তামিলনাডুৰ ৰাজ্যপালৰ পৰা সন্মতি পোৱাৰ পিছত অৱশেষত বিজয়ে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। প্ৰথমতে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠান মে‘ মাহৰ দহ তাৰিখে বিয়লি ৩:৪৫ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু তেওঁৰ ব্যক্তিগত জ্যোতিষী ৰাধান পণ্ডিত ভেট্ৰিভেলৰ পৰামৰ্শ মতে এই সময় সলনি কৰা হয়। এটা শুভ মুহূৰ্তৰ কথা চিন্তা কৰি এই অনুষ্ঠানটো সেইদিনাই পুৱা ১০ বজালৈ আগবঢ়াই অনা হয়। জানিব পৰা মতে, ৰাজনীতিত প্ৰৱেশ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে প্ৰতিটো খোজতে এই জ্যোতিষীগৰাকীয়ে বিজয়ক সঠিক পথ দেখুৱাই আহিছে।
এতিয়া বিজয়ে মুখ্যমন্ত্ৰীৰ আসনত বহাৰ লগে লগে তেওঁৰ প্ৰিয় জ্যোতিষী ভেট্ৰিভেলৰো ভাগ্য মুকলি হৈছে। তামিলনাডু চৰকাৰে মঙলবাৰে ৰাধান পণ্ডিত ভেট্ৰিভেলক মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া অৰ্থাৎ ৰাজনৈতিক অ‘এছডি হিচাপে নিযুক্তি দিছে। চৰকাৰৰ এই গুৰুত্বপূৰ্ণ পদবী লাভ কৰাৰ পিছত এতিয়া সকলোৰে মাজত ভেট্ৰিভেলক লৈ বহুত চৰ্চা চলিছে।
ভেট্ৰিভেল তামিলনাডুৰ এজন অতি পৰিচিত আধ্যাত্মিক গুৰু আৰু জ্যোতিষী। নিৰ্বাচনৰ বহু আগতেই তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে বিজয়ে ৰাজনীতিত সুনামিতকৈয়ো অধিক শক্তিৰে আগবাঢ়ি যাব আৰু ডাঙৰ সফলতা লাভ কৰিব। চল্লিশ বছৰ ধৰি জ্যোতিষবিদ্যাৰ লগত জড়িত ভেট্ৰিভেলে ইয়াৰ আগতেও বহুতো ডাঙৰ ৰাজনীতিবিদৰ ভৱিষ্যতৰ কথা কৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতায়ো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভেট্ৰিভেলৰ পৰামৰ্শ লৈছিল বুলি জনা যায়। নিৰ্বাচনত বিজয়ৰ দল টিভিকে জয়লাভ কৰাৰ পিছত ভেট্ৰিভেলেই প্ৰথমতে গৈ তেওঁক অভিনন্দন জনাইছিল।
আচলতে ২০০৮ চনত দিল্লীলৈ যোৱাৰ পিছত তেওঁ নিজৰ নাম সলনি কৰি ৰাধান পণ্ডিত ৰাখিছিল। দিল্লীত তেওঁ বিজেপি, কংগ্ৰেছ, ডিএমকে আৰু এআইএডিএমকেকে ধৰি বিভিন্ন দলৰ নেতাক পৰামৰ্শ দি আহিছে। ইফালে, বিজয়ৰ নিৰ্বাচনী ফলাফলৰ ক্ষেত্ৰত প্ৰদীপ গুপ্তা আৰু তেওঁৰ এক্সিছ মাই ইণ্ডিয়া দলেও একেই ভৱিষ্যদ্বাণী কৰিছিল, যিয়ে বিজয়ৰ দলৰ বাবে ১০৮ ৰ পৰা ১২০ খন আসনৰ কথা কৈছিল। ছচিয়েল মিডিয়াতো ভেট্ৰিভেলে সাধাৰণ মানুহক জ্যোতিষৰ পৰামৰ্শ দি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে।
তামিলনাডু বিধানসভা নিৰ্বাচনত বিজয়ৰ দল তামিলাগা ভেট্ৰি কাঝাগামে অতি সুন্দৰ প্ৰদৰ্শন কৰি ২৩৪ খন আসনৰ ভিতৰত ১০৮ খন আসনত জয়লাভ কৰে। যদিও তেওঁলোকে অকলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় মেজিক নম্বৰ পোৱা নাছিল, তথাপিও কংগ্ৰেছ আৰু ভিচিকে আদি দলৰ সমৰ্থন লাভ কৰি বিজয়ে মুখ্যমন্ত্ৰী হিচাপে শপত ল‘বলৈ সক্ষম হয়। এতিয়া ৰাজ্যখনত মুখ্যমন্ত্ৰী বিজয় আৰু তেওঁৰ জ্যোতিষীৰ এই নতুন যুটিক লৈ যথেষ্ট চৰ্চা চলি আছে।





