ইজৰাইল আৰু আমেৰিকাই একেলগে ইৰাণৰ বিৰুদ্ধে যুঁজি আছে। আৰু এই যুদ্ধৰ ফলস্বৰূপে বিশ্ব অৰ্থনীতিত কোটি কোটি টকাৰ লোকচান হৈছে। ভাৰততো এই যুদ্ধই প্ৰভাৱ পেলাইছে। দেশৰ অৰ্থনীতিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে।
এইবাৰ যুদ্ধৰ প্ৰভাৱ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰিয়ালতো দেখা গৈছে। কোটি কোটি টকাৰ লোকচান হৈছে গাডকাৰী পৰিয়ালৰ। ৪০০ কন্টেইনাৰ কল আৰু ২০০ কন্টেইনাৰ আপেল পচি গৈছে। এই কথা নিজেই জনাইছে নীতিন গাডকাৰীয়ে।
প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰিয়ালে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। মধ্যপ্ৰাচ্য, আমেৰিকা আৰু ইৰাণত চলি থকা উত্তেজনা আৰু যুদ্ধ পৰিস্থিতিৰ বাবে তেওঁৰ পৰিয়ালৰ শ শ কণ্টেইনাৰ আবদ্ধ হৈ পৰিছে, যাৰ ফলত কোটি কোটি টকাৰ লোকচান হৈছে বুলি খোদ নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে।
নাগপুৰৰ এক অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয়, মই চেনিৰে ডিটাৰজেন্ট বনাওঁ, মোৰ বোৱাৰীয়ে এই কাম চোৱাচিতা কৰে। আগতে প্ৰায় ১০০ টা ডিটাৰজেণ্টৰ কন্টেইনাৰ আমেৰিকালৈ গৈছিল যদিও যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কন্টেইনাৰবোৰ যোৱা বন্ধ হৈ গ’ল, ব্যৱসায়টো ধ্বংস হৈ গ’ল। তাৰ পিছত স্থানীয় বজাৰত বিক্ৰী কৰিবলৈ ধৰো আৰু বহুত সংগ্ৰাম কৰিছো।
গাডকাৰীয়ে লগতে কয় যে তেওঁৰ পুত্ৰৰ ইৰাণৰ সৈতে এটা ডাঙৰ ব্যৱসায় আছে। ভাৰতৰ পৰা কল ৰপ্তানি কৰা হৈছিল, আৰু ইৰাণৰ পৰা আপেল আমদানি কৰা হৈছিল। যুদ্ধ আৰম্ভ হোৱাৰ পিছত সৰবৰাহ ব্যৱস্থা সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰে। ফলত ৪০০ কন্টেইনাৰ কল পচি যোৱাৰ লগতে ২০০ কন্টেইনাৰ আপেল নষ্ট হৈ গৈছে। বীমা কোম্পানীসমূহে বীমা দিবলৈ অনিচ্ছুক।
গডকাৰীয়ে কয় যে প্ৰত্যাহ্বান প্ৰতিটো ব্যৱসায়ৰ এটা অংশ। উদ্যোগ ক্ষেত্ৰত উত্থান-পতন থাকে, সেয়ে উদ্যোগীসকলে ইতিবাচক মানসিকতা আৰু আত্মনিৰ্ভৰশীলতাৰে আগবাঢ়ি যোৱা উচিত।





