জনপ্ৰিয় অভিনেতা থালাপতি বিজয়ে দক্ষিণ ভাৰতৰ ৰাজনীতিত চমক সৃষ্টি কৰিছে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তামিলনাডুত চৰকাৰ গঠনৰ স্থিতিত উপনীত হৈছে তেওঁৰ দল তামিলাগা ভেট্ৰি কাঝাগাম।
তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত আচৰিত ধৰণৰ ৰাজনৈতিক পৰিৱৰ্তন দেখা গৈছে। দীৰ্ঘদিনীয়া শক্তিশালী দল ডি এম কেক বৃহৎ ব্যৱধানত পিছ পেলাইছে টিভিকেই। প্ৰথম নিৰ্বাচনতে ১০০ খনতকৈও অধিক আসন জয়!
ৰাজনৈতিক বিশ্লেষকসকলে থালাপতি বিজয়ক ‘গেম চেঞ্জাৰ’ বুলি অভিহিত কৰিছে। এই নিৰ্বাচনত এটা সমষ্টিৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিছে। তিৰুপট্তুৰ সমষ্টিত টিভিকেৰ প্ৰাৰ্থী শ্ৰীনিবাস সেতুপতিয়ে ডিএমকেৰ প্ৰাৰ্থী কে আৰ পেৰিয়াকাৰুপনক মাত্ৰ ১টা ভোটত পৰাস্ত কৰে। এই সমষ্টিত ১ লাখ ৬০ হাজাৰৰো অধিক ভোটাৰ আছে।
তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত তামিলনাডুৰ তিৰুপট্টু বিধান সভা সমষ্টিত জয়লাভ কৰিছে শ্ৰীনিবাস সেতুপতিয়ে। তামিলাগা ভেট্ৰি কাঝাগামৰ প্ৰাৰ্থী হিচাপে তেওঁ মুঠ ৮৩,৩৭৫টা ভোট লাভ কৰি মাত্ৰ ১টা ভোটত জয়লাভ কৰে। আনহাতে, ডি এম কেৰ প্ৰাৰ্থী কে আৰ পেৰিয়াকাৰুপ্পনে ৮৩,৩৭৪ টা ভোট লাভ কৰি অতি সংকীৰ্ণ ব্যৱধানত পৰাজিত হয়।ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ২৯,০৫৪টা ভোট লাভ কৰা থিৰুমৰন কে.চি. তৃতীয় স্থানত থাকে।
সামগ্ৰিকভাৱে তামিলাগা ভেট্ৰি কাঝাগামৰ ফলাফলত দেখা গৈছে যে দলটোৱে ১০৮খন আসন লাভ কৰি একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ৫৯ৰ পৰা ৬০খন আসনেৰে ডি এম কে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ৪৭খন আসনেৰে তৃতীয় স্থানত আছে এ আই এ ডি এম কে।
ৰাজনৈতিক মহলে তামিলনাডুৰ এই ফলাফলক কেৱল চৰকাৰৰ পৰিৱৰ্তন নহয়, তামিলনাডুৰ ৰাজনীতিত এক নতুন যুগৰ আৰম্ভণি বুলি বিবেচনা কৰিছে। ৰাজনীতিত নতুন শক্তিৰ উত্থানে সমীকৰণটো কিমান ক্ষীপ্ৰতাৰে সলনি কৰিব পাৰে, আৰু এটা ভোটো কিমান নিৰ্ণায়ক হ’ব পাৰে সেয়া ২০২৬ চনৰ তামিলনাডু নিৰ্বাচনে দেখুৱাই দিলে।





