হাৰিয়ানাৰ ফৰিদাবাদত চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। ইয়াত এগৰাকী গৰ্ভৱতী মহিলাই চৰকাৰী চিকিৎসালয়ৰ পাৰ্কত ম‘বাইলৰ টৰ্চৰ পোহৰত সন্তান জন্ম দিবলৈ বাধ্য হয়। অভিযোগ অনুসৰি চিকিৎসালয়খনৰ মূল গেট বন্ধ আছিল আৰু চিকিৎসালয়ৰ ভিতৰলৈ যোৱাৰ পিছতো সময়মতে কোনো চিকিৎসা সাহায্য পোৱা হোৱা নাছিল। ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্বাস্থ্য বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে।
এই ঘটনাটো শনিবাৰে পুৱতি নিশা ফৰিদাবাদৰ চেক্টৰ-৩ ত থকা ৩০খন বিচনাযুক্ত ফাৰ্ষ্ট ৰেফাৰেল ইউনিট চিকিৎসালয়ত সংঘটিত হয়। মহিলাগৰাকীৰ নাম বলেশ আৰু তেওঁ বদোলি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ মতে, প্ৰসৱ বেদনা আৰম্ভ হোৱাত বলেশক নিশা প্ৰায় ১:৪০ বজাত চৰকাৰী চিকিৎসালয়খনলৈ অনা হৈছিল। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত তেওঁলোকে মূল গেটখন বন্ধ অৱস্থাত পায়। পৰিয়ালৰ লোকে বহু সময় ধৰি দৰ্জা খটখটাইছিল আৰু সহায়ৰ বাবে চিঞৰিছিল।
ইয়াৰ পিছত পৰিয়ালটোৱে চিকিৎসালয়ৰ পিছফালে থকা আন এখন গেট খোলা অৱস্থাত পায়। তাৰ পৰা ভিতৰলৈ যোৱাৰ পিছতো কোনো ডাক্তৰ, নাৰ্চ বা আন কৰ্মচাৰী তেওঁলোকক সহায় কৰিবলৈ নাহিল। এইখিনি সময়তে মহিলাগৰাকীৰ অৱস্থা দ্ৰুতগতিত বেয়া হ‘বলৈ ধৰে আৰু প্ৰসৱ প্ৰক্ৰিয়া আৰম্ভ হয়। উপায়হীন হৈ পৰিয়ালৰ লোকসকলে চিকিৎসালয় চৌহদৰ পাৰ্কতে ডেলিভাৰী কৰাবলগীয়া হয়। সমগ্ৰ প্ৰক্ৰিয়াটো ম‘বাইল ফোনৰ টৰ্চৰ পোহৰত কৰা হৈছিল।
বলেশে জনোৱা মতে তেওঁৰ স্বামী আৰু দেওৰেকে অবিৰতভাৱে সহায়ৰ বাবে চিঞৰি আছিল যদিও কোনো কৰ্মচাৰী নাহিল। যেতিয়ালৈকে কোনো সহায় আহি পাইছিল, তেতিয়ালৈকে সন্তানটিৰ জন্ম হৈ গৈছিল। দৰাচলতে বলেশৰ লগত অহা এগৰাকী মহিলাৰ প্ৰসৱ কৰোৱাৰ সামান্য অভিজ্ঞতা আছিল আৰু তেওঁৰ সহায়তেই সন্তানটিৰ জন্ম হয়। পিছত মাতৃ আৰু নৱজাতকক সেই একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয়।
জিলা উপ অসামৰিক শল্য চিকিৎসক ডাঃ ৰচনাই কয় যে মহিলাগৰাকী চিকিৎসালয়ত উপস্থিত হোৱাৰ কেইমিনিটমানৰ ভিতৰতে ডেলিভাৰী হৈছিল। নিশা অ‘পিডি গেট বন্ধ আছিল যদিও জৰুৰীকালীন অৱস্থাৰ বাবে আনখন গেট খোলা ৰখা হৈছিল। ঘটনাটোৱে তীব্ৰ ৰূপ লোৱাৰ পিছত হাৰিয়ানা স্বাস্থ্য বিভাগে তদন্তৰ নিৰ্দেশ দিয়ে। স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত এই তদন্ত কৰা হয়।
হাৰিয়ানা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক বীৰেন্দ্ৰ যাদৱে জানিবলৈ দিয়ে যে তদন্তত নিশাৰ ড্যুটীত থকা কৰ্মচাৰীৰ গুৰুতৰ অৱহেলা পোহৰলৈ আহিছে। তেওঁ কয় যে কৰ্তব্যত থকা কৰ্মচাৰী আৰু ষ্টাফ নাৰ্চ চিকিৎসালয়ত উপস্থিত নাছিল। ৰোগীৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰিবলৈ চেষ্টা কৰাৰ পিছতো কাকো পোৱা নগ‘ল। তদন্তৰ পিছত দুজন কৰ্মচাৰীক দোষী সাব্যস্ত কৰি নিলম্বন কৰা হৈছে। ইয়াৰ লগতে জৰুৰীকালীন ৰোগীৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে নিশা মূল পথৰ গেটখন খোলা ৰাখিবলৈ চিকিৎসালয় প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়া হৈছে।





