মধ্যপ্ৰদেশৰ জবলপুৰৰ ওচৰত থকা বৰগী বান্ধত পৰ্যটক কঢ়িয়াই নিয়া এখন ক্ৰুজ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এক অত্যন্ত শোকাবহ দৃশ্য পোহৰলৈ আহিছে। শুকুৰবাৰে পুৱা উদ্ধাৰকাৰীয়ে যেতিয়া নৰ্মদা নদীৰ পৰা এগৰাকী মহিলা আৰু তেওঁৰ চাৰি বছৰীয়া সন্তানৰ মৃতদেহ উদ্ধাৰ কৰে, তেতিয়া দেখা গৈছিল যে মৃত্যুৰ শেষ মুহূৰ্তলৈকে মাতৃগৰাকীয়ে নিজৰ সন্তানক ৰক্ষা কৰাৰ চেষ্টা কৰি বুকুৰ মাজত জোৰেৰে সাৱটি ধৰি আছিল। মৃত মাতৃ আৰু শিশুটি দিল্লীৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। তেওঁলোকে পৰিয়ালৰ সৈতে নৰ্মদা ভ্ৰমণ কৰিবলৈ আহিছিল। চাৰিজনীয়া এই পৰিয়ালটোৰ পিতৃ আৰু কন্যাগৰাকী কোনোমতে ৰক্ষা পৰিলেও মাতৃ আৰু সন্তানৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি তুলিছে। বৃহস্পতিবাৰে বিয়লি হোৱা এই দুৰ্ঘটনাত প্ৰশাসনে বৰ্তমানলৈকে ৯ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে।
এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰা চৈয়দ ৰিয়াজ হুছেইন নামৰ এজন ব্যক্তিয়ে জনাইছে যে কেনেকৈ চকুৰ পচাৰতে সকলো শেষ হৈ গ’ল। হঠাতে বতৰ বেয়া হৈ যোৱাৰ বাবে শক্তিশালী ধুমুহা আৰম্ভ হৈছিল আৰু মুহূৰ্তৰ ভিতৰতে তেওঁৰ পত্নী, শাহুৱেক আৰু নাতি নিৰুদ্দেশ হৈ যায়। ৰিয়াজে জনোৱা মতে নৌকাখন হঠাতে হালি পৰিছিল আৰু অতি দ্ৰুতগতিৰে পানী সোমাবলৈ আৰম্ভ কৰিছিল। সকলোৱে চিঞৰ-বাখৰ কৰিছিল যদিও কোনেও একো কৰিব পৰা নাছিল। তেওঁ নিজে পানীৰ তলত ডুবি গৈছিল যদিও ভাগ্যক্ৰমে মূৰৰ অংশটো পানীৰ ওপৰত থকাৰ বাবে উশাহ লৈ থাকিবলৈ সক্ষম হৈছিল। প্ৰায় দুঘণ্টা ধৰি তেওঁ পানীৰ ওপৰত ওপঙি থকা মৃতদেহবোৰ প্ৰত্যক্ষ কৰিছিল আৰু পাছত উদ্ধাৰকাৰীয়ে তেওঁক উদ্ধাৰ কৰে। তেওঁৰ পৰিয়ালৰ আন সদস্যসকল এতিয়াও নিৰুদ্দেশ হৈ আছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱালৈকে মুঠ ২৪ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। আহতসকলৰ ভিতৰত ১৭ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰীয়ে জনোৱা মতে এতিয়াও ৫টি শিশুকে ধৰি মুঠ ৯ জন লোক নিৰুদ্দেশ হৈ আছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তদন্তৰ পৰা জানিব পৰা গৈছে যে ক্ৰুজখনৰ কেপ্টেইন মহেশ পেটেলে লাইফ জ্যাকেট পিন্ধি থকাৰ বাবে তেওঁৰ প্ৰাণ ৰক্ষা পৰিল। কিন্তু সাধাৰণ পৰ্যটকসকলৰ বাবে পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা আছিল নে নাই, সেই লৈ এতিয়া বহুতো গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়াও নিখোঁজ হৈ থকা লোকসকলক বিচাৰি উদ্ধাৰকাৰীয়ে নদীৰ বুকুত তালাচী চলাই আছে।





