয়াৰ দৰেই।

সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে শুনা যায় ষ্টেলিনৰ দাবীৰ প্ৰতিধ্বনি। বিৰোধীৰ ক্ষোভক সম্বোধন কৰিবলৈ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুশীলনত নামিল। তেওঁ মহিলা সংৰক্ষণ বিধেয়কক আহিলা হিচাপে ব্যৱহাৰ কৰে। তেওঁ কয়, ‘যদি আপুনি ইয়াৰ বিৰোধিতা কৰে, তেন্তে ই মোৰ বাবে ৰাজনৈতিকভাৱে লাভজনক হ’ব। কিন্তু আমি একেলগে আগবাঢ়ি গ’লে কাৰো ৰাজনৈতিক লাভ-লোকচান নহ’ব৷ আমি কোনো ক্ৰেডিট নিবিচাৰো। এই বিধেয়কসমূহ সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ মুহূৰ্তত মই আপোনাক (বিৰোধী) ধন্যবাদ জনাই এটা বিজ্ঞাপন দিবলৈ সাজু হৈছো। ইয়াত আপোনালোকৰ সকলোৰে ছবি থাকিব। আপুনি কৃতিত্ব বিচাৰে? নলয়! মইতো আপোনালোকক ব্লেংক চেক দিবলৈ সাজু।’

তেওঁ আহ্বান জনায়, ‘মই এই সদনক ক’ব বিচাৰো, কোনো বিভ্ৰান্তি বা উগ্ৰতাৰ কবলত কোনেও নাথাকিব। মোৰ, আমাৰ বা আপোনাৰ নহয় — মই আমাৰ সকলোৰে কথা কৈছো। আমাৰ কোনোৱেই নাৰীৰ হাতত কিবা এটা গতাই দিছো বুলি ভ্ৰমত থাকিব নালাগে। আমি তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিছো, যাৰ পৰা তেওঁলোকে দশক দশক ধৰি বঞ্চিত হৈ আহিছে। এয়া পাপৰ পৰা মুক্ত হোৱাৰ সুযোগ।’ বিৰোধীক সকীয়াই দি মোদীয়ে কয়, ‘যদি বিধেয়কখনৰ বিৰোধিতা কৰে তেন্তে তাৰ মূল্য দিব লাগিব। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰাসকলক মহিলাসকলে ক্ষমা নকৰে।’

অৱশ্যে বিৰোধীয়ে বিচলিত হোৱা নাছিল। মহিলা সংৰক্ষণৰ আঁৰত কেন্দ্ৰই অন্যায়ভাৱে আসন পুনৰ আবণ্টনৰ পৰিকল্পনা কৰিছে বুলিও তেওঁলোকে কয়। কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে সংসদত প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয় যে, ‘আপুনি এতিয়া কিয় সমষ্টি সীমা নিৰ্দ্ধাৰণ অবিহনে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত নকৰে? প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পদৰ প্ৰতি আকৰ্ষিত নহয়। যদি তেনেকুৱাই হয় তেন্তে সমষ্টি সীমা নিৰ্দ্ধাৰণ অবিহনে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰক। ইয়াত দ্বিধা কিয়?’

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে প্ৰশ্ন কৰে- ‘আগতে এই বিধেয়কখন অনাৰ সুযোগ আছিল। এতিয়া কিয় আনিলে? কোনটো লোকপিয়লৰ ভিত্তিত এই কাম কৰা হৈছে? আমি সকলোৱে মহিলা সংৰক্ষণৰ পক্ষত। কিন্তু আপোনালোকে গোপনে পৰিকল্পনা কৰি যি নতুন মেপখন বনাইছে,তাৰ কি হ’ব!’

ইয়াৰ পূৰ্বে মোদীয়ে বিৰোধী দলক সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ স্পষ্টকৈ ক’ব বিচাৰিছিল যে দক্ষিণৰ ৰাজ্যসমূহত বিৰোধীৰ আশংকা ভিত্তিহীন৷ তেওঁ কয়, “মই দায়িত্বশীলতাৰে কৈছো যে দেশৰ কোনো ৰাজ্যই, উত্তৰ হওক, দক্ষিণ, পূব, পশ্চিম হওক – কাৰো লগত অন্যায় নহ’ব। আসনৰ অনুপাত সলনি নহ’ব, বৃদ্ধি একে অনুপাতত হ’ব। যদি মই এই ক্ষেত্ৰত গেৰান্টি শব্দটো ব্যৱহাৰ কৰিবলগীয়া হয়, তেন্তে মই সেইটো কৰিম। যদি প্ৰতিশ্ৰুতি শব্দটো ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে মই সেইটোও কৰিম। যদি তামিল ভাষাত এই শব্দবোৰৰ এটা ভাল প্ৰতিশব্দ থাকে, তেন্তে মই সেইটোও কবলৈ সাজু।” মই মাত্ৰ এটা কথা স্পষ্ট কৰিব বিচাৰো। মই শব্দৰ খেল খেলি কাকো বিভ্ৰান্ত কৰিব নিবিচাৰো।”

বহু ৰাজনৈতিক পৰ্যবেক্ষকে প্ৰধানমন্ত্ৰীৰ এই স্থিতিক ‘নৰম’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ প্ৰশ্ন, বিধেয়কখন গৃহীত কৰিবলৈকে চৰকাৰৰ হাতত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাই বুলিয়েই বিৰোধী শিৱিৰৰ প্ৰতি এনে অৱস্থান লৈছে? কেৱল মোডীয়েই নহয়, সংসদীয় ৰাজনীতিৰ গতিগোত্ৰৰ প্ৰতি সচেতন একাংশই বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষাতো বিৰোধীৰ ওপৰত সচৰাচৰ ঘটাৰ দৰে আক্ৰমণৰ চোক নাপালে। বৰঞ্চ তথ্য আৰু পৰিসংখ্যা দাঙি ধৰি শ্বাহে বিৰোধীক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে সীমা নিৰ্ধাৰণৰ বিষয়ে যি প্ৰচাৰ কৰা হৈছে সেয়া ভুল। পৰিসংখ্যা দাখিল কৰি শ্বাহে কয়, ‘এই তিনিখন বিধেয়কক লৈ এক বিভ্ৰান্তি বিয়পি পৰিছে। কোৱা হৈছে যে দক্ষিণৰ ৰাজ্যসমূহত আসনৰ সংখ্যা হ্ৰাস পাব আৰু তেওঁলোকে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব। কিন্তু আপোনালোকে চাওক, কৰ্ণাটকত বৰ্তমান লোকসভাৰ ২৮খন আসন আছে। ই ৪২ লৈ বৃদ্ধি পাব। আৰু প্ৰতিনিধিত্বৰ শতাংশও প্ৰায় অপৰিৱৰ্তিত হৈ থাকিব।’

ইয়াৰ আগতে অৱশ্যে সীমা নিৰ্ধাৰণক লৈ প্ৰিয়ংকা গান্ধীয়ে শ্বাহৰ ওপৰত এজাউৰি বৰষিলে। তেওঁ মহিলা সংৰক্ষণৰ নামত আসন পুনৰ বিন্যাসৰ যি ষড়যন্ত্ৰ সেয়া অমিত শ্বাহে ৰচনা কৰা বুলি অভিযোগ কৰে। ৱায়ানাদৰ সাংসদগৰাকীৰ ভাষাত, “আপোনালোকে প্ৰথমে অ’বিচিসকলক বাদ দি মহিলা সংৰক্ষণৰ কথা কৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে বিষয়টো পিছত দেখা যাব, ই এটা কাৰিকৰী বিষয়। আপোনালোকে এনে বিধেয়কক আহিলা হিচাপে ব্যৱহাৰ কৰি সীমা নিৰ্ধাৰণ বিচাৰিছে? এইদৰেই দেশৰ গণতন্ত্ৰৰ অন্ত পেলোৱাৰ প্ৰয়াস কৰা হৈছে।”

গান্ধীৰ ভাষণৰ সময়ত শ্বাহক হাঁহি থকা দেখা গ’ল। প্ৰিয়ংকাই কয়, “মোৰ কথা শুনি গৃহমন্ত্ৰী জীয়ে হাঁহিছে। তেওঁ জানে যে মই সঁচা কথা কৈছো। আজি যদি চাণক্য জীয়াই থাকিলহেঁতেন তেন্তে তেওঁও থতমত খালেহেঁতেন।” প্ৰিয়ংকাৰ কথাত গোটেই সদনে হাঁহি দিয়ে। কথাটো হ’ল বিজেপিৰ ভিতৰত শ্বাহক যে ‘চানক্য’ বুলি কোৱা হয়, সেয়া ৰাজনৈতিক মহলত অচিনাকি নহয়। ফলত প্ৰিয়ংকাই ‘চানক্য’ বুলি কওঁতে বহুতে হাঁহিছিল। যদিও ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ট্ৰেজাৰী বেঞ্চৰ পৰা কোনো উত্তৰ দিয়া হোৱা নাছিল।

বিধেয়কখনৰ ওপৰত আলোচনাৰ আৰম্ভণিতে ডি এম কেৰ সাংসদ টি আৰ বালুৱে অভিযোগ কৰে যে, “তিনিখন বিধেয়ক চেণ্ডুইচ বিল। এখনক আনখনৰ সৈতে চতুৰতাৰে সংযুক্ত কৰি দিয়া হৈছে।’ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয়, ‘মহিলা সংৰক্ষণৰ নামত চৰকাৰে সীমা নিৰ্ধাৰণ মহতিয়াই পেলাবলৈ চেষ্টা কৰিছে।’ অখিলেশে প্ৰশ্ন কৰে যে মহিলা সংৰক্ষণ বিধেয়কত মুছলমান মহিলাৰ বাবে পৃথক সংৰক্ষণ নাই কিয়? ইয়াৰ উত্তৰত শ্বাহে অৱশ্যে কয় যে ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰাটো সাংবিধানিক নহয়।

এনে পৰিস্থিতিত আজি বিয়লি ৪ বজাত তিনিখন বিধেয়কৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এতিয়া সকলোৰে চকু তাৰ ওপৰত।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

সন্তানৰ সন্মুখতে ফৰাচী মহিলাক গণ*ধ…ৰ্ষ..ণ! দুই দোষীক মৃত্যুদণ্ডৰ শাস্তি শুনালে আদালতে

June 4, 2026 4:21 pm
প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

প্ৰসিদ্ধ প্ৰযোজক, চেন্সৰ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ পহলাজ নিহালানীৰ দেহাৱসান; বলীউডত শোকৰ ছাঁ

June 4, 2026 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd