ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে সোমবাৰে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নৰ কাম-কাজক তীব্ৰ সমালোচনা কৰি ন্যায়িক নিৰ্দেশনা মানি চলাৰ ক্ষেত্ৰত হোৱা হেমাহিৰ অভিযোগত ত্ৰুটিৰ কাৰণৰ তথ্য বিচাৰি উলিওৱাৰ বাবে তদন্তৰ নিৰ্দেশ দিয়ে।
লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত বিচাৰপীঠে উল্লেখ কৰে যে পূৰ্বৰ এক নিৰ্দেশত বলবৎকাৰী সঞ্চালকালয়ক (ইডি) জাননী জাৰি কৰিবলৈ স্পষ্টভাৱে নিৰ্দেশ দিয়া হৈছিল। কিন্তু পঞ্জীয়নৰ কাৰ্যালয়ৰ প্ৰতিবেদনত এনে কোনো নিৰ্দেশনা দিয়া হোৱা নাই বুলি উল্লেখ কৰা হৈছে।
ইডিলৈ জাননী জাৰি নকৰাক লৈ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে। মুখ্য ন্যায়াধীশে ৰেজিষ্ট্ৰীক “অতি নিকৃষ্ট” বুলি অভিহিত কৰি কয় যে, “তেওঁলোকে নিজকে ভাৰতৰ ছুপাৰ মুখ্য ন্যায়াধীশ ( Super CJI) বুলি ভাবে।”
আদালতে ন্যায়িক পঞ্জীয়কক এই নিৰ্দেশনা কিয় ৰেকৰ্ডত নোহোৱা হৈছে আৰু কিয় জাননী প্ৰদান কৰা হোৱা নাছিল সেই বিষয়ে স্পষ্ট কৰিবলৈ কয়।
প্ৰতিবেদন অনুসৰি, মুখ্য ন্যায়াধীশগৰাকীয়ে এইটোও লক্ষ্য কৰিছে যে পঞ্জীয়কৰ কাৰ্য্যকলাপৰ সন্দৰ্ভত বিগত সময়তো একেধৰণৰ উদ্বেগ উত্থাপন কৰা হৈছে, যাৰ বাবে “বিতং তদন্ত”ৰ প্ৰয়োজন।
প্ৰায় ৩৭ হাজাৰ কোটি টকাৰ বিনিয়োগ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত আয়ুষী আগৰৱাল নামেৰেও পৰিচিত আয়ুষী মিত্তলৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়তে মুখ্য ন্যায়াধীশে এই কঠোৰ মন্তব্য কৰে।





