ব্ৰহ্মপুত্ৰ নদীত পৰি সন্ধানহীন হোৱা এজন ব্যক্তিৰ মৃতদেহ সুদীর্ঘ ছয় দিনৰ পাছত মাজুলীত উদ্ধাৰ কৰা হৈছে। মৃত ব্যক্তিজনক মাধৱ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।
যোৱা ১৬ এপ্ৰিলত কমলাবাৰীৰ পৰা নিমাতিঘাট অভিমুখে গৈ থকা এছ বি প্ৰীতীশ নামৰ এখন ফেৰীৰ পৰা পৰি তেওঁ সন্ধানহীন হৈছিল। যাত্ৰা কৰি থকা অৱস্থাতে হঠাৎ তেওঁ নদীত পৰি গৈছিল আৰু তাৰ পাছৰে পৰা তেওঁৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাছিল।
প্ৰশাসনে চলোৱা ব্যাপক তালাচীৰ পাছত মঙলবাৰে মাজুলীৰ ভকত চাপৰিৰ ওচৰত ব্ৰহ্মপুত্ৰৰ এটা চৰত তেওঁৰ মৃতদেহটো উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
স্থানীয় লোকে লগে লগে এই বিষয়ে আৰক্ষী আৰু প্ৰশাসনক খবৰ দিয়ে। পাছত আৰক্ষীৰ সৈতে মাধৱ শৰ্মাৰ পৰিয়ালৰ সদস্যসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ হোৱা মৃতদেহটো মাধৱ শৰ্মাৰ বুলি নিশ্চিত কৰে।
মাধৱ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে যোৱা ছয় দিন ধৰি চলি থকা উদ্ধাৰ অভিযানৰ অন্ত পৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
পৰিয়ালৰ লোকসকলে তেওঁক জীৱন্তে উদ্ধাৰ হোৱাৰ যি আশা কৰিছিল, মৃতদেহ উদ্ধাৰে সেই আশাত চেঁচা পানী ঢালিলে যদিও ছয় দিনৰ পাছত তেওঁৰ দেহটো বিচাৰি পোৱাত এতিয়া এক শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।



