• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী চিকিৎসালয়ৰ বন্ধ গেট: ম’বাইলৰ পোহৰত চিকিৎসালয়ৰ পাৰ্কতে সন্তান জন্ম দিলে মহিলাই

by
May 17, 2026 1:35 pm
186
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ ফৰিদাবাদত চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। ইয়াত এগৰাকী গৰ্ভৱতী মহিলাই চৰকাৰী চিকিৎসালয়ৰ পাৰ্কত ম‘বাইলৰ টৰ্চৰ পোহৰত সন্তান জন্ম দিবলৈ বাধ্য হয়। অভিযোগ অনুসৰি চিকিৎসালয়খনৰ মূল গেট বন্ধ আছিল আৰু চিকিৎসালয়ৰ ভিতৰলৈ যোৱাৰ পিছতো সময়মতে কোনো চিকিৎসা সাহায্য পোৱা হোৱা নাছিল। ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্বাস্থ্য বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দুজন কৰ্মচাৰীক নিলম্বন কৰা হৈছে।

এই ঘটনাটো শনিবাৰে পুৱতি নিশা ফৰিদাবাদৰ চেক্টৰ-৩ ত থকা ৩০খন বিচনাযুক্ত ফাৰ্ষ্ট ৰেফাৰেল ইউনিট চিকিৎসালয়ত সংঘটিত হয়। মহিলাগৰাকীৰ নাম বলেশ আৰু তেওঁ বদোলি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকৰ মতে, প্ৰসৱ বেদনা আৰম্ভ হোৱাত বলেশক নিশা প্ৰায় ১:৪০ বজাত চৰকাৰী চিকিৎসালয়খনলৈ অনা হৈছিল। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত তেওঁলোকে মূল গেটখন বন্ধ অৱস্থাত পায়। পৰিয়ালৰ লোকে বহু সময় ধৰি দৰ্জা খটখটাইছিল আৰু সহায়ৰ বাবে চিঞৰিছিল।

Apply Now

ইয়াৰ পিছত পৰিয়ালটোৱে চিকিৎসালয়ৰ পিছফালে থকা আন এখন গেট খোলা অৱস্থাত পায়। তাৰ পৰা ভিতৰলৈ যোৱাৰ পিছতো কোনো ডাক্তৰ, নাৰ্চ বা আন কৰ্মচাৰী তেওঁলোকক সহায় কৰিবলৈ নাহিল। এইখিনি সময়তে মহিলাগৰাকীৰ অৱস্থা দ্ৰুতগতিত বেয়া হ‘বলৈ ধৰে আৰু প্ৰসৱ প্ৰক্ৰিয়া আৰম্ভ হয়। উপায়হীন হৈ পৰিয়ালৰ লোকসকলে চিকিৎসালয় চৌহদৰ পাৰ্কতে ডেলিভাৰী কৰাবলগীয়া হয়। সমগ্ৰ প্ৰক্ৰিয়াটো ম‘বাইল ফোনৰ টৰ্চৰ পোহৰত কৰা হৈছিল।

বলেশে জনোৱা মতে তেওঁৰ স্বামী আৰু দেওৰেকে অবিৰতভাৱে সহায়ৰ বাবে চিঞৰি আছিল যদিও কোনো কৰ্মচাৰী নাহিল। যেতিয়ালৈকে কোনো সহায় আহি পাইছিল, তেতিয়ালৈকে সন্তানটিৰ জন্ম হৈ গৈছিল। দৰাচলতে বলেশৰ লগত অহা এগৰাকী মহিলাৰ প্ৰসৱ কৰোৱাৰ সামান্য অভিজ্ঞতা আছিল আৰু তেওঁৰ সহায়তেই সন্তানটিৰ জন্ম হয়। পিছত মাতৃ আৰু নৱজাতকক সেই একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয়।

জিলা উপ অসামৰিক শল্য চিকিৎসক ডাঃ ৰচনাই কয় যে মহিলাগৰাকী চিকিৎসালয়ত উপস্থিত হোৱাৰ কেইমিনিটমানৰ ভিতৰতে ডেলিভাৰী হৈছিল। নিশা অ‘পিডি গেট বন্ধ আছিল যদিও জৰুৰীকালীন অৱস্থাৰ বাবে আনখন গেট খোলা ৰখা হৈছিল। ঘটনাটোৱে তীব্ৰ ৰূপ লোৱাৰ পিছত হাৰিয়ানা স্বাস্থ্য বিভাগে তদন্তৰ নিৰ্দেশ দিয়ে। স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত এই তদন্ত কৰা হয়।

হাৰিয়ানা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক বীৰেন্দ্ৰ যাদৱে জানিবলৈ দিয়ে যে তদন্তত নিশাৰ ড্যুটীত থকা কৰ্মচাৰীৰ গুৰুতৰ অৱহেলা পোহৰলৈ আহিছে। তেওঁ কয় যে কৰ্তব্যত থকা কৰ্মচাৰী আৰু ষ্টাফ নাৰ্চ চিকিৎসালয়ত উপস্থিত নাছিল। ৰোগীৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰিবলৈ চেষ্টা কৰাৰ পিছতো কাকো পোৱা নগ‘ল। তদন্তৰ পিছত দুজন কৰ্মচাৰীক দোষী সাব্যস্ত কৰি নিলম্বন কৰা হৈছে। ইয়াৰ লগতে জৰুৰীকালীন ৰোগীৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে নিশা মূল পথৰ গেটখন খোলা ৰাখিবলৈ চিকিৎসালয় প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়া হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd