বঙাইগাঁও জিলাৰ অভয়াপুৰীত এক অতি চাঞ্চল্য্যকৰ ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণৰ ফলত শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই দুৰ্ভাগ্যজনক ঘটনাটো লালমাটি গণেশপুৰ কঁঠালগুৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে। জানিব পৰা মতে কেৱল শ্ৰেণী কোঠাৰ এখন খিৰিকী বন্ধ নকৰাৰ বাবেই শিক্ষকগৰাকীয়ে ছাত্ৰজনক এনেদৰে প্ৰহাৰ কৰিছিল।
আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ নাম চাহাজুল ইছলাম বুলি চিনাক্ত কৰা হৈছে যি উক্ত বিদ্যালয়খনৰে চতুৰ্থ শ্ৰেণীৰ এজন মেধাৱী ছাত্ৰ। পৰিয়ালৰ সদস্য আৰু স্থানীয় ৰাইজে অভিযোগ কৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰ্মলজ্যোতি নাথে শিশুটিৰ কাণত জোৰেৰে আঘাত কৰিছিল। ছাত্ৰজনে সাংবাদিকৰ আগত জনোৱা অনুসৰি শিক্ষকৰ প্ৰহাৰৰ পিছতে তেওঁৰ কাণেৰে তেজ ওলাবলৈ আৰম্ভ কৰিছিল। শিশুটিৰ অৱস্থা অৱনতি হোৱাত ততাতৈয়াকৈ ১০৮ জৰুৰীকালীন এম্বুলেঞ্চ সেৱাৰ জৰিয়তে তেওঁক অভয়াপুৰী ৰাজ্যিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান তাতে তেওঁৰ চিকিৎসা চলি আছে।
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজ তথা অভিভাৱকসকলে দোষী শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এজন শিশুৰ ওপৰত চলোৱা এনে ধৰণৰ শাৰীৰিক অত্যাচাৰক কোনেও সহজভাৱে ল’ব পৰা নাই।





