অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক সময়মতে পেঞ্চন প্ৰদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেঞ্চনৰ ফাইল প্ৰস্তুত কৰাত কোনো বিষয়াই পলম কৰিলে এতিয়াৰে পৰা তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহাৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। চৰকাৰৰ এই নতুন নিৰ্দেশনা অনুসৰি, পেঞ্চন প্ৰক্ৰিয়াকৰণত গাফিলতি কৰা বিষয়াৰ দৰমহাৰ পৰা প্ৰতিদিনে আঢ়ৈশ টকাকৈ সৰ্বোচ্চ পাঁচ হাজাৰ টকা পৰ্যন্ত জৰিমনা কৰ্তন কৰা হ’ব।
এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে আৰু সেয়েহে তেওঁলোকে উপযুক্ত সন্মান তথা মৰ্যাদাৰে সময়মতে পেঞ্চন লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰী। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কৰ্মচাৰীসকলক সময়মতে পেঞ্চন প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰে এক জবাবদিহিতাৰ কঠোৰ ব্যৱস্থা কাৰ্যকৰী কৰিছে আৰু গাফিলতিৰ বাবে দায়ী বিষয়াসকলক এই জৰিমনা বিহা হ’ব। প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ পিছতো পেঞ্চনৰ কাম সম্পূৰ্ণ নহ’লে বিভাগীয় মুৰব্বীসকলৰ ওপৰত জৰিমনা আৰোপ কৰা হ’ব।
নতুন নিৰ্দেশনাৱলী অনুসৰি, পলম হোৱা পেঞ্চনৰ ফাইলসমূহৰ এখন মাহেকীয়া তালিকা ‘কৃতজ্ঞতা’ পৰ্টেলৰ জৰিয়তে প্ৰস্তুত কৰা হ’ব আৰু এই তালিকা সংশ্লিষ্ট বিভাগ, জিলা আয়ুক্ত তথা জ্যেষ্ঠ বিষয়াসকললৈ নিৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ বিভিন্ন পৰ্যায়ত দায়ী বুলি প্ৰমাণিত হোৱা বিষয়াৰ পৰা প্ৰতিদিনে ২৫০ টকা হাৰত আৰ্থিক জৰিমনা আদায় কৰা হ’ব, যিটো সৰ্বোচ্চ ৫,০০০ টকা পৰ্যন্ত হ’ব পাৰে। এই জৰিমনাৰ ধনৰাশি ‘ফাইনআসাম’ (FinAssam) পৰ্টেলৰ জৰিয়তে সংশ্লিষ্ট বিষয়াৰ দৰমহাৰ বিলৰ পৰা পোনে পোনে কৰ্তন কৰা হ’ব। চৰকাৰে ধন আহৰণ আৰু বিতৰণকাৰী বিষয়াসকলক এই ধন ঘূৰাই অনাৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ আৰু কৰ্তনৰ সবিশেষ সংশ্লিষ্ট বিভাগক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
এই নতুন ব্যৱস্থাই ২০০৩ চনত চৰকাৰে জাৰি কৰা পূৰ্বৰ নিৰ্দেশনাসমূহকো অধিক শক্তিশালী কৰিব। পূৰ্বৰ নিৰ্দেশনা অনুসৰি, অৱসৰ গ্ৰহণৰ দুবছৰৰ আগতেই পেঞ্চনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু অৱসৰৰ তাৰিখৰ কমেও ছমাহ পূৰ্বে সম্পূৰ্ণ হোৱা পেঞ্চনৰ নথি-পত্ৰ জমা দিব লাগে। পেঞ্চন লাভত পলম হোৱাৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে সন্মুখীন হোৱা দুৰ্দশাৰ কথা স্মৰণ কৰাই দিয়াৰ লগতে প্ৰশাসনিক গাফিলতিৰ বাবে চৰকাৰে সুদৰ ধন ভৰিবলগীয়া হ’ব পাৰে বুলিও পূৰ্বৰ কাৰ্যালয় স্মাৰকপত্ৰত সকীয়াই দিয়া হৈছিল। পেঞ্চন প্ৰক্ৰিয়াৰ সময়সীমা কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ আৰু প্ৰশাসনিক জবাবদিহিতা বৃদ্ধি কৰিবলৈ জাৰি কৰা এই নিৰ্দেশনাৱলী তৎকালীনভাৱে বলৱৎ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।





