মাত্ৰ ৩০ বছৰ বয়সতে হাৰ্ট এটেকৰ বাবে অকাল মৃত্যু ঘটিছে অভিনেত্ৰী দিব্যাংকা ছিৰোহীৰ। তেওঁৰ মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। কিহৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হ’ল? সূত্ৰ অনুসৰি দিব্যাংকাই এটা সময়ত আৰ্থিক চাপত জীৱন কটাবলগীয়া হৈছিল।
কেৱল সেয়াই নহয়, বহুদিন ধৰি কাম বিচাৰি ঘূৰি ফুৰিছিল দিব্যাংকাই। বহু লোকৰ পৰাও তেওঁ আৰ্থিক সহায় বিচাৰিছিল। মৃত্যুৰ ১৫-২০ দিন আগতে চিনাকি এজনৰ পৰাও আৰ্থিক সাহায্য বিচাৰিছিল। দিব্যাংকাৰ বন্ধুসকলেও কয় যে তেওঁ বহু লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে কোনেও সহায়ৰ হাত আগবঢ়োৱা নাছিল।
হাতত যি কাম আছিল অভিনেত্ৰীগৰাকীয়ে কৰিছিল যদিও ইয়াৰ পিছত কি হ’ব সেই কথা ভাবি বিচলিত হৈছিল। এই কথা জনাইছে দিব্যাংকাৰ এগৰাকী সহ অভিনেতাই। এটা সময়ত অভিনেত্ৰীগৰাকীয়ে গুৰুগ্ৰামত অকলে থাকিছিল। কিন্তু আৰ্থিক হেঁচাত ঘৰটোৰ পৰা ওলাই আহি গাজিয়াবাদত পৰিয়ালৰ সৈতে থাকিবলৈ লয়।
সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত্যুৰ সময়ত দিব্যাংকা ঘৰত অকলে আছিল। ঠিক তেতিয়াই অভিনেত্ৰীগৰাকীৰ হাৰ্ট এটেক হৈ মাটিত পৰি মূৰত আঘাতপ্ৰাপ্ত হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যুৰ পৰা বচাব পৰা নগ’ল।
উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত জন্মগ্ৰহণ কৰা দিব্যাংকাই অতি কম বয়সতে মনোৰঞ্জন জগতত প্ৰৱেশ কৰিছিল। চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দিব্যাংকাই ছিকিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।




