• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক হাৰাশাস্তি কৰিলে ভৰিব লাগিব ধন! পেঞ্চন প্ৰদানত পলম হ’লে বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ’ব জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 10:23 am
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক সময়মতে পেঞ্চন প্ৰদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। পেঞ্চনৰ ফাইল প্ৰস্তুত কৰাত কোনো বিষয়াই পলম কৰিলে এতিয়াৰে পৰা তেওঁলোকৰ বিৰুদ্ধে জৰিমনা বিহাৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। চৰকাৰৰ এই নতুন নিৰ্দেশনা অনুসৰি, পেঞ্চন প্ৰক্ৰিয়াকৰণত গাফিলতি কৰা বিষয়াৰ দৰমহাৰ পৰা প্ৰতিদিনে আঢ়ৈশ টকাকৈ সৰ্বোচ্চ পাঁচ হাজাৰ টকা পৰ্যন্ত জৰিমনা কৰ্তন কৰা হ’ব।

এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে আৰু সেয়েহে তেওঁলোকে উপযুক্ত সন্মান তথা মৰ্যাদাৰে সময়মতে পেঞ্চন লাভ কৰাৰ সম্পূৰ্ণ অধিকাৰী। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কৰ্মচাৰীসকলক সময়মতে পেঞ্চন প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰে এক জবাবদিহিতাৰ কঠোৰ ব্যৱস্থা কাৰ্যকৰী কৰিছে আৰু গাফিলতিৰ বাবে দায়ী বিষয়াসকলক এই জৰিমনা বিহা হ’ব। প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ পিছতো পেঞ্চনৰ কাম সম্পূৰ্ণ নহ’লে বিভাগীয় মুৰব্বীসকলৰ ওপৰত জৰিমনা আৰোপ কৰা হ’ব।

Apply Now

নতুন নিৰ্দেশনাৱলী অনুসৰি, পলম হোৱা পেঞ্চনৰ ফাইলসমূহৰ এখন মাহেকীয়া তালিকা ‘কৃতজ্ঞতা’ পৰ্টেলৰ জৰিয়তে প্ৰস্তুত কৰা হ’ব আৰু এই তালিকা সংশ্লিষ্ট বিভাগ, জিলা আয়ুক্ত তথা জ্যেষ্ঠ বিষয়াসকললৈ নিৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব। পেঞ্চন প্ৰক্ৰিয়াকৰণৰ বিভিন্ন পৰ্যায়ত দায়ী বুলি প্ৰমাণিত হোৱা বিষয়াৰ পৰা প্ৰতিদিনে ২৫০ টকা হাৰত আৰ্থিক জৰিমনা আদায় কৰা হ’ব, যিটো সৰ্বোচ্চ ৫,০০০ টকা পৰ্যন্ত হ’ব পাৰে। এই জৰিমনাৰ ধনৰাশি ‘ফাইনআসাম’ (FinAssam) পৰ্টেলৰ জৰিয়তে সংশ্লিষ্ট বিষয়াৰ দৰমহাৰ বিলৰ পৰা পোনে পোনে কৰ্তন কৰা হ’ব। চৰকাৰে ধন আহৰণ আৰু বিতৰণকাৰী বিষয়াসকলক এই ধন ঘূৰাই অনাৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ আৰু কৰ্তনৰ সবিশেষ সংশ্লিষ্ট বিভাগক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

এই নতুন ব্যৱস্থাই ২০০৩ চনত চৰকাৰে জাৰি কৰা পূৰ্বৰ নিৰ্দেশনাসমূহকো অধিক শক্তিশালী কৰিব। পূৰ্বৰ নিৰ্দেশনা অনুসৰি, অৱসৰ গ্ৰহণৰ দুবছৰৰ আগতেই পেঞ্চনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু অৱসৰৰ তাৰিখৰ কমেও ছমাহ পূৰ্বে সম্পূৰ্ণ হোৱা পেঞ্চনৰ নথি-পত্ৰ জমা দিব লাগে। পেঞ্চন লাভত পলম হোৱাৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে সন্মুখীন হোৱা দুৰ্দশাৰ কথা স্মৰণ কৰাই দিয়াৰ লগতে প্ৰশাসনিক গাফিলতিৰ বাবে চৰকাৰে সুদৰ ধন ভৰিবলগীয়া হ’ব পাৰে বুলিও পূৰ্বৰ কাৰ্যালয় স্মাৰকপত্ৰত সকীয়াই দিয়া হৈছিল। পেঞ্চন প্ৰক্ৰিয়াৰ সময়সীমা কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ আৰু প্ৰশাসনিক জবাবদিহিতা বৃদ্ধি কৰিবলৈ জাৰি কৰা এই নিৰ্দেশনাৱলী তৎকালীনভাৱে বলৱৎ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd