আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ মৃত্যুক লৈ নতুনকৈ আইনী যুঁজ আৰম্ভ হৈছে। এজন বিচাৰকৰ কেলেংকাৰীৰ বাবে পূৰ্বৰ বিচাৰ প্ৰক্ৰিয়াটো বাতিল কৰা হৈছিল যদিও প্ৰায় এবছৰৰ বিৰতিৰ পাছত এতিয়া পুনৰ নতুনকৈ এই বিচাৰ আৰম্ভ হৈছে। এই নতুন বিচাৰ কাৰ্যত প্ৰায় ১২০ জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব। মাৰাডোনাৰ মৃত্যুৰ বাবে তেওঁৰ চিকিৎসক দলটো প্ৰকৃততে দায়ী নেকি সেই বিষয়ে আকৌ এবাৰ ভালদৰে পৰীক্ষা কৰি চোৱা হ’ব।
উল্লেখ্য যে মাৰাডোনাৰ চিকিৎসাত অৱহেলা কৰি তেওঁক হত্যা কৰাৰ অভিযোগত যোৱা বছৰৰ মাৰ্চ মাহত সাতজন চিকিৎসকৰ বিচাৰ আৰম্ভ হৈছিল। অৱশ্যে অভিযুক্ত চিকিৎসকসকলে আৰম্ভণিৰে পৰাই এই অভিযোগ অস্বীকাৰ কৰি আহিছে। তেওঁলোকৰ মতে চিকিৎসাত কোনো ধৰণৰ গাফিলতি হোৱা নাছিল। কিন্তু যদি এই অভিযোগ আদালতত প্ৰমাণিত হয় তেন্তে চিকিৎসক দলৰ সদস্যসকলৰ ৮ৰ পৰা ২৫ বছৰলৈকে কাৰাদণ্ড হ’ব পাৰে।
২০২০ চনৰ নৱেম্বৰ মাহত ৬০ বছৰ বয়সত মাৰাডোনাৰ মৃত্যু হৈছিল। মগজুৰ অস্ত্ৰোপচাৰৰ মাত্ৰ দুই সপ্তাহৰ পাছতে হাৰ্ট ফেইলিউৰ আৰু হাঁওফাঁওত পানী জমা হোৱাৰ বাবে তেওঁ মৃত্যুক সাৱটি লৈছিল। অস্ত্ৰোপচাৰৰ পাছত আৰ্জেন্টিনাৰ টাইগ্ৰে চহৰত মাৰাডোনাৰ স্বাস্থ্যৰ বুজ লোৱা আৰু তেওঁক শুশ্ৰূষা কৰাৰ নামত চিকিৎসক দলে চৰম অৱহেলা কৰা বুলি চৰকাৰী পক্ষই অভিযোগ তুলিছে। আনহাতে বিবাদী পক্ষৰ উকীলসকলে দাবী কৰিছে যে মাৰাডোনা ড্ৰাগছ আৰু মদৰ নিচাত আসক্ত আছিল আৰু সেই স্বাভাৱিক কাৰণতে তেওঁৰ মৃত্যু ঘটিছে। ২০২৫ চনৰ মে’ মাহত আগৰ বিচাৰকাৰ্য বাতিল কৰাৰ মূল কাৰণ আছিল বিচাৰক হুলিয়েতা মাকিনতাখৰ বিৰুদ্ধে উঠা অভিযোগ। তেওঁ আদালতৰ ভিতৰত নিয়ম উলংঘা কৰি এটা তথ্যচিত্ৰৰ কামত জড়িত হৈছিল যাৰ বাবে তেওঁক পিছত বৰ্খাস্ত কৰা হয়। আশা কৰা হৈছে যে এই নতুন বিচাৰ প্ৰক্ৰিয়া অহা জুলাই মাহলৈকে চলিব পাৰে।
১৯৮৬ চনৰ বিশ্বকাপ বিজয়ী এই মহান খেলুৱৈগৰাকীৰ মৃত্যুত সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছিল। ক’ৰোনা মহামাৰীৰ সেই ভয়াৱহ পৰিৱেশৰ মাজতো লাখ লাখ আৰ্জেন্টিনাৰ লোকে ৰাজপথলৈ ওলাই আহি তেওঁক শেষ বিদায় জনাইছিল। ফুটবল জগতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত মাৰাডোনা বহু বছৰ ধৰি নিচাযুক্ত দ্ৰব্যৰ সৈতে যুঁজ দি আহিছিল। ইটালীৰ নেপোলি চহৰত খেলাৰ সময়ত তেওঁৰ আণ্ডাৰৱৰ্ল্ডৰ সৈতেও যোগাযোগ থকা বুলি বহুতে ক’ব খোজে। ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ কৰা এটা গ’লে সমগ্ৰ ক্ৰীড়া জগতত বিতৰ্কৰ সৃষ্টি কৰিছিল যিটো পাছত হেণ্ড অব গড নামেৰে জনাজাত হৈছিল। সেই একেখন মেচতে তেওঁ বিপক্ষৰ বহু কেইজন খেলুৱৈক চেৰ পেলাই যিটো দ্বিতীয় গ’ল দিছিল তাক ফুটবল ইতিহাসৰ অন্যতম যাদু বুলি ধৰা হয়। ২০০০ চনত ফিফাই তেওঁক ব্ৰাজিলৰ পেলেৰ সৈতে যুটীয়াভাৱে শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানেৰে সন্মানিত কৰিছিল।





