• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈভৱৰ শতকেও জিকাব নোৱাৰিলে RR-ক; ঈশানৰ পৰাক্ৰমেৰে জয়পুৰত জয় SRH-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:52 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈভৱ সূৰ্য্যবংশীৰ অভিলেখ আৰু বিধ্বংসী শতক – সকলো যেন নিমিষতে ম্লান হৈ পৰিল। প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ৬ উইকেটত ২২৮ ৰানৰ বিশাল স্ক’ৰ কৰে। বৈভৱৰ বিস্ফোৰক ইনিংছৰে গঢ়ি তোলা পাহাৰসম লক্ষ্য দিও শেষ হাঁহিব মাৰিব নোৱাৰিলে ৰাজস্থানে।

শনিবাৰে ছোৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ডাবল হেডাৰৰ দ্বিতীয়খন খেলত আৰম্ভণিৰে পৰাই তীব্ৰ উত্তেজনা সৃষ্টি হৈছিল। কিন্তু মেচখন আগবাঢ়ি যোৱাৰ লগে লগে ছবিখন সলনি হৈ গ’ল। ৰাজস্থানৰ ডাঙৰ স্ক’ৰৰ চাপ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সপক্ষে সলনি কৰিলে।

Apply Now

শেষ মুহূৰ্তত সোমাই আহি হাইদৰাবাদৰ বেটছমেনে সহজেই জয় কাঢ়ি লৈ ​​যায়। হায়দৰাবাদ যেতিয়া বেটিং কৰিবলৈ ওলাই আহিছিল, তেতিয়া আৰম্ভণিৰে পৰাই বিৰাট চাপ আছিল। কিন্তু তেওঁলোকে কেতিয়াও নিয়ন্ত্ৰণ হেৰুৱা নাছিল। সেইবাবেই এছ আৰ এইচে ৯টা বল বাকী থকা অৱস্থাতে ৫ উইকেটত জয়লাভ কৰে।

এপিনে বৈভৱৰ ঐতিহাসিক শতক আৰু ৰাজস্থানৰ বিশাল স্ক’ৰ, আনফালে হায়দৰাবাদৰ শীতল মস্তিস্কৰ ৰান চেজ – শেষত জয়পুৰৰ নিশাটো এছ আৰ এইচৰ বাবে ৰঙীন হৈ পৰিল আৰু ৰাজস্থানৰ বাবে কেৱল অনুশোচনা আৰু হেৰুৱা সুযোগৰ কাহিনীহে বাকী থাকিল। দিনটোৰ শেষত স্ক’ৰব’ৰ্ডত ৰাজস্থানৰ ৰান ডাঙৰ আছিল যদিও হায়দৰাবাদে জয়লাভ কৰিছিল আৰু বৈভৱৰ সপোনৰ ইনিংছটো কেৱল ৰেকৰ্ড বুকৰ পাততহে ৰৈ গ’ল৷

এই খেলখনত পুনৰ ৰাজস্থানৰ বেটিঙৰ কেন্দ্ৰত আছিল বৈভৱ সূৰ্যবংশী। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং আক্ৰমণ তচনচ কৰি গ’ল তেওঁৰ বেটিঙৰ ধুমুহাই। মেচৰ নিয়ন্ত্ৰণ লৈ তেওঁ এককভাৱে ৰাজস্থানক বিশাল স্ক’ৰলৈ লৈ যায়। ৰাজস্থানে টছ হাৰি বেটিং কৰিবলৈ যায়। ইনিংছৰ তৃতীয় অভাৰত যশস্বী জয়ছোৱালে মাত্ৰ ৮টা বলত ১০ ৰান সংগ্ৰহ কৰি উভতি আহে। কিন্তু তাৰ পিছত মেচখনৰ ছবিখন সলনি হ’ল। বৈভৱে দায়িত্ব ল’লে, তেওঁৰ লগত ধ্ৰুৱ জুৰেলেও সংগ দিয়ে। দ্বিতীয় উইকেটত ১১২ ৰানৰ ডাঙৰ স্ক’ৰ গঢ় লৈ উঠিছিল।

বৈভৱৰ আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক মুডত আছিল। ইটোৰ পিছত সিটো ছয়ৰ ফলত বিধ্বস্ত হৈ পৰিল বলাৰসকল। আনহাতে, জুৰেলে ৮টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৩৫টা বলত ৫১ ৰান সংগ্ৰহ কৰি ইনিংছটো সুস্থিৰ কৰি ৰাখিছিল। কিন্তু আচল ধুমুহাটো আছিল বৈভৱৰ বেটত। তেওঁ ৩৬টা বলত শতক স্পৰ্শ কৰি সমগ্ৰ ষ্টেডিয়ামখনক স্তম্ভিত কৰি তুলিছিল, ইয়াৰ পূৰ্বে তেওঁ ৩৫টা বলত কৰিছিল, এইবাৰ পুনৰবাৰ ইতিহাসৰ দুৱাৰত টুকুৰিয়াইছিল। শেষত ৩৭টা বলত ১০৩ ৰান কৰি ৰৈ যায়। ইনিংছত আছিল ১২টা ছয় আৰু ৫টা চাৰি। তেওঁ মাত্ৰ ১৫টা বলত অৰ্ধশতক অৰ্জন কৰি আৰম্ভণিৰে পৰাই বলাৰসকলক আক্ৰমণ কৰিছিল। পেট কামিন্সকে ধৰি হায়দৰাবাদৰ বলাৰসকলে মিডল অভাৰত চাপ প্ৰয়োগ কৰিছিল যদিও বৈভৱৰ সন্মুখত প্ৰায় অসহায় হৈ পৰিছিল।

ইয়াৰ উপৰিও ড’নভান ফেৰেইৰাই ১৬টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ পুনৰ ব্যৰ্থ হয়, ৯টা বলত ৭ ৰান কৰি আউট হয়। শেষৰ ফালে সৰু ইনিংছ এটা খেলিলেও ৰাজস্থানে ২২৮/৬ ৰানত ৰৈ যায়। অৱশ্যে গোটেই ইনিংছটোত আলোচনাত এটাই নাম আছিল – বৈভৱ সূৰ্য্যবংশী। এই ইনিংছৰ জৰিয়তে তেওঁ পুনৰবাৰ আই পি এলৰ ইতিহাসত নিজৰ নাম খোদিত কৰিলে। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এতিয়া এনে এখন ঠাইত থিয় হৈ আছে য’ত অভিলেখে তেওঁক অনুসৰণ কৰে, তেওঁ অভিলেখৰ পিছত নদৌৰে।

২২৯ ৰানৰ বিশাল লক্ষ্যৰ খেদি ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথম অভাৰত বিপৰ্যয়ৰ সন্মুখীন হৈ ট্ৰেভিছ হেডৰ উইকেট হেৰুৱাই পেলায়। কিন্তু তাৰ পিছত মেচখনৰ ছবিখন সলনি হ’ল। অভিষেক শৰ্মা আৰু ঈশান কিষানে পিংক চিটিত ধুমুহাৰ সৃষ্টি কৰে।

দ্বিতীয় উইকেটত ১৩২ ৰানৰ বিস্ফোৰক যুটীৰে দুয়োজনে খেলখনৰ জোৱাৰ সম্পূৰ্ণৰূপে ঘূৰাই পেলালে। অভিষেকে ২৯টা বলত ৫৭ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল, য’ত ১১টা চাৰি আৰু ১টা ছয় আছিল। আনহাতে ঈশানে অধিক আক্ৰমণাত্মক মুডত বেটিং কৰে। যিহেতু অধিনায়ক পেট কামিন্সৰ প্ৰত্যাৱৰ্তনত মেচখনত নেতৃত্বৰ কোনো চাপ নাছিল, সেয়েহে তেওঁ উইকেটকীপাৰ বেটছমেন হিচাপে আক্ৰমণাত্মক ইনিংছ খেলিছিল। ঈশানে মাত্ৰ ৩১টা বলত ৭৪ ৰানৰ বিধ্বংসী ইনিংছ খেলিছিল, য’ত ১১টা চাৰি আৰু ৩টা ছয় আছিল। তেওঁৰ বিস্ফোৰক বেটিঙে মেচখন সম্পূৰ্ণৰূপে এছ আৰ এইচৰ পক্ষত লৈ গ’ল।

ইয়াৰ বাহিৰেও হাইনৰিখ ক্লাচেনে ২৪টা বলত ২৯ ৰান সংগ্ৰহ কৰাৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়ে মাত্ৰ ১৮টা বলত ৩৬ ৰান সংগ্ৰহ কৰি মেচখন জয়ৰ মুখলৈ লৈ যায়। শেষত সলিল অৰোৰাই ৩টা বলত ৮ ৰান সংগ্ৰহ কৰি খেলখন সমাপ্ত কৰে। শেষত ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮.৩ অভাৰত ৫ উইকেটত ২২৯ ৰান সংগ্ৰহ কৰি সহজ জয় নিশ্চিত কৰে। ৰাজস্থানৰ ডাঙৰ স্ক’ৰ আৰু বৈভৱ সূৰ্যবংশীৰ অভিলেখ ইনিংছক ম্লান কৰি হায়দৰাবাদৰ বেটিং পৰাক্ৰমে এই মেচখনত শেষ হাঁহি মাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd