বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচনে (বি ডব্লিউ এফ) শনিবাৰে বেডমিণ্টনৰ ইতিহাসৰ অন্যতম বৃহৎ নিয়ম পৰিৱৰ্তনত অনুমোদন জনায়। ডেনমাৰ্কৰ হৰচেন্সত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত নতুন ৩x১৫ স্কোৰিং নিয়মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ ভোটেৰে এই প্ৰস্তাৱ গৃহীত হয় আৰু ২০২৭ চনৰ ৪ জানুৱাৰীৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী হ‘ব।
এই পদক্ষেপে প্ৰায় দুটা দশক ধৰি আধুনিক বেডমিণ্টনৰ পৰিচয় হৈ থকা ৩x২১ পইণ্টৰ ফৰ্মেটৰ অন্ত পেলাব। নতুন নিয়ম অনুসৰি, খেলসমূহ ২১ পইণ্টৰ পৰিৱৰ্তে ১৫ পইণ্টৰ বেষ্ট-অফ-থ্ৰী গেম হিচাপে খেলা হ‘ব। বি ডব্লিউ এফৰ মতে এই চুটি ফৰ্মেটে সময়সূচী উন্নত কৰিব, খেলত অধিক উত্তেজনাপূৰ্ণ মুহূৰ্তৰ সৃষ্টি কৰিব আৰু খেলুৱৈসকলৰ শাৰীৰিক সুস্থতাত সহায় কৰিব।
বি ডব্লিউ এফৰ সভাপতি খুনয়িং পাটামা লীচৱাডট্ৰাকুলে এই সিদ্ধান্তক বেডমিণ্টনৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে পৰৱৰ্তী প্ৰজন্মৰ বাবে খেলবিধৰ বিকাশ হোৱাটো প্ৰয়োজন। এই ৩x১৫ স্কোৰিং নিয়মে বেডমিণ্টনক অধিক আকৰ্ষণীয় আৰু প্ৰতিযোগিতামূলক কৰি তুলিব। খেলৰ আৰম্ভণিৰে পৰাই উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দৰ্শকসকলো শেষলৈকে খেলখনৰ সৈতে জড়িত হৈ থাকিব। দীৰ্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষা আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
অৱশ্যে, এই পৰিৱৰ্তনক লৈ কিছু সমালোচনাও হোৱা দেখা গৈছে। প্ৰাক্তন বিশ্বৰ এক নম্বৰ খেলুৱৈ তথা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালে এই পৰিৱৰ্তনৰ বিৰোধিতা কৰিছিল। তেওঁ সতৰ্ক কৰি দিছিল যে সংস্কাৰৰ নামত খেলবিধে নিজৰ মূল সত্তা হেৰুৱাব নালাগে। ছাইনাৰ মতে, যিকোনো পৰিৱৰ্তনে খেলৰ মানদণ্ড আৰু প্ৰতিযোগিতামূলক ভাৰসাম্যত বেয়া প্ৰভাৱ পেলাব নালাগে। সদায় এক নিকা প্ৰতিযোগিতা আৰু খেলৰ প্ৰকৃত মনোভাৱৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰিছিল।
এই উদ্বেগসমূহৰ উত্তৰ দি লীচৱাডট্ৰাকুলে কয় যে বেডমিণ্টনৰ মূল পৰিচয় অক্ষুণ্ণ থাকিব। পৰম্পৰাগত খেল এখনত পৰিৱৰ্তনে চিন্তাৰ সৃষ্টি কৰিব পাৰে যদিও ই বেডমিণ্টনৰ প্ৰকৃত স্বভাৱ সলনি নকৰে। খেলবিধৰ কৌশল, শাৰীৰিক আৰু মানসিক দাবীসমূহ একেই থাকিব। বৰঞ্চ এই পৰিৱৰ্তনে বেডমিণ্টনৰ বৈশিষ্ট্যসমূহ ৰক্ষা কৰি খেলবিধক অধিক শক্তিশালী হে কৰিব। ২০২৭ চনৰ পৰা হ‘বলগীয়া এই বৃহৎ পৰিৱৰ্তনৰ বাবে বি ডব্লিউ এফে এতিয়া খেলুৱৈ, প্ৰশিক্ষক আৰু ৰাষ্ট্ৰীয় ফেডাৰেচনসমূহৰ সৈতে আলোচনা অব্যাহত ৰাখি এক সুচল পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।





