• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পক্ষাঘাতগ্ৰস্ত শহুৰেকৰ লগত ভয়ংকৰ কাণ্ড : ৰাঁচীত গ্ৰেপ্তাৰ বোৱাৰীয়েক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 5:05 pm
276
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাড়খণ্ডৰ ৰাঁচীত এগৰাকী বোৱাৰীয়ে নিজৰ পক্ষাঘাতগ্ৰস্ত শহুৰেকক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, অভিযুক্ত বোৱাৰী নিকিতা গুপ্তাই তেওঁৰ শহুৰেক তথা চহৰখনৰ বিশিষ্ট হোমিঅ’পেথী চিকিৎসক ডাঃ কে পি গুপ্তাক গাৰুৰে মুখ চেপি উশাহ বন্ধ কৰি হত্যা কৰে।

শনিবাৰে ৰাঁচীৰ বিদ্যানগৰত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হয় আৰু দেওবাৰে আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। মৃত চিকিৎসকগৰাকীৰ পুত্ৰই নিজৰ পত্নীক এগৰাকী চাইকো কিলাৰ বুলি অভিহিত কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে।

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি, ডাঃ কে পি গুপ্তা যোৱা কেইবামাহো ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছিল। শনিবাৰে দুপৰীয়া যেতিয়া ঘৰৰ আন সদস্যসকল বাহিৰত আছিল, সেই সুযোগতে নিকিতাই শহুৰেকৰ ওপৰত চৰাও হয়। সেই সময়ত চিকিৎসকগৰাকীৰ পত্নীয়ে পুত্ৰৰ দোকানলৈ খাদ্য দিবলৈ গৈছিল আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ বোৱাৰীয়েকে এই হত্যাকাণ্ড সংঘটিত কৰে। আৰক্ষীৰ মতে, দীৰ্ঘদিন ধৰি নিকিতা আৰু তেওঁৰ শহুৰেকৰ মাজত ঘৰুৱা কন্দল চলি আছিল আৰু সেই খঙৰ পৰিণতিতে এই চৰম পদক্ষেপ গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।

মৃতকৰ পুত্ৰ সৌৰভে অভিযোগ কৰিছে যে তেওঁৰ পত্নীয়ে কেৱল হত্যা কৰাই নহয়, বৰঞ্চ প্ৰমাণ নষ্ট কৰিবলৈও আপ্রাণ চেষ্টা চলাইছিল। হত্যাৰ বাবে ব্যৱহাৰ কৰা তেজ লাগি থকা গাৰুখন নিকিতাই ঘৰৰ ছাদত লুকুৱাই থৈছিল, যিখন পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও তেওঁ ঘৰৰ চিচিটিভি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি সমগ্ৰ ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰিছিল। উল্লেখ্য যে ২০২৫ চনৰ নৱেম্বৰ মাহত সৌৰভ আৰু নিকিতাৰ বিবাহ হৈছিল যদিও বিবাহৰ পিছৰে পৰাই পৰিয়ালটোত অশান্তিয়ে বিৰাজ কৰিছিল।

পিতৃৰ অসুস্থতাৰ বাবে সৌৰভে ঘৰত চিচিটিভি কেমেৰা লগাইছিল যাতে বাহিৰৰ পৰাই তেওঁৰ ওপৰত চকু ৰাখিব পাৰে। শনিবাৰে দোকানত বহি মোবাইলত লাইভ ফুটেজ চাই থাকোঁতে সৌৰভে দেখে যে নিকিতাই তেওঁৰ অসুস্থ পিতৃৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হৈছে। বিপদৰ গোন্ধ পাই সৌৰভ লগে লগে ঘৰলৈ দৌৰি আহে যদিও তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। আৰক্ষীৰ সন্মুখত কান্দোনত ভাঙি পৰা সৌৰভে জনায় যে তেওঁৰ পত্নীয়ে অত্যন্ত নিষ্ঠুৰভাৱে দেউতাকক হত্যা কৰিছে। বৰ্তমান আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মৃতদেহটো ময়নাতদন্তৰ বাবে প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd