পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত হৈছে লস্কৰ-ই-তৈবাৰ (LeT)ৰ প্ৰভাৱশালী কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী। এটাৰ পিছত এটাকৈ অজ্ঞাত বন্দুকধাৰীৰ লক্ষ্য হৈ পৰাৰ ঘটনালানিয়ে পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠনটোক চিন্তিত কৰি তুলিছে।
শ্বেখ ইউছুফ আফ্ৰিদী লস্কৰ-ই-তৈবাৰ অন্যতম শীৰ্ষ নেতা। উগ্ৰপন্থী সংগঠনটোত উগ্ৰপন্থী যুৱক-যুৱতীক নিযুক্তি, প্ৰশিক্ষণ আৰু সংগঠিত কৰাত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। বিশেষকৈ পাকিস্তানত তালিকাভুক্ত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী নেতা হাফিজ মহম্মদ ছইদৰ ঘনিষ্ঠ সহযোগী হিচাপে তেওঁ পৰিচিত। ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত হাফিজ ছইদ অভিযুক্ত।
স্থানীয় সূত্ৰ আৰু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অচিনাক্ত বন্দুকধাৰীয়ে শ্বেখ ইউছুফ আফ্ৰিদীৰ ওপৰত একাধিক গুলীচালনা কৰে। থিতাতে তেওঁৰ মৃত্যু হয়। পাকিস্তানী নিৰাপত্তা বাহিনীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে। এতিয়ালৈকে কোনো ব্যক্তি বা গোটে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই।
পাকিস্তানী কৰ্তৃপক্ষই এই হত্যাকাণ্ডক “স্পৰ্শকাতৰ” বুলি অভিহিত কৰিছে। উগ্ৰপন্থী সংগঠনৰ আভ্যন্তৰীণ সংঘাত, প্ৰতিদ্বন্দ্বী গোটৰ হস্তক্ষেপ বা বহিঃশক্তিৰ জড়িত থকাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে।
শ্বেখ ইউছুফ আফ্ৰিদীয়ে লস্কৰ-ই-তৈবাৰ সামৰিক শাখাত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত আছিল। তেওঁ বিভিন্ন প্ৰদেশৰ যুৱকক নিযুক্তি দি উগ্ৰপন্থী প্ৰশিক্ষণ শিবিৰলৈ প্ৰেৰণ কৰাৰ অভিযোগ। দীৰ্ঘদিন ধৰি তেওঁ পাকিস্তানী নিৰাপত্তা সংস্থাৰ নিৰীক্ষণত আছিল। বিশ্লেষকসকলৰ মতে তেওঁৰ মৃত্যুৱে লস্কৰ-ই-তৈবাৰ আভ্যন্তৰীণ গাঁথনিত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।
পাকিস্তানত উগ্ৰপন্থী সংগঠনৰ মাজত আভ্যন্তৰীণ সংঘাত দীৰ্ঘদিন ধৰি চলি আহিছে। বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত এনে হত্যাকাণ্ড সাধাৰণ। এই ঘটনাই পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাক লৈ সতেজ প্ৰশ্নৰ উত্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সমাজ, বিশেষকৈ ভাৰতে এনে ঘটনাক পাকিস্তানৰ উগ্ৰপন্থী নেটৱৰ্ক দুৰ্বল হোৱাৰ লক্ষণ বুলি ভাবে।
পাকিস্তান চৰকাৰে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে সেনা আৰু চোৰাংচোৱা সংস্থাই তদন্ত ত্বৰান্বিত কৰিছে। হাফিজ ছইদৰ ঘনিষ্ঠ সহযোগী হত্যাৰ লগে লগে লস্কৰ-ই-তৈবাৰ ভৱিষ্যতৰ কাৰ্যকলাপৰ ওপৰত আলোচনা আৰম্ভ হৈছে।





