চলন্ত গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সেই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৫ জনৰ। ৰাজস্থানৰ আলৱাৰৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
জানিব পৰা মতে, এই অঞ্চলৰ লক্ষ্মণগড় থানা এলেকাত হঠাৎ এখন চলন্ত গাড়ীত জুই লাগে। ইয়াত ৫ জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত আছিল ৩ গৰাকী মহিলা, ১ গৰাকী পুৰুষ আৰু ১ গৰাকী শিশু। নিহত আটাইকেইজন মধ্যপ্ৰদেশৰ শোহেপুৰৰ বাসিন্দা। তেওঁলোকে বৈষ্ণো দেৱী দৰ্শন কৰি উভতি আহিছিল।
খবৰ অনুসৰি, তেওঁলোকে বৈষ্ণো দেৱী দৰ্শনৰ বাবে এখন টেক্সি বুকিং কৰিছিল। দেৱী দৰ্শন কৰাৰ পিছত তেওঁলোক মধ্যপ্ৰদেশলৈ উভতি আহিছিল। নিশাৰ ফালে দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত তেওঁলোকৰ গাড়ীখন চলি আছিল। মৌজপুৰৰ লক্ষ্মনগড় আৰক্ষী থানাৰ আলৱাৰৰ ওচৰ পাওতে গাড়ীখনত হঠাতে জুই লাগি যায়। নিমিষতে গাড়ীখন জুইয়ে আগুচি ধৰে। গাড়ীখন দাউ দাউকৈ জ্বলিবলৈ ধৰে। খবৰ অনুসৰি গাড়ীখনৰ ভিতৰত থকা লোকসকলে প্ৰাণ হেৰুৱায়।
দুৰ্ঘটনাটোত জড়িত গাড়ীখন পেট্ৰ’ল আৰু চিএনজি দুয়োটাৰে চলাব পাৰি। প্ৰাথমিক তদন্তত দেখা গৈছে যে গাড়ীখনৰ পৰা কেনেবাকৈ গেছ লিক হৈছিল। তাৰ পিছতে জুই লাগে। গাড়ীখন ইমান সোনকালে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে যে ভিতৰত বহি থকা পাঁচজন লোকে নামিবলৈকে সময় নাপালে। জীৱন্তে অৱস্থাতে অগ্নিদগ্ধ হৈ পৰে। তাতেই তেওঁলোকৰ মৃত্যু হয়।
অৱশ্যে দুৰ্ঘটনাৰ সময়ত গাড়ীৰ পৰা জপিয়াই নামি চালকজনে নিজৰ প্ৰাণ ৰক্ষা কৰে। তেওঁৱো গুৰুতৰভাৱে আহত হয়। তেওঁৰ শৰীৰৰ বহু অংশ জ্বলি গৈছে। তেওঁক জয়পুৰৰ ছাৱাই মানসিংহ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাতেই তেওঁ চিকিৎসাধীন হৈ আছে।
ঘটনাৰ খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষী, উদ্ধাৰকাৰী দল আৰু প্ৰশাসন সেই স্থানত উপস্থিত হয়। তেওঁলোকৰ প্ৰচেষ্টাত সোনকালে জুই নিৰ্বাপিত হয়। কিন্তু তেতিয়ালৈকে ভিতৰত থকা পাঁচজন মানুহে প্ৰাণ হেৰুৱাই পেলাইছিল। সম্পূৰ্ণৰূপে জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। মৃতদেহকেইটা এনেদৰে জ্বলি গৈছে যে চিনাক্তও কৰিব পৰা নগ’ল। সেয়েহে ডিএনএ টেষ্টৰ জৰিয়তে মৃত লোককেইজনক চিনাক্ত কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এই দুৰ্ঘটনাৰ পিছতে এফ এছ এলৰ দলটোক তালৈ মাতি অনা হয়। কিয় এই দুৰ্ঘটনা সংঘটিত হ’ল সেই কথা জানিবলৈ তেওঁলোকে কাম কৰি আছে। তেনেকৈয়ে আৰম্ভ হৈছে তদন্ত।
প্ৰত্যক্ষদৰ্শীৰ মতে সকলো চকুৰ পচাৰতে ঘটিছিল। কেইমিনিটমানৰ ভিতৰতে গোটেই গাড়ীখন জুইয়ে আগুৰি ধৰে। তাতেই ৫ জন লোকৰ মৃত্যু হয়।




